অসম

assam

গোলাঘাটত বাঢ়নী পানীত উটি গ'ল এজন - Assam Flood 2024

By ETV Bharat Assamese Team

Published : Aug 1, 2024, 10:17 PM IST

গোলাঘাটত বাঢ়নি পানীত উটি গ'ল এজন (ETV Bharat Assam)

গোলাঘাট,১ জুলাই: বানে পুনৰ ভয়াবহ ৰূপ ধাৰণ কৰিছে গোলাঘাটত । পুনৰ গোলাঘাটৰ দ-বৰাহী গাঁৱত খাৰজান নদীত সন্ধানহীন এজন লোক । ম'হ চৰাবলৈ গৈ নদীৰ পৰা মেটেকা সংগ্ৰহ কৰিবলৈ চেষ্টা কৰোতে নদীৰ বুকুত সন্ধানহীন হয় নিৰ্মল বৰা নামৰ ৫০ উৰ্ধৰ লোকজন । উক্ত ঘটনা সম্পৰ্কে গোলাঘাট এছ ডি আৰ এফ বাহিনীক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে যদিও বৰ্তমানেও উদ্ধাৰ হোৱা নাই লোকজন ।  

আনহাতে বৃহত্তৰ মৰঙী মৌজাৰ বানৰ কবলত পৰা দুৰ্গতৰ কাষত থিয় দিছে যুৱ নেতা প্ৰিয়াংদীপ কাকতী । বুধবাৰৰ পৰা ধনশিৰি নদীৰ জলস্তৰ বৃদ্ধি পোৱাত বানৰ কবলত পৰে গোলাঘাট জিলাৰ মৰঙী মৌজাৰ দুখুঁটিমুখ অঞ্চলৰ ৫০ টাৰো অধিক পৰিয়াল । জিলা প্ৰশাসনে এছ ডি আৰ এফৰ সহযোগত বানপানীৰ কৱলত পৰা লোকসকলক উদ্ধাৰ কৰি আশ্ৰয় শিবিৰত থকাৰ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও খোৱাপানী আৰু খাদ্য সামগ্ৰী যোগান ধৰাত কিছু পলম হোৱা দেখি এইসকল বানাক্ৰান্ত ৰাইজৰ কাষত থিয় দিছে মৰঙি অঞ্চলৰ বিজেপি দলৰ যুৱনেতা প্ৰিয়াংদীপ কাকতী । 

লগতে পঢ়ক: বানে প্ৰাণ ল'লে শিশুৰ, বাঢ়নী পানীত অচিনাক্ত যুৱতীৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য - Assam Flood 2024

চন্দ্ৰপুৰত আবদ্ধ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত উটি অহা বন্যহস্তী - Assam Flood 2024

ABOUT THE AUTHOR

...view details