হায়দৰাবাদ: বিগত কিছুদিনত ভাৰতীয় বিমান সংস্থাসমূহে চিন্তনীয় হাৰত ভুৱা বোমাৰ ভাবুকি লাভ কৰা পৰিলক্ষিত হৈছে । মূলতঃ ছ’চিয়েল মিডিয়াকে ধৰি বিভিন্ন চেনেলৰ জৰিয়তে প্ৰচাৰিত এই ভাবুকিসমূহে নিৰাপত্তা সংস্থাসমূহৰ বাবে যথেষ্ট প্ৰত্যাহ্বানৰ সৃষ্টি কৰাৰ লগতে হাজাৰ হাজাৰ লোকৰ ভ্ৰমণতো ব্যাঘাত জন্মাইছে ।
ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰণালয়ে এনে ক্ষতিকাৰক ভুল তথ্যৰ প্ৰসাৰ ৰোধৰ বাবে সজাগ ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তাৰ বিষয়ে সকলো ডিজিটেল মধ্যস্থতাকাৰীক কঠোৰভাৱে জাননী জাৰি কৰিছে বুলি বিষয়াসকলে জনায় ।
মন্ত্ৰণালয়ে জনসাধাৰণৰ সুৰক্ষা বিপন্ন কৰিব পৰা প্ৰতাৰণা ভাবুকি আৰু অন্যান্য ভুৱা তথ্যৰ প্ৰৱেশ দ্ৰুতভাৱে ধৰা পেলোৱা, আঁতৰোৱা বা অক্ষম কৰাৰ ব্যৱস্থা ৰূপায়ণৰ ওপৰত গুৰুত্ব আৰোপ কৰে । এই ব্যৱস্থাসমূহ আই টি (মধ্যস্থতাকাৰী নিৰ্দেশনা আৰু ডিজিটেল মিডিয়া নৈতিকতা সংহিতা) নিয়ম, 2021 ত উল্লেখ কৰা হৈছে আৰু চিনাক্তকৰণৰ পিছত 72 ঘণ্টাৰ ভিতৰত তৎকালীন ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তাকে ধৰি নিৰ্দিষ্ট সময়সীমাৰ সৈতে আহিছে বুলি তেওঁলোকে কয় ।
2000 চনৰ আই টি আইন আৰু 2021 চনৰ আই টি নিয়মত মধ্যস্থতাকাৰী বিশেষকৈ ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ বাবে নিৰ্দিষ্ট বাধ্যবাধকতাৰ ৰূপৰেখা দাঙি ধৰা হৈছে । এই নিয়ম অনুসৰি মধ্যস্থতাকাৰীসকলে জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব পৰা ভুৱা বা ক্ষতিকাৰক বিষয়বস্তু, যেনে ভুৱা বোমাৰ ভাবুকি তৎকালীনভাৱে চিনাক্ত আৰু আঁতৰাবলৈ কঠোৰ প্ৰয়োজনীয় পৰিশ্ৰম কৰিব লাগিব ।