কোকৰাঝাৰ, ২৮ জানুৱাৰী :কোকৰাঝাৰ চহৰৰ মাজমজিয়াৰ ৱাৰ্ড নং ৯ ৰ এটা ভাড়াঘৰৰ সন্মুখত দেওবাৰে বাৰে দিনদুপৰতে এগৰাকী যুৱক ছুৰীকাঘাতত গুৰুতৰভাৱে আহত অৱস্থাত উদ্ধাৰ কৰা হয় ৷ কিন্তু পৰৱৰ্তী পৰ্যায়ত যুৱকজনে মৃত্যুক সাৱটি লয় ৷ এই ঘটনাই চহৰখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে । ছুৰীকাঘাতত নিহত হোৱা যুৱকজনক শক্তি আশ্ৰম চোকাপাৰাৰ টিছেন চন্দ্ৰ ৰায়ৰ নুমলীয়া সন্তান বিক্ৰম ৰায় ওৰফে জগো বুলি চিনাক্ত কৰা হৈছে । নিহত যুৱকজন কোকৰাঝাৰৰ এটা ফাৰ্মাচীত লেবৰোটৰী সহায়ক হিচাপে কাম কৰিছিল ৷
এই ঘটনাৰ সন্দৰ্ভত মৃত যুৱকজনৰ পিতৃ টিছেন চন্দ্ৰ ৰায়ে কোকৰাঝাৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছে ৷ পিতৃৰ অভিযোগ অনুসৰি, ধুবুৰী জিলাৰ সাপটগ্ৰাম থানাৰ অন্তৰ্গত শাশাৰ গাঁৱৰ এগৰাকী যুৱতীৰ সতে বিক্ৰম ৰায়ৰ প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল । প্ৰেমিকাৰ কথা অনুসৰি দুয়ো আইনী বিবাহ সম্পাদন কৰিব বুলি শনিবাৰে বিক্ৰম ভাড়াঘৰলৈ গৈছিল ৷ তাৰ পিচতে আজি দিনৰ প্ৰায় 11.30 বজাত এই ভয়ানক ঘটনাটো সংঘটিত হয় ।
এজাহাৰত যুৱকজনৰ পিতৃয়ে উল্লেখ কৰা মতে ছোৱালীজনীয়ে পূৰ্ব পৰিকল্পিতভাৱে তেওঁলোকৰ আত্মীয় আৰু কেইটামান দুষ্কৃতিকাৰীক লৈ ভাড়াঘৰতে যুৱকজনক পেটত তিনিবাৰকৈ ছুৰীকাঘাত কৰি তেওঁৰ পুত্ৰক হত্যা কৰে ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে খবৰ পাই ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ আহে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে । এই ঘটনাৰ তদন্ত কৰি ন্যায় প্ৰদান কৰিবলৈ এজাহাৰত উল্লেখ কৰিছে দুৰ্ভগীয়া পিতৃয়ে ।