হায়দৰাবাদ: শুকুৰবাৰে নিশা 12.59 বজাত ফ্ল’ৰিডাৰ পেনচাকোলা উপকূলত নিৰাপদে অৱতৰণ কৰে স্পেচএক্স ড্ৰেগন মহাকাশযানখনে ৷ মহাকাশযানখনে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত সাত মাহ কটোৱা আমেৰিকা আৰু ৰাছিয়াৰ মহাকাশচাৰীক লৈ অৱতৰণ কৰে । এই ক্ৰুত আছে নাছাৰ মহাকাশচাৰী মেথিউ ডমিনিক, মাইকেল বেৰেট আৰু জিনেট এপছৰ লগতে ৰস্কচমছৰ মহাকাশচাৰী আলেকজেণ্ডাৰ গ্ৰেবেনকিন ।
সফল স্প্লেছডাউনৰ পিছত SpaceX ৰ উদ্ধাৰকাৰী দলসমূহে ড্ৰেগন মহাকাশযানখনক সুৰক্ষিত কৰি ক্ৰু-8 ৰ সদস্যৰ সৈতে মূল ডেকত স্থাপন কৰে, তাৰ পিছত ক্ৰুসকলক চিকিৎসা পৰীক্ষা কৰোৱা হয় আৰু হিউষ্টনৰ নাছাৰ জনছন মহাকাশ কেন্দ্ৰলৈ লৈ যোৱা হয় । নাছা আৰু SpaceX এ ক্ৰু-8 অভিযান আৰু ক্ৰুসকলৰ পৃথিৱীলৈ উভতি অহাৰ বিষয়ে আলোচনা কৰিবলৈ মিডিয়া টেলিকনফাৰেন্সৰো আয়োজন কৰে ।
ক্ৰু-9 ড্ৰেগনৰ সৈতে ঘূৰি আহিব সুনীতা উইলিয়ামছ আৰু বেৰী উইলম’ৰ
চলিত বৰ্ষৰ মাৰ্চ মাহত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ সৈতে সংযুক্ত কৰা হৈছিল স্পেচএক্স ক্ৰু-8 ড্ৰেগন । বয়িং ষ্টাৰলাইনাৰ ক্ৰু ফ্লাইট টেষ্ট মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বেৰী উইলম’ৰৰ বাবে জৰুৰীভাৱে ব্যৱহাৰ কৰিব লাগিছিল ।