অসম

assam

ETV Bharat / state

তিনি বৰণীয়া জাতীয় পতাকা নীল আকাশত নাচে... কোনে ক'ত উৰুৱাব দেশৰ ধ্বজা - REPUBLIC DAY 2025

দেওবাৰে দেশে উদযাপন কৰিব 76 সংখ্যক গণৰাজ্য দিৱস ৷ এই দিৱসত পুৱাই কোন মন্ত্রীয়ে ক'ত পতাকা উৰুৱাব জানো আহক...

Republic Day 2025
দেওবাৰে কোনে ক’ত তুলিব গণৰাজ্য দিৱসৰ পতাকা ? (ETV Bharat)

By ETV Bharat Assamese Team

Published : Jan 25, 2025, 8:36 AM IST

গুৱাহাটী :সমগ্ৰ দেশৰ লগতে অসমতো দেওবাৰে উলহ-মালহেৰে উদযাপন কৰা হ'ব গণৰাজ্য দিৱস । গণৰাজ্য দিৱস উদযাপনৰ বাবে সাজু কৰি তোলা হৈছে চৰকাৰী কাৰ্যসূচী । কোন মন্ত্ৰীয়ে ক'ত গণৰাজ্য দিৱসৰ পতাকা উৰুৱাব তাৰ কাৰ্যসূচীও প্ৰস্তুত কৰা হৈছে ।

সেই কাৰ্যসূচী অনুসৰি -

কোন মন্ত্ৰীয়ে ক’ত ’25 গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিব ? (ETV Bharat)

গুৱাহাটীৰ খানাপাৰাত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা গণৰাজ্য দিৱসৰ অনুষ্ঠানত পতাকাউৰুৱাব ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই

ডিব্ৰুগড়ত পতাকা উৰুৱাব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই

দৰঙত পতাকা উৰুৱাব মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে

শিৱসাগৰত পতাকা উৰুৱাব মন্ত্ৰী অতুল বৰাই

বঙাইগাঁৱত পতাকা উৰুৱাব মন্ত্ৰী কেশৱ মহন্তই

নলবাৰীত পতাকা উৰুৱাব মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই

বৰপেটাত পতাকা উৰুৱাব মন্ত্ৰী নন্দিতা গাৰ্লোচাই

চিৰাঙত পতাকা উৰুৱাব মন্ত্ৰী ইউ জি ব্ৰক্ষ্মই

কোন মন্ত্ৰীয়ে ক’ত গণৰাজ্য দিৱসৰ পতাকা উৰুৱাব ? (ETV Bharat)

কামৰূপত পতাকা উৰুৱাব মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে

ধেমাজিত পতাকা উৰুৱাব মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে

নগাঁৱত পতাকা উৰুৱাব মন্ত্ৰী অশোক সিংহলে

মাহমৰাত পতাকা উৰুৱাব মন্ত্ৰী যোগেন মহনে

গোলাঘাটত পতাকা উৰুৱাব মন্ত্ৰী অজন্তা নেওগে

জাতীয় পতাকা (ETV Bharat)

শোণিতপুৰত পতাকা উৰুৱাব মন্ত্ৰী পীযুষ হাজৰীকাই

যোৰহাটত পতাকা উৰুৱাব মন্ত্ৰী বিমল বড়াই

তিনিচুকীয়াত পতাকা উৰুৱাব মন্ত্ৰী প্ৰশান্ত ফুকনে

কাছাৰত পতাকা উৰুৱাব মন্ত্ৰী কৌশিক ৰায়ে

শ্ৰীভূমিত পতাকা উৰুৱাব মন্ত্ৰী কৃষ্ণেন্দু পালে

গণৰাজ্য দিৱস (@assampolice)

লখিমপুৰত পতাকা উৰুৱাব মন্ত্ৰী ৰূপেশ গোৱালাই

ডিফুত পতাকা উৰুৱাব মুখ্য কৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে

কোকৰাঝাৰত পতাকা উৰুৱাব বি টি আৰৰ মুৰব্বী প্ৰমোদ বড়োয়ে

হাফলঙত পতাকা উৰুৱাব দেৱলাল গাৰ্লোচাই

গোৱালপাৰাত পতাকা উৰুৱাব ডাঃ নোমল মমিনে আৰু

ওদালগুৰিত পতাকা উৰুৱাব গোবিন্দ বসুমতাৰীয়ে

ইফালে গণৰাজ্য দিৱস উপলক্ষ্যে গুৱাহাটীকে ধৰি ৰাজ্যজুৰি কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে । ক’তো যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ বাবে নিচ্ছিদ্ৰ নিৰাপত্তা ব্যৱস্থা কৰা হৈছে ।

লগতে পঢ়ক :গণৰাজ্য দিৱসত কূটাঘাতৰ আশংকা; তিনিচুকীয়াত আৰক্ষীৰ ব্যাপক তৎপৰতা

ABOUT THE AUTHOR

...view details