হায়দৰাবাদ: হোৱাটছএপে বিভিন্ন ধৰণৰ নতুন বৈশিষ্ট্য আৰু ডিজাইনৰ উন্নতি সাধন কৰি এপটোক ‘ব্যৱহাৰ উপযোগী’ আৰু ‘অধিক আকৰ্ষণীয়’ কৰি তুলিছে । মেটাৰ মালিকানাধীন এই মেছেজিং প্লেটফৰ্মত এতিয়া ব্যৱহাৰকাৰীয়ে চেটত ভিডিঅ’ আৰু ফটো সম্পাদনা কৰিবলৈ 30 টা ভিন্ন ভিজুৱেল ইফেক্ট আগবঢ়াইছে ।
এপটোৰ জৰিয়তে এপটোৰ ভিতৰতে ষ্টীকাৰ পেক শ্বেয়াৰ কৰাৰ লগতে ছেলফিৰ পৰা ষ্টীকাৰ তৈয়াৰ কৰাৰ বৈশিষ্ট্যও প্ৰৱৰ্তন কৰা হৈছে । ইয়াৰ দ্বাৰা ৰিয়েকচনৰ বৈশিষ্ট্যও পূৰ্বতকৈ অধিক বৃদ্ধি পাইছে । এই নতুন বৈশিষ্ট্যসমূহৰ ওপৰত বিতংভাৱে চকু ফুৰাওঁ আহক ।
WhatsApp ত শীঘ্ৰেই ন ন বৈশিষ্ট্য
কেমেৰাৰ ইফেক্ট: যোৱা বছৰ অক্টোবৰ মাহত হোৱাটছএপে ভিডিঅ’ কলৰ বাবে নতুন ফিল্টাৰ, বেকগ্ৰাউণ্ড, আৰু ইফেক্টৰ প্ৰৱৰ্তন কৰিছিল । এই প্লেটফৰ্মটোৱে এতিয়া হোৱাটছএপ কেমেৰা ব্যৱহাৰ কৰি লোৱা ভিডিঅ’ আৰু ফটোৰ ক্ষেত্ৰতো একেই বৈশিষ্ট্য সম্প্ৰসাৰণ কৰিছে । ব্যৱহাৰকাৰীসকলে এপটোৰ ভিতৰত ভিডিঅ’ ৰেকৰ্ড বা ফটো কেপচাৰ কৰিব পাৰিব আৰু 30 টা ফিল্টাৰ, বেকগ্ৰাউণ্ড আৰু ইফেক্টৰ যিকোনো এটা প্ৰয়োগ কৰিব পাৰিব ।
ছেলফি ষ্টীকাৰ: হোৱাটছএপে যিকোনো ছেলফিক দ্ৰুতভাৱে কাষ্টম ষ্টীকাৰলৈ ৰূপান্তৰিত কৰিবলৈ ইন-এপ কেমেৰাও ব্যৱহাৰ কৰিছে । এনে নতুন ষ্টীকাৰ যোগ কৰিবলৈ ব্যৱহাৰকাৰীয়ে ষ্টীকাৰ টেবলৈ গৈ ষ্টীকাৰ সৃষ্টি কৰক বিকল্পত টেপ কৰিব লাগিব । ইয়াৰ জৰিয়তে হোৱাটছএপৰ কেমেৰাটো অপেন হ’ব, যাৰ ফলত আপুনি ছেলফি এখন লৈ ইয়াক ষ্টীকাৰলৈ ৰূপান্তৰিত কৰিব পাৰিব । ইতিমধ্যে এণ্ড্ৰইডত উপলব্ধ এই বৈশিষ্ট্য আৰু অতি সোনকালে iOS লৈ আহিব ।