অসম

assam

ETV Bharat / state

কুলাংগাৰ পুত্ৰৰ হাতত প্ৰাণ গ'ল মহিলাৰ - Dibrugarh murder case

Sensational murder case: প্ৰথমে অমানুষিক অত্যাচাৰ আৰু পিছত মাতৃক ডিঙি চেপি হত্যা যুৱকৰ । লাহোৱাল আৰু ডিকমত দুটাকৈ মৃতদেহ উদ্ধাৰ ।

By ETV Bharat Assamese Team

Published : 4 hours ago

Sensational murder case
কুলাংগাৰ পুত্ৰৰ হাতত প্ৰাণ গ'ল মহিলাৰ (ETV Bharat)

ডিব্ৰুগড়,৫ অক্টোবৰ : ডিব্ৰুগড় নৃশংস ঘটনা । জন্মদাত্ৰী মাতৃক নৃশংসভাৱে হত্যা যুৱকৰ । প্ৰথমে অমানুষিক অত্যাচাৰ আৰু তাৰ পিছত মাতৃক ডিঙি চেপি হত্যা । ডিব্ৰুগড়ৰ বাণীপুৰত সংঘটিত হৈছে এই ঘটনা । ঘৰৰ ভিতৰতে মাতৃক হত্যা কৰাৰ অভিযোগ উঠিছে ।

ঘটনাৰ পাছত নিশাই গাভৰুপথাৰ থানাৰ আৰক্ষী উপস্থিত হৈ মাতৃৰ মৃতদেহ উদ্ধাৰ কৰে । লগতে অভিযুক্ত হত্যাকাৰী পুত্ৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । জানিব পৰা মতে ঘৰটোত কেৱল মাতৃ আৰু তেওঁ পুত্ৰই বাস কৰি আছিল । অভিযোগ অনুসৰি শুকুৰবাৰে নিশা পুত্ৰই মাতৃৰ ওপৰত শাৰীৰিক নিৰ্যাতন চলাই আৰু ডিঙি চেপি হত্যা কৰে । এই ঘটনা পোহৰলৈ অহা লগে লগে ডিব্ৰুগড়ত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

কুলাংগাৰ পুত্ৰৰ হাতত প্ৰাণ গ'ল মহিলাৰ (ETV Bharat)

লাহোৱালত মহিলাৰ মৃতদেহ উদ্ধাৰ :

বাণীপুৰৰ ঘটনাৰ সমান্তৰালকৈ লাহোৱালত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । লাহোৱালৰ ১ নং চিৰিংহোলাত এটা ৰাজহুৱা পুখুৰীত উদ্ধাৰ হয় মহিলাগৰাকীৰ মৃতদেহ । মৃত মহিলাগৰাকী টিনা কুজুৰ ওৰাং বুলি জানিব পৰা গৈছে । ঘোঁৰামৰা আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে । লগতে ঘটনাৰ তদন্তও আৰম্ভ কৰিছে । এয়া আত্মহত্যা নে হত্যা, তাক লৈ ৰহস্য অব্যাহত আছে ।

ডিকমত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ :

ইফালে ডিব্ৰুগড়ৰ ডিকমৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হয় । ডিকম মছজিদৰ নিচেই কাষতে যুৱকজনৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । পথৰ সমীপৰ জংঘলত উদ্ধাৰ হয় মৃতদেহটো । অৱশ্যে যুৱকজনৰ পৰিচয় জানিব পৰা হোৱা নাই । ডিকম আৰু লাহোৱাল আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক :হত্যাকাৰী বাঘ ক'ত ? কেতিয়া যাব চিৰিয়াখানালৈ ? - TIGER ATTACK IN ORANG NATIONAL PARK

ABOUT THE AUTHOR

...view details