অসম

assam

ETV Bharat / videos

ডিব্ৰুগড়ত ইন্টাৰনেশ্যনেল কনফাৰেন্স এণ্ড গেডাৰিং অব ইলডাৰছৰ অধিৱেশনত RSS প্ৰধান মোহন ভাগৱতে

By ETV Bharat Assamese Team

Published : Jan 28, 2024, 12:40 PM IST

ডিব্ৰুগড়, 28 জানুৱাৰী : বিশ্বৰ প্ৰাচীন সংস্কৃতিসমূহ ৰক্ষাৰ উদ্দেশ্যেৰে দেওবাৰৰ পৰা ডিব্ৰুগড়ত ইন্টাৰনেশ্যনেল চেন্টাৰ ফৰ কালচাৰ ষ্টাডিছ (International Center for Cultural Studies)ৰ উদ্যোগত আয়োজন কৰা হৈছে ‘ইন্টাৰনেশ্যনেল কনফাৰেন্স এণ্ড গ্ৰেটাৰিং অব ইলডাৰছ’ শীর্ষক এই কাৰ্যসূচী ৷ 

দেওবাৰৰ পৰা পাঁচদিনীয়াকৈ ডিব্ৰুগড় শিক্ষা ভেলী স্কুলৰ চৌহদত অনুষ্ঠিত হ'ব 8 সংখ্যক ইন্টাৰনেশ্যনেল কনফাৰেন্স এণ্ড গেডাৰিং অব ইলডাৰছ সন্মিলন ৷ উক্ত সন্মিলনতে বিশ্বৰ 30 খনৰো অধিক দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব । এই বিশেষ সন্মিলনত বিশ্বৰ ভিন্ন দেশৰ কলা-কৃষ্টি সভ্যতা উপস্থাপন কৰা হ’ব ।

আজি আৰম্ভণিৰ কাৰ্যসূচী হিচাপে বিশ্বৰ 30 খন দেশৰ প্ৰতিনিধিৰ অংশগ্ৰহণেৰে ডিব্ৰুগড়ৰ ৰাজপথত সাংস্কৃতিক সমদল বাহিৰ কৰা হয় । দেওবাৰে পুৱাৰ ভাগতে বিশ্বৰ ভিন্ন জাতি জনগোষ্ঠীয় লোকৰ ক’লা-কৃষ্টি সমাহাৰে ডিব্ৰুগড় চহৰত উলিওৱা ' এক বিশাল শোভাযাত্ৰাত অংশগ্ৰহণ কৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰধান মোহন ভাগৱতে । এই অনুষ্ঠানতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শীর্ষ বিষয়ববীয়া উপস্থিত থাকিব ৷

লগতে পঢ়ক : ৰাজ্যপালক পদত্যাগ পত্ৰ দাখিল মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ, প্ৰধানমন্ত্ৰীয়ে জনালে শুভেচ্ছা

ABOUT THE AUTHOR

...view details