নলবাৰী,১৪ ছেপ্টেম্বৰ:নলবাৰীত নিশা জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ । শনিবাৰে নিশা নলবাৰী চহৰত এটা শ্বপিং মলৰ ফিটা কাটি শুভাৰম্ভ কৰে শিল্পীগৰাকীয়ে । শ্বপিং মলৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকি অনলাইন ট্ৰেডিং কেলেংকাৰীকে আদি কৰি কেইবাটাও প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে শিল্পীগৰাকীয়ে ।
অনলাইন ট্ৰেডিং কেলেংকাৰী প্ৰসংগত জুবিন গাৰ্গ:
অনলাইন ট্ৰেডিং কেলেংকাৰী প্ৰসংগত জুবিন গাৰ্গে কয়,"সেই বিষয়ে আচলতে জ্ঞান নোহোৱাকৈ হাত দিব নাপায় । ট্ৰেডিঙৰ কথা মই নিজেই নাজানো ইমান । গতিকে সেইকাৰণে ছাগে বহুতে ভুল কৰিছে । ভুলৰো শুদ্ধৰণি আছে । যিসকলে বেয়া কাম কৰিছে তেওঁলোক ধৰা পৰিছে । তেওঁলোকৰ শাস্তি হ'ব । ভৱিষ্যতে যদি শ্বেয়াৰ মাৰ্কেট বা ট্ৰেডিঙৰ কামত আগ্ৰহী হয় তেন্তে ভালকৈ চাই-বুজি ভালকৈ বিনিয়োগ কৰিলেই হ'ল ।"
ইফালে ট্ৰেডিং কেলেংকাৰীত শিল্পী, কলা-কুশলীৰ নাম সাঙোৰ খাই পৰা সন্দৰ্ভত হাৰ্টথ্ৰৱ জুবিন গাৰ্গে কয়, "শুনি আছো কথাটো । এতিয়ালৈকে প্ৰকৃত কথাটো পোহৰলৈ অহা নাই । যিয়ে কৰিছে আচলতে মুৰ্খামি কৰিছে ।"
মোৰ ঘৰতো বহুত বিল আহিছে :
ইফালে স্মাৰ্ট মিটাৰ স্থাপন কৰাৰ ফলত সৰ্বসাধাৰণ ৰাইজ অতিষ্ঠ হৈ পৰা প্ৰসংগত তেওঁ কয়, "মোৰ ঘৰতো বহুত বহুত বিল আহি আছে । এইটো কি চিষ্টেম কৰিছে নাজানো । কথাটো খুব ভাল হোৱা নাই । স্মাৰ্ট মিটাৰৰ কথাটো চৰকাৰে বিবেচনা কৰি চাওক । বহুতৰে পৰা অভিযোগ পাইছো । যাক যাক শুধিছো সকলোৱে একেটা কথা কৈছে । য'ত ১২০০ আহিছিল তাত ২০০০ আহে । গতিকে মানুহৰ অদৰকাৰীকৈ পইচা বেছি গৈছে । মইটো গোটেই ষ্টুডিঅ' ছ'লাৰ কৰি দিম বুলি ভাবিছো ।"
'চিকাৰ' চাবলৈ আহ্বান জুবিন গাৰ্গৰ: