গুৱাহাটী, ৭ আগষ্ট: গুৱাহাটীত সোমবাৰে হোৱা কৃত্ৰিম বান পৰিস্থিতি সন্দৰ্ভত আজিও অব্যাহত আছে প্ৰতিক্ৰিয়া । বুধবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত গুৱাহাটীৰ ভয়াৱহ বান পৰিস্থিতি সন্দৰ্ভত প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামী আৰু প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই এক সংবাদমেল সম্বোধন কৰে । ভয়াবহ বানত গাড়ী আৰু আন সম্পত্তি নষ্ট হোৱা লোকসকলক ক্ষতিপূৰণ দিবলৈ দাবী জনাই প্ৰদেশ কংগ্ৰেছে ।
সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই কয়, "গুৱাহাটী বানত অৱৰুদ্ধ হৈ থকাৰ সময়ত মুখ্যমন্ত্ৰী আৰু সকলো মন্ত্ৰী পৰিষদে এ চি ৰূমত বহি দলীয় পৰ্যালোচনা কৰি থকাৰ বাদে বানত ককবকাই থকা লোকক উদ্ধাৰৰ কোনো ব্যৱস্থা কৰা নাছিল । প্ৰশাসনিক ব্যৱস্থাটো মুখ্যমন্ত্ৰী আৰু বিজেপিৰ মন্ত্ৰী-বিধায়কসকলৰ সুৰক্ষা আৰু নিৰাপত্তাত ব্যস্ত আছিল । মুখ্যমন্ত্ৰীয়ে কোনো চেষ্টা নকৰাৰ বাবে ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হৈছিল আৰু সেইবাবে কৰদাতা ৰাইজক ক্ষতিপূৰণ দিবলৈ দাবী জনাইছে কংগ্ৰেছে ।"
বেদব্ৰত বৰাই লগতে কয়, "৮০২ কোটি টকা স্মাৰ্ট চিটীৰ নামত ব্যয় কৰাৰ ৮ বছৰ পিচতো গুৱাহাটীৰ মানুহৰ বুনিয়াদী সমস্যা কিয় সমাধান নহ’ল ? ২০১৬ চনত প্ৰধানমন্ত্ৰীয়ে স্মাৰ্ট চিটি ঘোষণা কৰা অসমত এতিয়ালৈকে ১৪ টা প্ৰকল্পৰ নামত ৮০২ কোটি টকা ব্যয় কৰা হৈছে । ব্ৰহ্মপুত্ৰৰ পাৰৰ সৌন্দৰ্য বৰ্ধনৰ নামত ৩২৭.৩০ কোটি, ২০০ খন ইলেকট্ৰিক বাছ ক্ৰয়ৰ নামত ২৬০.৭৭ কোটি, ট্ৰেফিক মেনেজমেণ্ট ছিষ্টেমৰ নামত ৭৮.৪৪ কোটি, এলইডি লাইটৰ নামত ২৩ কোটি, জ্যোতি প্ৰকল্পত ১৪.৫৭ কোটি, দক্ষিণপাট সত্ৰ উন্নয়নৰ নামত ১৪.৩২ কোটি, উমানন্দ মন্দিৰৰ উন্নয়নৰ নামত ১৪.২ কোটি, অশ্বক্লান্ত দেৱালয় উন্নয়নৰ নামত ১০.৮২ কোটি ব্যয় কৰা হৈছে ।"
লগতে তেওঁ উল্লেখ কৰে, "কলাক্ষেত্ৰত লাইট এণ্ড ছাউণ্ড শ্ব’ৰ নামত ৮.২৮ কোটি, কলাক্ষেত্ৰৰ সৌন্দৰ্যবৰ্ধনৰ নামত ৪.৯৬ কোটি, গান্ধী মণ্ডপৰ উন্নয়নৰ নামত ১১ কোটি, ১০০ খন চি এন জি বাছ ক্ৰয়ৰ নামত ২৯ কোটি আৰু জজ ফিল্ড উন্নয়নৰ নামত ৫.৬৬ কোটি টকা ইতিমধ্যে ব্যয় কৰা হৈছে । ১৪টা প্ৰকল্পৰ নামত ব্যয় কৰা এই ৮০২.৩৩ কোটি টকা কোন বিভাগে কেনেকৈ ব্যয় কৰিলে তাৰ এক শ্বেতপত্ৰ প্ৰকাশৰ বাবে আমি কংগ্ৰেছ দলে চৰকাৰৰ ওচৰত দাবী জনাইছো ।"