অসমৰ ১২বিধ সামগ্রীক প্ৰদান কৰা জি আই টেগে থলুৱা শিল্পীক প্ৰেৰণা যোগাব:কেশৱ মহন্ত - Unique Cultural Symbols OF Assam - UNIQUE CULTURAL SYMBOLS OF ASSAM
Published : Mar 31, 2024, 7:59 PM IST
কলিয়াবৰ, ৩১ মার্চঃ ৰঙালী বিহুৰ প্ৰাকক্ষণত অসমবাসীয়ে লাভ কৰিলে সু-খবৰ । এবিধ-দুবিধ নহয় অসমৰ ১২ বিধকৈ সামগ্ৰীয়ে লাভ কৰিলে ভৌগোলিক স্বীকৃতি । জিঅ'গ্রাফিকেল ইণ্ডিকেশ্যন ৰেজিষ্ট্ৰীয়ে অসমৰ ১২ বিধকৈ সামগ্ৰীক জি আই টেগ প্ৰদান কৰাত উৎফুল্লিত হৈ পৰিছে ৰাজ্য়বাসী । আজি কলিয়াবৰত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি স্বাস্থ্য় মন্ত্ৰী কেশৱ মহন্তই কয় যে এই স্বীকৃতিৰ দ্বাৰা থলুৱা শিল্প আৰু শিল্পীয়ে প্ৰেৰণা লাভ কৰিব ।
স্বাস্থ্য় মন্ত্ৰী কেশৱ মহন্তই পুনৰ কয় যে অসমৰ থলুৱা সামগ্ৰীয়েই বিশ্ববাসীক এই স্বীকৃতিৰ দ্বাৰা আকৰ্ষিত কৰিব । উল্লেখ্য় যে জিঅ'গ্রাফিকেল ইণ্ডিকেশ্যন ৰেজিষ্ট্ৰীয়ে প্ৰদান কৰা অসমৰ ১২ বিধকৈ সামগ্ৰী হৈছে সৰ্থেবাৰীৰ কাঁহ শিল্পৰ লগতে পানী মেটেকাৰ পৰা নিৰ্মিত সামগ্ৰী, ঢোল, মিচিং তাঁত শিল্প, আশাৰীকান্দিৰ টেৰাকোটা শিল্প, জাপি শিল্প, জঠা, গগনা, খাম, ছেৰজা, চিফুঙ আৰু খাৰদ্বি।