নগাঁও, ২৬ মে':নাগৰিকত্ব সংশোধনী বিধেয়কৰ পৰা আইনলৈ পৰিণত হোৱালৈকে অসমত কেব অথৱা 'কা' ৰ বিৰুদ্ধে হোৱা আন্দোলনৰ অন্যতম ভূমিকা গ্ৰহণ কৰিছিল অসমৰ শিল্পী সমাজে । য'ত অভিনেত্ৰী বৰষাৰাণী বিষয়া, যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰব জুবিন গাৰ্গ আছিল অন্যতম । জুবিন গাৰ্গৰ এটা আহ্বানতেই অসমৰ বিভিন্ন প্ৰান্তত 'কা'ৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ সমবেত হৈছিল হাজাৰ হাজাৰ লোক ।
'কা' আন্দোলনত অন্যতম মূখ্য ভূমিকা গ্ৰহণ কৰা জুবিন গাৰ্গে এতিয়া 'কা' সন্দৰ্ভত কৰিব নিবিচাৰে কোনো মন্তব্যও । আনকি 'কা' এটা অদৰকাৰী বস্তু বুলিহে মন্তব্য কৰে জুবিন গাৰ্গে । শনিবাৰে নিশা নগাঁৱৰ বেবেজীয়াৰ ডিমৌত এক অনুষ্ঠানত এই মন্তব্য কৰে যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰব জুবিন গাৰ্গে ।
আউটলেট মুকলিৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰা জুবিন গাৰ্গে সাংবাদিকৰ 'কা' সন্দৰ্ভৰ প্ৰশ্নৰ উত্তৰত 'কা' ক অদৰকাৰী বস্তু বুলিহে অভিহিত কৰে । ইয়াৰ লগতে তেওঁ গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাইজক প্ৰকৃতি সুৰক্ষাৰ ক্ষেত্ৰত মনোযোগ দিবলৈ আহ্বান জনোৱাৰ লগতে জুবিন গাৰ্গ ফেন ক্লাৱে এইক্ষেত্ৰত কাম কৰি থকাৰ কথা উল্লেখ কৰে ।