অসম

assam

ETV Bharat / state

সুৰাৰ প্ৰচলন বন্ধৰ দাবীত আৰক্ষী চকী ঘেৰাও ক্ষোভিত মহিলাৰ - Protest in Lakhimpur - PROTEST IN LAKHIMPUR

Protest in Lakhimpur : সুৰাৰ প্ৰচলন বন্ধৰ দাবীত ৰাজপথলৈ ওলাই আহিল ক্ষোভিত মহিলা ৷ আৰক্ষী চকী ঘেৰাও কৰি উত্তাল প্ৰতিবাদ ক্ষোভিত মহিলাৰ ৷

Women protest in Lakhimpur demanding ban on the sale of alcoholic beverages
সুৰাৰ প্ৰচলন বন্ধৰ দাবীত আৰক্ষী চকী ঘেৰাও ক্ষোভিত মহিলাৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jun 9, 2024, 1:09 PM IST

লখিমপুৰ, 9 জুন : ৰাজ্য চৰকাৰে মদৰ প্ৰচলন বৃদ্ধি কৰিবলৈ সুৰাৰ দোকানীক নিৰ্দেশ প্ৰদান কৰাৰ সময়তে লখিমপুৰত সুৰাৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল ক্ষোভিত মহিলা ৷ লখিমপুৰত মদ, ভাং, ড্ৰাগছৰ প্ৰচলন হ্ৰাসৰ দাবীৰে ৰাজপথলৈ ওলাই আহিল মহিলা ।

সুৰাৰ প্ৰচলন বন্ধৰ দাবীত আৰক্ষী চকী ঘেৰাও ক্ষোভিত মহিলাৰ (ETV Bharat Assam)

শনিবাৰে লখিমপুৰত মদ, ভাং, ড্ৰাগচৰ প্ৰচলন বন্ধৰ দাবী তুলি ৰাজপথলৈ ওলাই অহা মহিলাই আৰক্ষী চকী ঘেৰাও কৰি সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ । লখিমপুৰৰ লীলাবাৰী আৰক্ষী চকী ঘেৰাও কৰি চুকুলিভৰীয়া মিলনপুৰ গাঁও মহিলা সমাজে প্ৰতিবাদ সাব্যস্ত কৰে ।

প্ৰতিবাদী মহিলাসকলে সমদল কৰি আহি আৰক্ষী চকীত উপস্থিত হৈ তৎকালীনভাবে অঞ্চলটোৰ পৰা মদ, ভাং, ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাবলৈ আৰক্ষীক দাবী জনায় । লগতে ক্ষুব্ধ মহিলাসকলে ৰাজ্য চৰকাৰক সমালোচনাও কৰে ৷

সুৰাৰ প্ৰচলন বন্ধৰ দাবীত আৰক্ষী চকী ঘেৰাও ক্ষোভিত মহিলাৰ (ETV Bharat Assam)

তেওঁ কয়, "বিহাৰ চৰকাৰে মদৰ প্ৰচলন বন্ধ কৰাৰ বিপৰীতে অসম চৰকাৰে ৰাজহ বৃদ্ধিৰ বাবে মদৰ প্ৰচলন বৃদ্ধি কৰিছে । লক্ষণীয়ভাৱে দিনে দিনে লীলাবাৰী অঞ্চলটোত বৃদ্ধি পাইছে এইবোৰৰ প্ৰচলন । একাংশ যুৱকে অবাধে এই মদ, ভাং, ড্ৰাগছ সেৱন কৰাৰ পৰিণতিতে অঞ্চলটোত বৃদ্ধি পাইছে বহু অসামাজিক ঘটনা । যিয়ে দূষিত কৰি পেলাইছে সামাজিক পৰিৱেশ ।"

উল্লেখ কৰা প্ৰয়োজন যে, বিগত পাঁচ জুনৰ দিনা শুই থকা অৱস্থাতে অঞ্চলটোৰ এগৰাকী মহিলাক চোকা অস্ত্ৰেৰে বেয়াকৈ আহত কৰে দুৰ্বৃত্তই । ইয়াৰ কাৰণ মহিলাসকলে অঞ্চলটোত ৰাগীয়াল সামগ্ৰীৰ অবাধ প্ৰচলন বুলি দাবী কৰিছে ৷ সেয়েহে অতিষ্ঠ মহিলাসকলে প্ৰখৰ ৰ’দকো আওকাণ কৰি ৰাগীয়াল সামগ্ৰীৰ প্ৰচলনৰ বিৰুদ্ধে শনিবাৰে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ।

লগতে পঢ়ক:সুৰা বিক্ৰী কৰি অসমীয়া মানুহৰ ঘৰবোৰ পংগু কৰিব বিচাৰিছে ! প্ৰশ্ন ৰাইজৰ... - LIQUOR SALE IN ASSAM

ABOUT THE AUTHOR

...view details