অসম

assam

ETV Bharat / state

অনুসূচিত জাতি পৰিষদৰ কাৰ্যালয় চৌহদত মহিলাৰ মৃতদেহ, তন্নতন্নকৈ পৰীক্ষা কৰিছে ফৰেনচিক দলে - DEADBODY RECOVERED IN JORHAT

আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ পৰা প্ৰায় ৫০০ মিটাৰ নিলগত মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ ৰহস্য় ।

forensic team examined in Jorhat
অনুসূচিত জাতি পৰিষদৰ কাৰ্যালয় চৌহদত মহিলাৰ মৃতদেহ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Feb 12, 2025, 6:36 PM IST

যোৰহাট: যোৰহাটৰ সদৌ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কাৰ্যালয় চৌহদত মঙলবাৰে দুপৰীয়া এগৰাকী অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাৰ প্ৰতিক্ৰিয়া আজিও অব্য়াহত আছে । মঙলবাৰে যোৰহাট নগৰৰ পুৰণা আৱৰ্ত ভৱন পথৰ সমীপত থকা সদৌ অনুসূচিত জাতি ছাত্ৰ সন্থা কাৰ্যালয় চৌহদৰ ভিতৰত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হয় । ইয়াৰ পিচতেই এই মৃতদেহটোক লৈ সৃষ্টি হৈছে ৰহস্য়ৰ ।

যোৰহাট পৌৰসভা কাৰ্যালয়ৰ সমীপ আৰু আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ পৰা প্ৰায় ৫০০ মিটাৰ নিলগৰ পুৰণা আৱৰ্ত ভৱনৰ পথৰ কাষত থকা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ চৌহদত উদ্ধাৰ হোৱা মহিলাগৰাকীৰ দেহত আঘাতৰ চিন স্পষ্ট হৈ আছে । এই ঘটনাৰ বিষয়ে সৰ্বত্ৰে বিয়পি পৰাৰ লগে লগে আৰক্ষীৰ শীৰ্ষ বিষয়াই যোৱা নিশাই ঘটনাস্থলীত উপস্থিত হয় ।

অনুসূচিত জাতি পৰিষদৰ কাৰ্যালয় চৌহদত মহিলাৰ মৃতদেহ (ETV Bharat Assam)

যোৱা নিশাৰে পৰা বুধবাৰে দিনৰ ভাগলৈকে শীৰ্ষ আৰক্ষী বিষয়াৰ নেতৃত্বত আৰক্ষী দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে । আৰক্ষীয়ে লগতে ঘটনাস্থলীৰ সকলো ঠাই,বয়-বস্তু পুংখানুপুংখভাৱে অনুসন্ধান আৰম্ভ কৰিছে । কিন্তু উলিয়াব পৰা নাই কোনো বিশেষ তথ্য ।

আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থাক লৈ প্ৰশ্ন :

আনহাতে,অনুসূচিত জাতি ছাত্র সন্থাৰ কাৰ্যালয় চৌহদত অৰ্ধ উলংগ অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে । পৰিষদৰ বিষয়ববীয়া অৰ্জুন মণি ভূঞাই কয়," এগৰাকী মহিলাক হত্যা কৰি অৰ্ধ উলংগ অৱস্থাত মৃতদেহ পেলাই থৈ যোৱা ঘটনাই আৰক্ষীৰ নিৰাপত্তা দিশটোৰ প্ৰতি প্ৰশ্ন উঠিছে । কাৰণ যি স্থানত মহিলাগৰাকীৰ মৃতদেহ পেলোৱা হৈছে সেই স্থানৰ পথটো সদায় আন্ধাৰত বুৰ যায় । ফলত ইয়াত বহু অসামাজিক কাৰ্য-কলাপ চলি থাকে । তাৰ পিছতো উক্ত পথটোত আৰক্ষীয়ে তহলৰ ব্যৱস্থা কৰা নাই । যোৰহাট পৌৰসভাই আজিপৰ্যন্ত পথটোত ষ্ট্ৰীট লাইটৰ ব্যৱস্থা নকৰাত এনে এটা দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হ'ল ।"

উল্লেখ্য় যে প্ৰায় ৩০-৩৫ বছৰীয়া এগৰাকী মহিলাক হত্যা কৰি মৃতদেহটো অৰাজনৈতিক সংগঠনৰ কাৰ্যালয়ৰ চৌহদত পেলোৱা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাত যোৱা নিশাৰে পৰাই শীৰ্ষ আৰক্ষী বিষয়াৰ নেতৃত্বত আৰক্ষী দল ঘনে ঘনে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে । যোৰহাট আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰ, আইন শৃংখলাৰ উপ-আৰক্ষী অধীক্ষক লুনা সোণোৱাল, যোৰহাট সদৰ থানাৰ আৰক্ষী বিষয়া ৰাহুল দেউৰীৰ নেতৃত্বত আৰক্ষীৰ দলে মঙলবাৰে নিশাৰ পৰা আজি পৰ্যন্ত ঘটনাস্থলীত উপস্থিত হৈ তদন্ত চলাইছে ।

ফৰেনচিক দল ঘটনাস্থলীত উপস্থিত :

আনহাতে, গুৱাহাটীৰ পৰা অহা তিনিজনীয়া ফৰেনচিক দল ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ প্ৰতিটো দিশ তন্নতন্নকৈ পৰীক্ষা কৰিছে । এই মুহূৰ্তলৈকে তিনিজনীয়া দলটোৱে তদন্তৰ খাতিৰত কোনো ধৰণৰ মন্তব্য দিয়া নাই ।

লগতে পঢ়ক:অনুসূচিত জাতি পৰিষদৰ কাৰ্যালয় চৌহদত কোনে পেলাই থৈ গ'ল মহিলাৰ মৃতদেহ ? - DEADBODY RECOVERED IN JORHAT

ABOUT THE AUTHOR

...view details