ডিব্ৰুগড়,৭ আগষ্ট:বানৰ ভয়াবহতাৰ পাচতেই বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰিছে বন্যপ্ৰাণীসমূহ । ডিব্ৰুগড়ৰ খোৱাঙত বনৰীয়া ম'হে আতংকময় পৰিৱেশ সৃষ্টি কৰিছে । খোৱাঙৰ বুঢ়ীখোৱাঙত দুটামান দিনৰ পূৰ্বে ইয়াৰে এটা বনৰীয়া ম'হে এজন লোকক আক্ৰমণ কৰি হত্যা কৰাৰ লগতে আন এজন লোকক গুৰুতৰভাৱে আহত কৰিছিল । ইয়াৰ পাচতেই বনৰীয়া ম'হৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বন বিভাগক দাবী জনাইছিল অঞ্চলটোৰ ৰাইজে ।
মঙলবাৰৰ পৰা ম'হ ধৰিবলৈ তৎপৰ হৈছে বন বিভাগ । কিন্তু মঙলবাৰৰ দিনটোত সফল হ'ব পৰা নাছিল বন বিভাগৰ বৃহৎ দলটো । খোৱাঙত নৰহত্যাকাৰী দুটাকৈ বনৰীয়া ম'হে পুনৰ নগুৰ-নাকটি কৰিলে বন বিভাগক । মঙলবাৰৰ পৰা বনৰীয়া ম'হ দুটাক ট্ৰেংকুলাইজ কৰিবলৈ চেষ্টা চলাই থকা বন বিভাগে বুধবাৰৰ দিনটোত উপায়ন্তৰ হৈ ১১ জাঁইকৈ গুলী ফুটুৱাই ম'হ দুটাক খেদি পথাবলৈ বাধ্য হয় ।