অসম

assam

By ETV Bharat Assamese Team

Published : Jun 10, 2024, 11:04 PM IST

ETV Bharat / state

তপন কুমাৰ গগৈৰ পৰাজয়ৰ আঁৰৰ কাৰণ কি ? কি কয় যোৰহাটবাসীয়ে - GOURAV GOGOI VS TOPON KUMAR GOGOI

Gourav Gogoi vs Tapan Kumar Gogoi : সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত ৰাজ্যৰ লোকসভা সমষ্টিবোৰৰ ভিতৰত সকলোৰে দৃষ্টি নিবদ্ধ আছিল যোৰহাট সমষ্টিৰ ওপৰত । কিয়নো এই সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছিল দুগৰাকীকৈ সাংসদে । তেওঁলোক হৈছে কংগ্ৰেছৰ গৌৰৱ গগৈ আৰু বিজেপিৰ তপন কুমাৰ গগৈ । বিজেপিৰ তৰফৰ পৰা তপন কুমাৰ গগৈক বিজয়ী কৰাবলৈ চেষ্টাৰ কোনো ধৰণৰ ত্ৰুটি কৰা নাছিল । কিন্তু তাৰ পিচতো পৰাজয়বৰণ কৰিবলগা হয় তপন কুমাৰ গগৈয়ে । শাসকীয় দলটোৱে সকলো প্ৰকাৰৰ চেষ্টা কৰাৰ পিচতো যোৰহাটত কিয় পৰাজিত হ'ল তপন কুমাৰ গগৈয়ে ? যোৰহাটবাসীয়ে এই সন্দৰ্ভত কিয় কয় ? এই সমগ্ৰ বিষয় সামৰি ইটিভি ভাৰত অসমৰ যোৰহাটৰ সংবাদদাতা জিণ্টু শইকীয়াৰ এক প্ৰতিবেদন ।

Gourav Gogoi vs Topon Kumar Gogoi
তপন গগৈৰ পৰাজয়ৰ কাৰণ বিশ্লেষণ (ETV Bharat Assam)

যোৰহাট, ১০ জুন : সদ্যঘোষিত লোকসভা নিৰ্বাচনৰ ফলাফলত ১৪ নং যোৰহাট লোকসভা সমষ্টিৰ পৰা জয়লাভ কৰে গৌৰৱ গগৈয়ে । ১৭ সংখ্যক লোকসভাত কলিয়াবৰ সমষ্টিক প্ৰতিনিধিত্ব কৰা কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিচত এইবাৰ যোৰহাট লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বতা আগবঢ়ায় ।

যোৰহাটত কিয় পৰাস্ত হ'ল তপন কুমাৰ গগৈ (ETV Bharat Assam)

আনহাতে, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে পুনৰবাৰ বিজেপিৰ পৰা সমষ্টিটোৰ বাবে প্ৰাৰ্থিত্ব লাভ কৰে । কিন্তু এইবাৰ নিৰ্বাচনত বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈক ১,৪৪,৩৯৩ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি নিম্ন সদনলৈ নিৰ্বাচিত হয় গৌৰৱ গগৈ ।

ইয়াৰ পিচতে যোৰহাটত তপন কুমাৰ গগৈৰ পৰাজয়ে বিজেপিৰ বৰঘৰত তীব্ৰ খলকনিৰ সৃষ্টি কৰে । অসমৰ ৰাজনীতিত এতিয়া এটা কথায়ে যেন চৰ্চাৰ বিষয়, যোৰহাটত গৌৰৱ গগৈৰ জয় আৰু তপন কুমাৰ গগৈৰ পৰাজয় । কিয়নো যোৰহাটত তপন গগৈক বিজয়মালা পিন্ধাবৰ বাবে অসম চৰকাৰ তথা বিজেপিৰ সকলো পৰ্যায়ৰ নেতা-কৰ্মী উবুৰি খাই পৰিছিল । তাৰ পিচতো কিয় পৰাজয়বৰণ কৰিবলগা হ'ল তপন কুমাৰ গগৈয়ে ? এই বিষয়ক লৈ এতিয়া বিজেপি দলৰ মাজতো পোষ্টমৰ্টেম আৰম্ভ হৈছে ।

কিন্তু তপন কুমাৰ গগৈৰ পৰাজয়ৰ প্ৰকৃত কাৰণ বিচাৰি আমি তৃণমূল স্তৰত এক বিশ্লেষণ কৰিবলৈ স্থানীয় ভোটাৰৰ মতাদৰ্শ ল'বলৈ চেষ্টা কৰোঁ । যোৰহাটৰ স্থানীয় ভোটাৰে এই সন্দৰ্ভত আগবঢ়ায় তেওঁলোকৰ নিজৰ নিজৰ মতামত ।

বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ পৰাজয়ৰ কাৰণসমূহ উল্লেখ কৰি যোৰহাটবাসীয়ে কয় যে তপন কুমাৰ গগৈয়ে যোৰহাট লোকসভা সমষ্টিৰ জাতীয় সমস্যাসমূহ এৰাই চলিছিল । ঠিক তেনেদৰে যোৰহাটত ব্যাপকভাৱে প্ৰচাৰ চলিছিল নীৰৱ আৰু সৰৱ সাংসদক লৈ । কাৰণ গৌৰৱ গগৈয়ে সংসদত দেখুওৱা পাৰদৰ্শিতাই সাধাৰণ ভোটাৰক আকৰ্ষিত কৰিছিল । যিটো বিষয়ত তপন কুমাৰ গগৈ বেকফুটলৈ গুচি গৈছিল ।

আনহাতে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁ মন্ত্ৰীসভাৰ লগতে বিজেপি নেতা-কৰ্মীৰ আগ্ৰাসী প্ৰচাৰ, নিৰ্বাচনৰ সময়ত কংগ্ৰেছ দলৰ বিয়োগোম নেতাক বিজেপিত যোগদান কৰোৱাত নিষ্ঠাৱান বিজেপি নেতা-কৰ্মীসকলৰ মাজত তীব্ৰ অসন্তুষ্টিয়ে দেখা দিছিল ।

লগতে নতুন প্ৰজন্মৰ ভোটাৰসকল গৌৰৱ গগৈৰ প্ৰতি আকৰ্ষিত হৈছিল । আনহাতে, সীমা সমস্যা, নাগৰিকত্ব সংশোধনী বিধেয়ক, ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতি নীৰৱ ভূমিকা, গৰাখহনীয়া, চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ দ্ৰুত নিৰ্মাণত কোনোৰণৰ পদক্ষেপ গ্ৰহণ নকৰা আদি কাৰণসমূহৰ বাবেও তপন কুমাৰ গগৈয়ে পৰাজয়বৰণ কৰা বুলি একাংশ ভোটাৰে ক'ব বিচাৰে ।

ইয়াৰ উপৰি জনজীৱন আৰু জাতীয় জীৱনৰ সৈতে সংপৃক্ত বিষয়বোৰ সংসদত উত্থাপনত উল্লেখনীয় পদক্ষেপ গ্ৰহণ নকৰা বিষয়টোও তপন কুমাৰ গগৈৰ পৰাজয়ৰ আন এক কাৰণ বুলি উল্লেখ কৰে । লগতে একাংশ বিজেপি আৰু অসম গণ পৰিষদৰ কৰ্মীৰ অসহযোগিতা, যোৰহাট লোকসভা সমষ্টিৰ ৰাইজৰ সৈতে সম্পৰ্ক এৰাই চলা আদি কাৰণৰ বাবেও তপন কুমাৰ গগৈয়ে পৰাজয়বৰণ কৰিলে বুলি যোৰহাটবাসীয়ে মত প্ৰকাশ কৰে ।

লগতে পঢ়ক :যোৰহাট লোকসভা সমষ্টিত চক্ৰবেহু ৰচনাত কি ভুল কৰিলে বিজেপিয়ে ? - LS polls 2024 results

ABOUT THE AUTHOR

...view details