আমাৰ কাৰণে কৰ্মই ধৰ্ম: ভৱেশ কলিতা - Namaz Break of Assam Assembly - NAMAZ BREAK OF ASSAM ASSEMBLY
Published : Aug 30, 2024, 8:58 PM IST
গুৱাহাটী,৩০ আগষ্ট: "নিয়মবোৰ সকলোৰে বাবে সমান হৈ থাকিব লাগে । কাৰোবাৰ বাবে শুকুৰবাৰ, কাৰোবাৰ বাবে বৃহস্পতিবাৰ বন্ধ হৈ থাকিব নালাগে । যিহেতু আমাৰ দেওবাৰ বন্ধৰ দিন হিচাপেই আছে ।" - এই মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি তথা বিধায়ক ভৱেশ কলিতাৰ । অসম বিধানসভাৰ শৰৎকালীন অধিবেশনৰ শুকুৰবাৰৰ দিনটোত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । বিধানসভাৰ অধিৱেশনৰ সময়ত শুকুৰবাৰে দিনৰ ভাগত ইছলাম ধৰ্মীয় বিধায়কসকলৰ জুম্মাৰ নামাজৰ বাবে থকা বিৰতিৰ ব্যৱস্থা বিলুপ্ত কৰা হৈছে । বৃটিছৰ দিনৰ পৰা চলি অহা নামাজৰ এই বিৰতি পৰৱৰ্তী অধিৱেশনৰ পৰা নাথাকিব ।
বিধানসভাৰ এই ডাঙৰ সিদ্ধান্ত সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভৱেশ কলিতাই কয়, "নিয়ম সকলোৰে বাবে একে হ'ব লাগে । এই ব্যৱস্থা থাকিলে আমাকো বৃহস্পতিবাৰে, আমাৰ বাইদেউসকলক সোমবাৰে বন্ধ দিয়ক । তেওঁলোকে সোমবাৰে শিৱ মন্দিৰবলৈ যায়, কোনোবা মঙলবাৰে হনুমান মন্দিৰলৈ যায়, কোনোবা শনিবাৰে শনি মহাৰাজক পূজা কৰিবলৈ যায় । এনেকৈ থাকিলে ৱৰ্কিং ডে'ত কোনো নাথাকিব । মই ভাবো সকলোৱে কাম কৰক । আমাৰ কাৰণে কৰ্মই ধৰ্ম । মই যদি বৃহস্পতিবাৰে গৈ নামঘৰত বহি থাকো তেন্তে মোৰ কাম কোনে কৰিব ? ঠিক তেনেকৈ মই মঙলবাৰে হনুমান চালিছা পঢ়ি থাকো, সোমবাৰে মই 'সত্যম শিৱম সুন্দৰম' কৈ থাকো তেন্তে কাম কেনেকৈ হ'ব । যিসকল সন্মানীয় ব্যক্তি আছে তেওঁলোকে পুৱা নামাজ পঢ়ি আহিব, গধূলিৰ নামজো পঢ়িব ।" উল্লেখ্য যে শাসক পক্ষৰ ফালৰ পৰা এই সিদ্ধান্ত সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰা হৈছে বুলি কোৱা হৈছে যদিও বিৰোধীৰ কেইবাজনো ইছলাম ধৰ্মীয় বিধায়কে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে ।