অসম

assam

ETV Bharat / technology

প্ৰাপ্যৰ দাবীত প্ৰতিবাদত বহিল ছেমছাঙৰ কৰ্মচাৰী; বোনাচ কৰ্তনৰ ভাবুকি ছেমছাং কৰ্তৃপক্ষৰ - Samsung Workers on Strike - SAMSUNG WORKERS ON STRIKE

Samsung workers strike in Chennai : প্ৰাপ্যৰ দাবীত প্ৰতিবাদত বহিল আগশাৰীৰ স্মাৰ্টফোন নিৰ্মাতা কোম্পানী ছেমছাঙৰ কৰ্মচাৰী ৷ বিগত কেবাদিনো ধৰি ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছে কৰ্মচাৰীসকলে ৷ প্ৰতিবাদকাৰী কৰ্মচাৰীৰ আই কাৰ্ড, দীপাৱলীৰ বোনাচকে ধৰি বিভিন্ন সা-সুবিধা কৰ্তনৰ ভাবুকি প্ৰদান ছেমছাঙৰ ৷

Etv Bharat
প্ৰাপ্যৰ দাবীত প্ৰতিবাদত বহিল ছেমছাঙৰ কৰ্মচাৰী (ETV Bharat)

By ETV Bharat Tech Team

Published : Sep 24, 2024, 5:05 PM IST

নিউজ ডেস্ক, 24 ছেপ্টেম্বৰ:ছেমছাঙৰ কৰ্মচাৰীৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে ছেমছাং কৰ্তৃপক্ষই ৷ 8 ঘণ্টীয়া কামকে ধৰি বিভিন্ন দাবীৰ সমৰ্থনত একেৰাহে কেবাদিনো ধৰি প্ৰতিবাদ সাব্যস্ত কৰি অহা ছেমছাঙৰ কৰ্মচাৰীসকলৰ বিৰুদ্ধে জাৰি কৰা হৈছে ‘Show Cause Notice’ ।

মজুৰি বৃদ্ধি, 8 ঘণ্টীয়া কাম, ট্ৰেড ইউনিয়নৰ স্বীকৃতিৰ দাবীত ছেমছাঙৰ কৰ্মচাৰীয়ে কেবাদিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৷ প্ৰতিবাদকাৰী ছেমছাঙৰ কৰ্মচাৰীসকলৰ পৰিচয় পত্ৰৰ বৈধ্যতা নাইকিয়া কৰি পেলোৱা হ’ব আৰু দীপাৱলীৰ বোনাছ পৰ্যন্ত কৰ্তন কৰা হ’ব বুলি সকীয়াই দিয়াৰ পিছতো প্ৰতিবাদকাৰীসকল ক্ষান্ত হোৱা পৰিলক্ষিত হোৱা নাই ।

তামিলনাডুৰ কাঞ্চিপুৰম জিলাৰ ছুংগুৱৰচাত্ৰমৰ সমীপত চলি আছে ইলেক্ট্ৰনিক ঘৰুৱা সঁজুলি নিৰ্মাণ কৰা ছেমছাঙৰ এটা কাৰখানা । ইয়াত 5 হাজাৰৰো অধিক লোকে কাম কৰি আছে । ইয়াৰে 1500 স্থায়ী কৰ্মচাৰী ।

স্পষ্টীকৰণ দাবী

মজুৰি বৃদ্ধি, 8 ঘণ্টীয়া কাম, চি আই টি ইউ ইউনিয়নৰ স্বীকৃতিৰ দাবীত 9 ছেপ্টেম্বৰৰ পৰা 16 টা দিন পৰ্যন্ত কৰ্মবিৰতি পালন কৰিছে প্ৰতিবাদকাৰী কৰ্মচাৰীসকলে । এই ক্ষেত্ৰত ছেমছাঙৰ পৰিচালনা সমিতিয়ে প্ৰতিবাদকাৰী কৰ্মচাৰীসকলক ‘Show Cause Notice’ জাৰি কৰি অবৈধ ধৰ্মঘট পৰিত্যাগ কৰিবলৈ অনুৰোধ জনাইছে ।

ইয়াত উল্লেখ কৰা হৈছে যে যদি তেওঁলোকে 4 দিনৰ ভিতৰত কামলৈ নাহে, তেন্তে 7 দিনৰ ভিতৰত তেওঁলোকে কোনো কাৰণ নোহোৱাকৈ ধৰ্মঘট কৰাৰ ব্যাখ্যা দিব লাগিব ।

লগতে ছেমছাং কৰ্তৃপক্ষই দুখনকৈ জাননী প্ৰেৰণ কৰিছে যে কামলৈ অহা কোনো লোকক বাধা দি প্ৰতিবাদলৈ নিলে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব, কৰ্মচাৰীসকলে কামত যোগদান নকৰিলে তেওঁলোকৰ পৰিচয় পত্ৰ অবৈধ বুলি ঘোষণা কৰা হ’ব, দীপাৱলীৰ উপহাৰ আৰু বোনাছৰ পৰিমাণ কৰ্তন কৰা হ’ব ।

ন’ ৱ’ৰ্ক ন’ চেলেৰী

প্ৰতিবাদকাৰী কৰ্মচাৰীসকললৈ ছেমছাঙে প্ৰেৰণ কৰা স্মাৰকপত্ৰত স্পষ্টভাৱে উল্লেখ কৰা হৈছে কৰ্মচাৰীয়ে কাম কৰিলেহে দৰমহা প্ৰদান কৰা হ’ব । ইয়াৰ পিছতে একাংশ কৰ্মচাৰীয়ে কামলৈ ঘূৰি অহা বুলি জানিব পৰা গৈছে । কিন্তু কিমান শ্ৰমিকে ধৰ্মঘট ত্যাগ কৰি কৰ্মক্ষেত্ৰলৈ ঘূৰি আহিছে তাৰ তথ্য এতিয়াও প্ৰকাশ হোৱা নাই ।

ছেমছাঙে এই সন্দৰ্ভত কয়, “যদিও এই প্ৰতিবাদৰ ফলত বৃহৎ একো ঘটা নাই, তথাপিও উৎসৱৰ বতৰত গ্ৰাহকৰ প্ৰয়োজনীয়তা পূৰণ কৰাটো কোম্পানীটোৰ কৰ্তব্য । একে সময়তে কোম্পানীয়ে কৰ্মচাৰীসকলৰ প্ৰয়োজনীয়তাকো গুৰুত্ব দিব ।"

লগতে পঢ়ক:50 MP চেলফি কেমেৰাৰ সৈতে ভাৰতীয় বজাৰত মুকলি Samsung Galaxy M55s 5G স্মাৰ্টফোন - Samsung Galaxy New Phone Launched

Amazon Great Indian Festival ত OnePlus, Samsung ত লাভ কৰক আকৰ্ষণীয় অফাৰ - Amazon Great Indian Festival sale

ABOUT THE AUTHOR

...view details