অসম

assam

জাতি-জনগোষ্ঠীৰ মিলনথলীলৈ পৰিণত মৰিগাঁও চহৰ - AJYCP session

By ETV Bharat Assamese Team

Published : Sep 13, 2024, 10:34 PM IST

জাতি-জনগোষ্ঠীৰ মিলনৰ থলীলৈ পৰিণত মৰিগাঁও চহৰ (ETV Bharat Assam)

ধিং,১৩ ছেপ্টেম্বৰ: মৰিগাঁৱত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মৰিগাঁও জিলা সমিতিৰ বিংশতিতম দ্বি-বাৰ্ষিক অধিৱেশন । মৰিগাঁৱত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলা সমিতিৰ বিংশতিতম দ্বি-বাৰ্ষিক অধিবেশনৰ দ্বিতীয় দিনাৰ প্ৰথম কাৰ্যসূচী হিচাপে সমন্বয় সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে । প্ৰখৰ ৰ'দকো নেওচি চহৰখনৰ মাজেৰে উলিওৱা বিশাল সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰিচা ভৰদ্বাজ, অভিনেত্ৰী সুশীলা দত্ত, আদৰণি সমিতিৰ বিষয়ববীয়া সমন্বিতে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলা সমিতিৰ সভাপতি, সম্পাদক তথা বিষয়ববীয়াসকলে ।  

বৃহস্পতিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে মৰিগাঁও সদৰ বিহুতলী প্ৰাংগন আৰু পবিতৰা হাট প্ৰেক্ষাগৃহত আৰম্ভ হোৱা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মৰিগাঁও জিলা সমিতিৰ বিংশতিতম দ্বি-বাৰ্ষিক অধিবেশনত পৰিষদৰ মৰিগাঁও সদৰ সমিতিৰ আতিথ্যত অনুষ্ঠিত অধিবেশনৰ প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত মুলদ্বাৰ উন্মোচনৰ পাছতে পৰ্যায়ক্ৰমে সম্পন্ন হয় অন্যান্য কাৰ্যসূচী ।

লগতে পঢ়ক: মৰিগাঁৱত মন্দিৰৰ আৰ্হিৰ এটি বিশেষ ঘৰ, ঘৰটো কি কৰিব প্ৰশাসনে ? - Heritage Building in Morigaon

আলফা(স্বাধীন)-চৰকাৰৰ মাজত শান্তি আলোচনাৰ পোষকতা পলাশ চাংমাইৰ - AJYCP president Palash Changma

ABOUT THE AUTHOR

...view details