অসম

assam

By ETV Bharat Tech Team

Published : 5 hours ago

ETV Bharat / technology

মোবাইলত নম্বৰ চেভ নকৰাকৈ হোৱাটছএপ মেছেজ প্ৰেৰণ কৰাটো সম্ভৱনে ? - WhatsApp Without Saving Number

WhatsApp Message: বহু সময়ত মানুহে এনে এক পৰিস্থিতিৰ সন্মুখীন হয় যে তেওঁলোকে কোনো ব্যক্তিৰ নম্বৰ চেভ কৰিব নিবিচাৰে কিন্তু তেওঁক হোৱাটছএপ মেছেজ দিব বিচাৰে । এনে পৰিস্থিতিত তেওঁলোকে সেই নম্বৰত মেছেজ পঠিয়াবলৈ সমস্যাৰ সন্মুখীন হয় ৷ কাৰণ নম্বৰটো চেভ নকৰাকৈ হোৱাটছএপ মেছেজ পঠিয়াব নোৱাৰি । কিন্তু ইয়াত আমি আপোনালোকক কিছুমান পদ্ধতি কৈছো, যাৰ সহায়ত আপুনি নম্বৰটো চেভ নকৰাকৈয়ে হোৱাটছএপ মেছেজ প্ৰেৰণ কৰিব পাৰিব ।

Etv Bharat
মোবাইলত নম্বৰ চেভ নকৰাকৈ হোৱাটছএপ মেছেজ প্ৰেৰণ কৰাটো সম্ভৱনে ? (ETV Bharat)

নিউজ ডেস্ক, 2 অক্টোবৰ:স্মাৰ্টফোনৰ বহুল ব্যৱহাৰৰ এই যুগত কোনো ব্যক্তিয়ে হোৱাটছএপ ব্যৱহাৰ নকৰাটো অসম্ভৱ ! স্মাৰ্টফোনৰ যুগত মোবাইল ফোনত থকা ষ্টেণ্ডাৰ্ড মেছেজিং এপ্লিকেচনৰ স্থান ল’লে WhatsApp এ । এই এপটোৱে টেক্সট মেছেজ, ভিডিঅ’, ফটো বা নথিপত্ৰ প্ৰেৰণ বা গ্ৰহণৰ বাবে এক উন্নত অভিজ্ঞতা প্ৰদান কৰে । কিন্তু বহু সময়ত মানুহে কাৰোবাৰ যোগাযোগ নম্বৰ চেভ নকৰাকৈ হোৱাটছএপ মেছেজ পঠিয়াব বিচৰাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হয় ।

উল্লেখ্য যে, আমি সকলোৱে জানো এজন লোকে কেৱল সেই নম্বৰবোৰলৈহে হোৱাটছএপ মেছেজ প্ৰেৰণ কৰিব পাৰিব যিবোৰ আপোনাৰ যোগাযোগৰ তালিকাত চেভ হৈ থাকে । কিন্তু আমি যদি আপোনাক কওঁ যে আপুনি আপোনাৰ ফোনত উক্ত নম্বৰটো চেভ নকৰাকৈও হোৱাটছএপ মেছেজ পঠিয়াবলৈ সক্ষম হ’ব ? এই প্ৰতিবেদনত আমি আপোনালোকক এনে কিছুমান পদ্ধতিৰ বিষয়ে উল্লেখ কৰিছ, যাৰ সহায়ত আপুনি নম্বৰটো চেভ নকৰাকৈও যিকোনো ব্যক্তিক হোৱাটছএপত বাৰ্তা প্ৰেৰণ কৰিব পাৰে ।

পদ্ধতি 1: হোৱাটছএপ এপৰ জৰিয়তে নম্বৰ চেভ নকৰাকৈ মেছেজ প্ৰেৰণ কৰক ৷ অচিনাকি নম্বৰত হোৱাটছএপ মেছেজ পঠিয়াবলৈ এয়া আটাইতকৈ সহজ উপায় ।

প্ৰথম পদক্ষেপ: প্ৰথমে আপোনাৰ Android বা iOS স্মাৰ্টফোনত WhatsApp এপ্লিকেচনটো খোলক ।

দ্বিতীয়পদক্ষেপ: আপুনি WhatsApp মেছেজ পঠিয়াব বিচৰা মোবাইল নম্বৰটো কপি কৰক ।

তৃতীয় পদক্ষেপ: তলত থকা 'New Chat' বুটামত টিপক ।

চতুৰ্থ পদক্ষেপ: টেক্সট বক্সত মোবাইল নম্বৰটো পেষ্ট কৰি send ত ক্লিক কৰক ।

পঞ্চম পদক্ষেপ: এতিয়া মোবাইল নম্বৰটো টেপ কৰক । যদি ব্যক্তিজনৰ WhatsApp আছে তেন্তে Chat with option দেখা পাব ।

ষষ্ঠ পদক্ষেপ: ইয়াত টেপ কৰিলেই নম্বৰটো চেভ নকৰাকৈয়ে হোৱাটছএপ মেছেজ পঠিয়াব পাৰিব ।

পদ্ধতি 2: Truecaller app ৰ জৰিয়তে নম্বৰ চেভ নকৰাকৈ হোৱাটছএপ মেছেজ প্ৰেৰণ কৰক

Truecaller ত এটা নিৰ্দিষ্ট হোৱাটছএপ বুটাম আছে, গতিকে নম্বৰটো চেভ নকৰাকৈ সহজে মেছেজ প্ৰেৰণ কৰিব পাৰিব ।

প্ৰথম পদক্ষেপ: আপোনাৰ Android বা iOS ডিভাইচত Truecaller এপটো খোলক ।

দ্বিতীয়পদক্ষেপ: এপটোত মোবাইল নম্বৰটো চাৰ্চ কৰি তললৈ স্ক্ৰ’ল কৰি হোৱাটছএপ আইকনটো চাব ।

তৃতীয় পদক্ষেপ: ইয়াত টেপ কৰিলে এপটোৰ হোৱাটছএপ চেট ওলাব, যাৰ ফলত আপুনি নম্বৰটো চেভ নকৰাকৈয়ে মানুহজনক মেছেজ কৰিব পাৰিব ।

পদ্ধতি 3: গুগল এচিষ্টেণ্টৰ জৰিয়তে নম্বৰ চেভ নকৰাকৈ হোৱাটছএপ মেছেজ প্ৰেৰণ কৰক

গুগল এচিষ্টেণ্ট ব্যৱহাৰ কৰি অচিনাকি নম্বৰত হোৱাটছএপ মেছেজ প্ৰেৰণ কৰিব পাৰিব ।

প্ৰথম পদক্ষেপ: আপোনাৰ স্মাৰ্টফোনত Google Assistant সক্ৰিয় কৰক ।

দ্বিতীয়পদক্ষেপ: গুগল এচিষ্টেণ্টলৈ ‘WhatsApp পঠাওক’ বাক্যাংশটো কওক আৰু তাৰ পিছত আপোনাৰ মোবাইল নম্বৰটো কওক । মন কৰিবলগীয়া যে আপুনি সঠিক মোবাইল নম্বৰ আৰু দেশৰ ক’ডটো দিব লাগিব ।

তৃতীয় পদক্ষেপ: উদাহৰণস্বৰূপে যদি নম্বৰটো 9142373839 হয়, তেন্তে বাক্যাংশটো ক’ব লাগে ‘+919142373839 লৈ হোৱাটছএপ পঠাওক’।

চতুৰ্থ পদক্ষেপ: Google Assistant এ আপোনাক মোবাইল নম্বৰটোলৈ পঠিয়াব বিচৰা বাৰ্তাটো সুধিব । বাৰ্তাটো কওক ।

পঞ্চম পদক্ষেপ: ইয়াৰ পিছত Google Assistant য়ে স্বয়ংক্ৰিয়ভাৱে WhatsApp মেছেজটো উক্ত মোবাইল নম্বৰলৈ প্ৰেৰণ কৰিব ।

লগতে পঢ়ক:আৰ্কাইভ অবিহনেও আপুনি লুকুৱাই ৰাখিব পাৰিব WhatsApp ৰ বিশেষ Chat; কেনেকৈ ? - WhatsApp Chat Hide

আপুনি বিচৰা ধৰণে সজাই ল’ব পাৰিব WhatsApp ৰ ChatPage - Whatsapp new Feature

পুৰণি স্মাৰ্টফোনটোৰ পৰা WhatsApp Chat বেকআপ কৰিব বিচাৰিছে; সহজ পদ্ধতি জানি লওঁক - Mobile data transfer

ABOUT THE AUTHOR

...view details