অসম

assam

তেল অন্বেষণকাৰী কোম্পানীৰ ৰাসায়নিকে নষ্ট কৰিছে কৃষিভূমি - Oil Exploration Company

By ETV Bharat Assamese Team

Published : Sep 2, 2024, 6:52 PM IST

তেল অন্বেষণ কোম্পানী (ETV Bharat Assam)

যোৰহাট, ২ছেপ্টেম্বৰ: যোৰহাট জিলাৰ মৰিয়নীত তেল অন্বেষণ কোম্পানীৰ বৰ্জ্য় ৰাসায়নিকে কৃষিভূমিৰ বিস্তৰ ক্ষতিসাধন কৰাৰ লগতে জনজীৱনলৈ কঢ়িয়াই আনিছে চৰম ভাবুকি । বেদান্ত গ্ৰুপৰ নামৰ বহিৰাগত এটা তেল অন্বেষণ কোম্পানীৰ বিষয়া-কৰ্মচাৰীৰ মইমতালিৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে ৰাইজে । ভুক্তভোগী ৰাইজে এইক্ষেত্ৰত উপযুক্ত ব্য়ৱস্থা গ্ৰহণ কৰিব লাগে বুলি দীৰ্ঘদিনৰ পৰা দাবী জনাই আহিছে যদিও কোম্পানীটোৱে কোনো সহাৰি নজনোৱাত সোমবাৰে ক্ষুব্ধ ৰাইজে দিলে হুংকাৰ ।

ৰাইজৰ অভিযোগ অনুসৰি তেল অন্বেষণকাৰী প্ৰতিষ্ঠানৰ পৰা নিৰ্গত ৰাসায়নিক পদাৰ্থ পানীত মিহলি হোৱাত সজাল ধৰা কৃষি পথাৰ নষ্ট কৰিছে । ৰাসায়নিকযুক্ত পানী কৃষিপথাৰৰ লগতে বাৰী-পুখুৰীত মিহলি হোৱাত এই পানী ব্যৱহাৰ কৰাত বহু কেইখন গাঁৱৰ ৰাইজ চৰ্মৰোগত আক্ৰান্ত হৈছে । এই সন্দৰ্ভত মৰিয়নীৰ ৰাইজে তেল অন্বেষণকাৰী কোম্পানী বেদান্ত গ্ৰুপক বাৰে বাৰে অৱগত কৰি অহা পিছতো আজিকোপতি কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাত উপায়ন্তৰ হৈ ভুক্তভোগী ৰাইজ ওলাই আহিল ৰাজপথলৈ ।  

অহা ২৪ ঘন্টাৰ ভিতৰত সমস্যা সমাধান নকৰিলে বেদান্ত গ্ৰুপৰ অধীনত থকা তেলখাদৰ লগতে তেওঁলোকৰ অন্য প্ৰতিষ্ঠানসমূহত তলা মাৰি দিয়াৰ সকীয়নি প্ৰদান কৰিছে ৰাইজে । উল্লেখ্য যে প্ৰতিষ্ঠানটোৱে তেল অন্বেষণ কৰাৰ নামত জধে-মধে খনন কৰাত ঠায়ে ঠায়ে ১৪-১৫ ফুট পৰ্যন্ত গাতৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক:পুনৰ এবাৰ আইৰ মুখৰ ভাষাক অপমান : অসমীয়াত আবেদন লিখিলে গ্ৰহণ নকৰে অ'এন জি চিৰ বিষয়াই - Allegation against ONGC officials

ভাদ মাহতো পথাৰত নাই পানী,মূৰে-কঁপালে হাত দিছে কৃষকে - Water Crisis In Paddy Field

ABOUT THE AUTHOR

...view details