অসম

assam

ETV Bharat / videos

বজ্ৰ পৰি পাঁচটা গৰুৰ কৰুণ মৃত্যু - Rain and lightning in dhemaji

By ETV Bharat Assamese Team

Published : Apr 24, 2024, 5:05 PM IST

জোনাই, ২৪ এপ্ৰিল : ধেমাজি জিলাৰ জোনাইৰ লম্বা চাপৰিত শোকাৱহ অঘটন ৷ গোহালিত বজ্ৰ পৰি পাঁচটা গৰুৱে কৰুণ মৃত্যুক সাৱটি লয় ৷ বুধবাৰে পুৱতি নিশা জোনাই মহকুমাৰ অন্তৰ্গত চিমেন চাপৰিৰ লম্বা চাপৰিত সংঘটিত হৈছে এই ঘটনা ৷

জানিব পৰা মতে জোনাইৰ লম্বা চাপৰিত বুধবাৰে পুৱতি নিশা প্ৰায় ডেৰ বজাত সঞ্জীৱ পেগু নামৰ এজন গো-পালকৰ গোহালিৰ সোঁমাজত থকা ভলুকা বাঁহৰ খুঁটাত বজ্ৰ পৰে ৷ ফলত থিতাতে মৃত্যু হয় গোহালিত বান্ধি থোৱা পাঁচটাকৈ গৰুৰ ৷

এই ঘটনাৰ পিচতে পৰিয়ালটোত হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে ৷ গো-পালনেৰে কোনোমতে পৰিয়াল পোহপাল দি আছিল সঞ্জীৱ পেগুৱে ৷ হঠাৎ এনেদৰে পাঁচটাকৈ পশুধন বজ্ৰ পৰি মৃত্যু হোৱাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে দুৰ্ভগীয়া পৰিয়ালটোৰ ঘৰত ৷

ইফালে মৃত পশুধনকেইটা স্থানীয় গো-পালকৰ সহায়ত এটা এটা কৰি লালী নদীত উটুৱাই দিয়ে সঞ্জীৱ পেগুৱে ৷

লগতে পঢ়ক: ৩০ খন বিচনাযুক্ত আজাৰা গ্ৰাম্য চিকিৎসালয়ত অগ্নিকাণ্ড - Fire breaks out in Azara FRU

ABOUT THE AUTHOR

...view details