গুৱাহাটীৰ পৰা চেৰাপুঞ্জীলৈ চাইকেল ৰেলী - Guwahati to Cherrapunji Cycle rally - GUWAHATI TO CHERRAPUNJI CYCLE RALLY
Published : Aug 21, 2024, 7:39 PM IST
গুৱাহাটী,২১ আগষ্ট: সাংবাদিকৰ সামাজিক সুৰক্ষাৰ পোষকতা আৰু জলবায়ুৰ নীৰৱতাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ উদ্দেশ্যে গুৱাহাটীৰ পৰা চেৰাপুঞ্জীলৈ 'লেটচ পেডেল'এ উলিয়াইছে এক চাইকেল ৰেলী । মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱৰ পৰা প্রতীকীভাৱে এই ৰেলী ফ্লেগ অফ কৰা হয় । ফ্লেগ অফ কৰে গুৱাহাটীৰ বাইচাইকেল মেয়ৰ তথা বিশিষ্ট চাইক্লিষ্ট আৰ্ছেল আখতাৰে ।
'লেটচ পেডেল'ৰ প্রতিষ্ঠাপক সদস্য স্নেহাংকৰ চক্ৰৱৰ্তীয়ে কয়, "গুৱাহাটীৰ গণেশগুৰিৰ পৰা চেৰাপুঞ্জীলৈ চাৰিজনীয়া চাইকেল ৰেলী বৃহস্পতিবাৰে আৰম্ভ হ'ব । এই চাইকেল ৰেলীৰ লক্ষ্য হৈছে 'জলবায়ু নীৰৱতা'ৰ লগতে সাংবাদিকসকলৰ সামাজিক সুৰক্ষাৰ গুৰুত্বপূৰ্ণ বিষয়টোৰ বিষয়ে সজাগতা সৃষ্টি কৰা । চাৰিজনীয়া সদস্যৰে উলিওৱা চাইকেল ৰেলীত অহা-যোৱা মিলি দুৰত্ব প্ৰায় ২৫০ কিল'মিটাৰ হ'ব । এসপ্তাহৰ ভিতৰত এই ৰেলী শেষ কৰাৰ লক্ষ্য লোৱা হৈছে । মোৰ লগতে ৰশ্মি গগৈ ,ৰামবাবু ঠাকুৰ, শান্তনু মৰাণে অংশগ্ৰহণ কৰিব ।"
প্রতীকীভাৱে এই ৰেলী ফ্লেগ অফ কৰি গুৱাহাটীৰ বাইচাইকেল মেয়ৰ তথা বিশিষ্ট চাইক্লিষ্ট আৰ্ছেল আখতাৰে কয় ,"সাংবাদিকৰ সামাজিক সুৰক্ষাৰ পোষকতা আৰু জলবায়ুৰ নীৰৱতাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই ৰেলী আয়োজন কৰা হৈছে । শুভেচ্ছা থাকিল ।"