অসম

assam

ETV Bharat / state

বিদ্যুৎস্পৃষ্ট হৈ বহিঃৰাজ্যৰ ট্ৰাকচালকৰ মৃত্যু

Moran tragic incident : মৃত্য়ুৱে যেন হাতবাউলি মাতিছিল চালকজনক । পথৰ কাষত ট্ৰাক ৰখাইছিল লোহা নমবালৈ ধৰোতেই ঢলি পৰিল মৃত্য়ুকোলাত ।

Moran tragic incident
বিদ্যুৎ পৰিবাহী তাঁৰত লাগি নিহত (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Oct 28, 2024, 1:08 PM IST

মৰাণ :লোহাভৰ্তি ট্ৰাক লৈ চালকজন আহিছিল মৰাণলৈ । পথৰ কাষত ট্ৰাকখন ৰখাইছিল লোহা নমবালৈ । তেতিয়ালৈ হয়তো কোনোৱেই ভবা নাছিল তাত চালকজনৰ মৃত্য়ুদূত ৰৈ আছিল । হঠাতেই ঘটি গ'ল ঘটনাটো ।

লোহাভৰ্তি ট্ৰাকৰ পৰা লোহা নমাবলৈ লওঁতেই মৰাণত বিদ্যুৎস্পৃষ্ট হৈ মত্য়ু বহিঃৰাজ্যৰ এজন ট্ৰাকচালকৰ । নিহত চালকজন পশ্চিমবংগৰ মুৰ্ছিদাবাদৰ ৰফিকুল ইছলাম বুলি চিনাক্ত কৰা হৈছে ।

বিদ্যুৎ পৰিবাহী তাঁৰত লাগি নিহত (ETV Bharat Assam)

JH 10 CB 5267 নম্বৰৰ ট্ৰাকখনেৰে মৰাণৰ লাচিত নগৰস্থিত ৰাইনো এণ্টাৰপ্ৰাইজ নামৰ ব্যৱসায়ী প্ৰতিষ্ঠানখনলৈ আনিছিল লোহা । সোমবাৰে পুৱা প্ৰতিষ্ঠানখনৰ সন্মুখত ট্ৰাক ৰখাই লোহা নমাবলৈ লওঁতেই ওপৰেদি পাৰহৈ যোৱা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি থিতাতে নিহত হয় চালকজন ৷

  • ব্যৱসায়ীৰ বিৰুদ্ধে অমনোযোগিতাৰ অভিযোগ

মৰাণৰ একাংশ ব্যৱসায়ীৰ এনে অমনোযোগিতা আৰু এনে বিপদসংকুল ঠাইত গাড়ীৰ পৰা লোহা উঠা-নমোৱা কৰাৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উঠিছে ৷ বহু ব্যৱসায়ীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে বৃহৎ বৃহৎ ট্ৰেইলাৰ ৰখাই লোহা-টিন আদি উঠোৱা-নমোৱা কৰাত বহু দুৰ্ঘটনা সংঘটিত হৈছে যদিও স্থানীয় আৰক্ষী-প্ৰশাসনে কোনো পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ।

  • ঘটনাক লৈ কি কয় ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৰাকীয়ে :

এই ঘটনাক লৈ স্থানীয় ব্যৱসায়িক প্ৰতিষ্ঠানৰগৰাকীয়ে উল্লেখ কৰা অনুসৰি পুৱা ব্যৱসায়িক প্ৰতিষ্ঠানখন পোৱা পাছতে লোহাভৰ্তি ট্ৰাকৰ পৰা আনলোড কৰিবলৈ গাড়ী খনৰ টিৰ্পালখন খুলিছিল চালকজনে । কিন্তু সেই সময়ত বিদ্যুতৰ তাঁৰডাল কিছু তললৈ আহি আছিল । তেনে অৱস্থাত টিৰ্পালখন আঁতৰাই থাকোতেই বিদ্যুৎস্পৃষ্ট হয় চালকজন । ট্ৰাক চালকজন ট্ৰাকৰ ওপৰত পৰি থকা দেখি বিদ্যুৎ বিভাগক খবৰ দিয়া হয় ৷ তাৰ পাচতে বিদ্যুৎ কৰ্তন কৰা হৈছে ।

লগতে পঢ়ক:মৰ্মান্তিক : লক্ষীপুৰত বিদ্যুৎস্পৃষ্ট হৈ পিতা-পুত্ৰৰ কৰুণ মৃত্যু - Death Due To Electrocution

বায়ুসেনা ঘাটিত দুই কৰ্মচাৰীৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু

ABOUT THE AUTHOR

...view details