অসম

assam

স্মাৰ্ট মিটাৰৰ পৰা পৰিত্ৰাণ পাবলৈ ঘোষা গাই জনালে সেৱা - Smart Electricity Meter

By ETV Bharat Assamese Team

Published : Aug 30, 2024, 7:24 PM IST

স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী (ETV Bharat Assam)

যোৰহাট,৩০ আগষ্ট: স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী অব্য়াহত । ইয়াৰ মাজতেই তিতাবৰ অসম চাহ জনজাতি ছাত্ৰ সন্থাই সাব্য়স্ত কৰিলে অভিনৱ প্ৰতিবাদ । প্ৰতিবাদকাৰীসকলে স্মাৰ্ট মিটাৰৰ পৰা পৰিত্ৰাণ পাবলৈ আগলি কলপাতত ধূপ-চাকি জ্বলাই এ পি ডি চি এলৰ বিষয়াৰ সুমতি কামনাৰে জুৰিলে ঘোষা ।

গুৰুজনাৰ ঘোষা গাই অসম চাহ জনজাতি ছাত্ৰ সন্থাই তিতাবৰ এ পি ডি চি এলৰ কাৰ্যালয়ত কৰিলে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে এই ব্য়তিক্ৰমী প্ৰতিবাদ । স্মাৰ্ট মিটাৰৰ অত্যধিক মাচুলৰ পৰা পৰিত্ৰাণ পাবলৈ এইদৰে প্ৰতিবাদ জনায় । প্ৰতিবাদকাৰীসকলে পূৰ্বৰ মেনুৱেল মিটাৰ স্থাপন কৰিবলৈ দাবী জনায় । এই প্ৰসংগত প্ৰতিবাদী ছাত্রনেতা এজনে কয়," দিন হাজিৰা কৰি খোৱা দৰিদ্ৰ ৰাইজে স্মাৰ্ট মিটাৰৰ মাচুল পৰিশোধ কৰিবলৈ যাওঁতে পেটত গামোচা মাৰিবলগীয়া পৰিস্থিতি আহি পৰিছে । কাৰণ অত্যধিক হাৰত খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জনসাধাৰণক জুৰুলা কৰাৰ সমান্তৰালভাৱে এতিয়া স্মাৰ্ট মিটাৰে শোষণ কৰিছে সৰ্বসাধাৰণ ৰাইজৰ লগতে চাহ শ্ৰমিক ৰাইজক ।"

ৰাজ্যজুৰি স্মাৰ্ট মিটাৰৰ লুণ্ঠনৰ বিৰুদ্ধে প্ৰতিবাদ চলি থকাৰ সময়তে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰি তিতাবৰৰ এ পি ডি চি এলৰ অভিযন্তাৰ জৰিয়তে শক্তিমন্ত্ৰী নন্দিতা গার্লোচালৈ এক স্মাৰকপত্ৰ প্ৰেৰণ কৰে অসম চাহ জনজাতি ছাত্র সন্থাই ।

লগতে পঢ়ক:গৌৰীসাগৰত প্ৰি প্ৰেইড স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে কৃষক মুক্তিৰ প্ৰতিবাদ - Protest against smart meters

প্ৰতিবাদ অব্যাহত, স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত তীব্ৰ প্ৰতিবাদ কংগ্ৰেছৰ - Smart Electricity Meter

ABOUT THE AUTHOR

...view details