অসম

assam

মাজুলীত নিশা আৰক্ষীক ৰাইজে জবাবদিহি কৰিলে কিয় ? - Assam police

By ETV Bharat Assamese Team

Published : Jun 21, 2024, 6:30 PM IST

অতিৰিক্ত ধন সংগ্ৰহক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি (ETV BHARAT ASSAM)

মাজুলী, ২১ জুন : বাইক আৰোহীৰ পৰা জৰিমনা বিহাৰ নামত মাজুলীত গৃহ বিভাগৰ নাক কাটিলে গড়মূৰ আৰক্ষীয়ে । মাজুলী জিলাৰ গড়মূৰত বৃহস্পতিবাৰে সন্ধিয়া আৰক্ষীয়ে জৰিমনা বিহাৰ নামত অতিৰিক্ত ধন সংগ্ৰহক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । ভুক্তভোগীয়ে উত্থাপন কৰা অভিযোগ অনুসৰি থানাৰ সন্মুখত আৰক্ষীয়ে বাইক আৰোহীৰ পৰা সংগ্ৰহ কৰিলে অতিৰিক্ত ধন । কিন্তু এই ধন সংগ্ৰহৰ নামত আৰক্ষীয়ে বাইক আৰোহীক যি জৰিমনা বিহে তাৰ বিপৰীতে দিয়া ৰছিদত ইয়াৰ পৰিমাণ কমকৈ দেখুৱায় ।

একাংশ ভুক্তভোগীয়ে আৰক্ষীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয় যে জৰিমনাৰ নামত ১০০০ টকাকৈ সংগ্ৰহ কৰে যদিও তেওঁলোকক ৫০০ টকাৰহে ৰছিদ দিয়ে । ইয়াৰ পিচতেই ঘটনাস্থলীত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । আৰক্ষীয়ে ভুলক্ৰমে এই ধন সংগ্ৰহ কৰা বুলি মন্তব্য় কৰে যদিও ভুক্তভোগীয়ে বিষয়টো জিলা আৰক্ষী অধীক্ষকৰ হস্তক্ষেপ বিচাৰে ।

লগতে পঢ়ক:ASP পাৰ্থ প্ৰতিম শইকীয়াৰ বিৰুদ্ধে দুৰ্ব্যৱহাৰৰ অভিযোগ কংগ্ৰেছৰ - congress allegation against police

সুৰাপান কৰি গাড়ী চলাই জৰিমনা ভৰিলে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ গাড়ীৰ চালকে - Drink and drive

 

ABOUT THE AUTHOR

...view details