অসম

assam

ETV Bharat / state

২২ মে'ত মোক সামাজিকভাৱে ঘৰৰ মানুহে আন এগৰাকীৰ সৈতে বিয়া পাতি দিছে : জিয়াউৰ ৰহমান - Extra marital affair - EXTRA MARITAL AFFAIR

Ziaur Rahman: অজাপৰ নেতা জিয়াউৰ ৰহমানৰ পত্নীৰ বিস্ফোৰক অভিযোগৰ পাচতেই এতিয়া মুখ খুলিছে জিয়াউৰ ৰহমানে । প্ৰথমা পত্নীৰহে অবৈধ সম্পৰ্ক থকাৰ কথা উল্লেখ কৰে ৰহমানে । এই ঘটনাক নাটক আখ্যা দি BJP নেতাই প্ৰতিশোধ পূৰ কৰাৰ বাবে ষড়যন্ত্ৰ কৰাৰ অভিযোগ জিয়াউৰ ৰহমানৰ ।

Ziaur Rahman react over dismissing first wife's allegations
পত্নীৰ অভিযোগৰ বিৰুদ্ধে জিয়াউৰ ৰহমানৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jun 22, 2024, 7:16 PM IST

গুৱাহাটী,২২ জুন: পত্নীৰ বিস্ফোৰক অভিযোগৰ পাচতে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰে অসম জাতীয় পৰিষদৰ নেতা জিয়াউৰ ৰহমান । শনিবাৰে হাতীগাঁৱৰ দৃষিকা এপাৰ্টমেণ্টত নেতাগৰাকীৰ প্ৰথমা পত্নী উপস্থিত হৈ বিবাহ বিচ্ছেদ নোহোৱাকৈয়ে আন মহিলাৰ সৈতে সহবাস কৰাৰ অভিযোগ উত্থাপন কৰিছিল । পৰস্থিতি উত্তপ্ত হৈ পৰাত আৰক্ষী উপস্থিত হৈ হাতীগাঁও থানালৈ লৈ আনে জিয়াউৰ ৰহমানক । বিয়লিৰ ভাগত হাতীগাঁও থানাৰ চৌহদতে সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে নেতাগৰাকীয়ে ।

পত্নীৰ অভিযোগৰ বিৰুদ্ধে জিয়াউৰ ৰহমানৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

প্ৰথমা পত্নীৰ অভিযোগ নস্যাৎ কৰি ৰহমানে কয়," তেওঁৰ বেলেগৰ সৈতে অবৈধ সম্পৰ্ক আছিল । বেলেগে গাড়ীলৈ আহি মোক ধমকি দি যায় । তেওঁ বেলেগ মানুহৰ লগত যোৱা পাঁচ বছৰে ঘুৰি ফুৰিছে । মই তেওঁক এইবোৰত বাধা দিয়াৰ বাবে মই শাৰিৰীকভাৱেও অপদস্থ হৈছো । বিগত ৬ বছৰে মই অকলে থাকো । মোক ছোৱালী দুজনীকো লগ কৰিবলৈ নিদিয়ে । আদালতত ইতিমধ্যে তেওঁলোকৰ খোৰাকী বিচাৰি তৰা গোচৰৰ বিবেচনা চলি আছে । সেয়েহে সকলো সেইবোৰ আদালতে মীমাংসা কৰিব ।"

ইফালে প্ৰথমা পত্নীয়ে আন মহিলাৰ সৈতে অবৈধভাৱে সহবাস কৰি থকা বুলি উত্থাপন কৰা অভিযোগৰ প্ৰসংগত AJP নেতাগৰাকীয়ে কয়, "২২ মে' তাৰিখে মোক সামাজিকভাৱে ঘৰৰ মানুহে আন এগৰাকীৰ সৈতে বিয়া পাতি দিছে । এতিয়া তেওঁৰ লগতে মই গুৱাহাটীত থাকো । আজি পুৱাৰ ভাগত সংবাদ মাধ্যমৰ লোক আৰু আন দুজনমান ল'ৰা লগত লৈ মোৰ বাসভৱনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি মোক শাৰীৰিকভাৱে অপদস্থ কৰে । মোৰ আগৰ পত্নীৰ লগত কোনো সম্পৰ্ক নাই । মই সম্পূৰ্ণ আইনীভাৱে দ্বিতীয় বিবাহ কৰিছো ।"

ইয়াৰোপৰি জিয়াউৰ ৰহমানে কৰে আন এক বিস্ফোৰক মন্তব্য । তেওঁ কয়, "এই গোটেই প্ৰক্ৰিয়াটোৰ লগত এজন বিজেপি নেতা জড়িত আছে । মই যিহেতু সৰ্বানন্দ সোণোৱাল আৰু বদৰুদ্দিন আজমলৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰচাৰ চলাইছিলো । গতিকে তাৰে প্ৰতিশোধ ল'বলৈ এয়া নাটক ৰচনা কৰিছে । এতিয়া মই নাম প্ৰকাশ নকৰো সময়ত মই সেই বিজেপি নেতাৰ নাম প্ৰকাশ কৰিম ।"

উল্লেখ্য যে, পত্নীৰ লগত বিবাহ বিচ্ছেদ নকৰাকৈ আন মহিলাৰে সম্পৰ্ক ৰক্ষাৰ অভিযোগত আটক কৰা হৈছিল জিয়াউৰ ৰহমানক । পত্নীৰ অভিযোগ অনুসৰি বহু বছৰ ধৰি আন মহিলাৰ সৈতে হাতীগাঁৱৰ দৃষিকা এপাৰ্টমেণ্টত সহবাস কৰিছিল জীয়াউৰ ৰহমানে । প্ৰথমা পত্নীৰ সকলো অভিযোগ নস্যাৎ কৰে জিয়াউৰ ৰহমানে ।

লগতে পঢ়ক:অজাপ নেতা জিয়াউৰ ৰহমানৰ বিৰুদ্ধে পত্নীৰ গুৰুতৰ অভিযোগ - Extra marital affair

ABOUT THE AUTHOR

...view details