হায়দৰাবাদ: ইছৰোৰ নতুন অধ্যক্ষ হ’ব দেশৰ জ্যেষ্ঠ মহাকাশচাৰী তথা ক্ৰাইজেনিক ইঞ্জিন বিশেষজ্ঞ ভি. নাৰায়ণন ৷ বৰ্তমানৰ অধ্যক্ষ এছ সোমনাথে দুবছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰি অহা 14 জানুৱাৰীত অৱসৰ ল’ব ।
নাৰায়ণন বৰ্তমান তামিলনাডুৰ মহেন্দ্ৰগিৰিত থকা ইছৰোৰ এল পি এছ চিৰ সঞ্চালক । লগতে তেওঁ বলিয়ামালাৰ লিকুইড প্ৰপালচন চিষ্টেম চেণ্টাৰ (এল পি এছ চি)ৰ সঞ্চালক হিচাপেও কাম কৰি আছে । তেওঁ দুবছৰৰ বাবে ইছৰোৰ অধ্যক্ষ পদত অধিষ্ঠিত হ’ব ।
শিক্ষা
মাতৃভাষা মাধ্যমৰ বিদ্যালয়ত অধ্যয়ন কৰা নাৰায়ণনে খড়গপুৰৰ আই আই টিৰ পৰা ক্ৰাইজেনিক ইঞ্জিনিয়াৰিঙত এম টেক আৰু এৰোস্পেচ ইঞ্জিনিয়াৰিঙৰ পি এইচ ডি সম্পূৰ্ণ কৰে আৰু এম টেক কাৰ্যসূচীত প্ৰথম স্থান লাভ কৰাৰ বাবে ৰূপৰ পদক লাভ কৰিছিল । 1984 চনত ইছৰোত যোগদান কৰি ৰকেট আৰু মহাকাশযানৰ প্ৰপালচন বিশেষজ্ঞগৰাকীয়ে 2018 চনত লিকুইড প্ৰপালচন চিষ্টেম চেণ্টাৰৰ পৰিচালক পদবী লাভ কৰে ।
স্বীকৃতি
আদিত্য মহাকাশযান আৰু GSLV MK-III অভিযানৰ দৰে বৃহৎ প্ৰকল্পত নাৰায়ণনে উল্লেখযোগ্য অৱদান আগবঢ়াইছে । তেওঁৰ বিশেষজ্ঞতা আৰু কৃতিত্বক কেইবাটাও বঁটাৰ দ্বাৰা স্বীকৃতি দিয়া হৈছে । ভাৰতীয় মহাকাশ ছ’চাইটিৰ পৰা ‘শ্ৰী বঁটা’ আৰু আই আই টি খড়গপুৰৰ পৰা ‘বিশিষ্ট প্ৰাক্তন ছাত্ৰ বঁটা’ৰে তেওঁক সন্মানিত কৰা হয় ।
সুখ ব্যক্ত নৱনিযুক্ত অধ্যক্ষগৰাকীৰ
মহাকাশ বিভাগৰ সচিব আৰু ইছৰোৰ অধ্যক্ষ হিচাপে নিযুক্ত লাভ কৰি সুখ প্ৰকাশ কৰে নাৰায়ণনে ৷ তেওঁ কয় যে মহান নেতাৰ নেতৃত্বৰ এনে এক মহান সংগঠনৰ অংশ হোৱাটো তেওঁৰ বাবে এক বৃহৎ সৌভাগ্যৰ বিষয় ।