অসম

assam

ETV Bharat / state

ভ্ৰমণৰ আনন্দ ল’বলৈ তেজপুৰলৈ আহিলে নোচোৱাকৈ নাযাব এইকেইটা স্থান... - Tourist spots in tezpur

Tezpur Tourist spots: ভ্ৰমণপ্ৰেমী সকলে সদায়ে নতুন নতুন ঠাইলৈ গৈ নতুন অভিজ্ঞতা আহৰণৰ সুযোগ বিচাৰি থাকে ৷ ভাললগা ঠাইসমূহলৈ গৈ স্বচক্ষে সৌন্দৰ্য উপভোগৰ বাসনা সকলোৰে থাকে ৷ পৰ্যটকৰ বাবে বিভিন্ন আকৰেৰে ভৰপূৰ অসম ৷ তেজপুৰ চহৰতো আছে পৰ্যটকক আকৰ্ষণ কৰিব পৰা বিভিন্ন ঠাই ৷ এভূমুকি মাৰোঁ আহক তেজপুৰৰ পৰ্যটন থলীত...

Tezpur Tourist spot
Tourist spots in tezpur (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : May 20, 2024, 6:50 PM IST


তেজপুৰ, ২০ মে': প্ৰাকৃতিক সৌন্দৰ্য, ঐতিহাসিক সমল, সাংস্কৃতিক সমল আদিৰে ভৰপূৰ স্থান ভ্ৰমণ কৰাৰ হাবিয়াস সকলোৰে মনতে থাকে ৷ ভ্ৰমণে মনত আনন্দ দিয়াৰ লগতে বিভিন্ন ঠাইৰ ইতিহাস, কৃষ্টি-সংস্কৃতি, ৰীতি-নীতি-লোকাচাৰ আদি সন্দৰ্ভত মানুহৰ জ্ঞান বৃদ্ধি কৰে ৷ আগ্ৰাৰ তাজমহল, মহাৰাষ্ট্ৰৰ অজন্তা-ইলোৰা, মথুৰা-বৃন্দাবনৰ আদিৰ লগতে ঐতিহাসিক লোকগাঁঠা, প্ৰাকৃতিক সমল আদিৰে ভৰপূৰ অসমলৈও পৰ্যটকৰ সোঁত বয় বছৰৰ ভিন্ন সময়ত ৷

দেশৰ ভিন্ন প্ৰান্তৰ পৰ্যটন ক্ষেত্ৰৰ সমান্তৰালভাৱে অসমতো আছে পৰ্যটকক আকৰ্ষণ কৰিব পৰা বিশেষ ঠাই আছে তথা সমল ৷ ইয়াৰ ভিতৰত শোণিতপুৰ আৰু বিশ্বনাথতো আছে এনে ধৰণৰ ভ্ৰমণৰ বাবে উপযোগী স্থান, যিবোৰ চাবলৈ ৰাজ্যৰ লগতে দেশৰ আন প্ৰান্তৰ লোকো ঢপলিয়াই আহে ৷ শেহতীয়াকৈ দেশৰ পৰ্যটন বিভাগে বিশ্বনাথৰ ভাৰতৰ শ্ৰেষ্ঠ পৰ্যটন গাঁও হিচাপে নিৰ্বাচিত কৰিছে "বিশ্বনাথঘাটক" ।

চিত্ৰলেখা উদ্যান (ETV Bharat Assam)

আপুনি যদি তেজপুৰ চহৰৰ ফুৰিবলৈ আহে তেনেহ’লে কোন কোন ঠাইলৈ যাব ? হয়তো আপুনি ভাবিব যে অগ্নিগড় আৰু চিত্ৰলেখা উদ্যান পৰিদৰ্শন কৰাৰ কথা ৷ কাৰণ এই দুয়োখন ঠাই পৰ্যটকৰ বাবে পৰিচিত । নিশ্চিতভাৱে তেজপুৰ চহৰৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু এই দুয়োখন ঠাই । চহৰৰ গাতে লাগি থকা দুয়োখন ঠাই বিশেষ পৰ্যটনৰ আকৰ্ষণ স্থলী হিচাবে বিবেচিত হৈ আহিছে । কিন্তু ইয়াৰ বাহিৰেও তেজপুৰত আন বহুকেইটা স্থান আছে, যি পৰ্যটকৰ আকৰ্ষণৰ থলী হিচাপে বিবেচনা কৰা হয় ৷

চিত্ৰলেখা উদ্যান বা ক'ল পার্ক :তেজপুৰ চহৰৰ মাজ মজিয়াত অৱস্থিত চিত্ৰলেখা উদ্যান ৷ এই উদ্যানখনক 'ক'ল পাৰ্ক’ বুলিও কোৱা হয় ৷ Cole Park নামটো এইবাবেই দিয়া হৈছিল, কাৰণ ব্ৰিটিছ চাহাবে নিৰ্মাণ কৰিছিল এই পার্কখন । ১৯০৬ চনত অসমৰ এজন ব্ৰিটিছ কমিছনাৰ মিষ্টাৰ ক’লে নিৰ্মাণ কৰা এই উদ্যানখন পিছলৈ ১৯৯৬ চনত তেজপুৰৰ তদানীন্তন উপায়ুক্ত এম.জি.ভি.কে ভানুৱে পুনৰ নিৰ্মাণ কৰে । পিছলৈ উদ্যানখনৰ নাম চিত্ৰলেখা উদ্য়ান নামেৰে নামকৰণ কৰা হয়, যিটো পৌৰাণিক চৰিত্ৰ চিত্ৰলেখাৰ কথা সোঁৱৰাই দিয়ে । চিত্ৰলেখা আছিল শোণিতপুৰৰ ৰাজা বাণাসুৰৰ জীয়াৰী ঊষাৰ সখী ।

চিত্ৰলেখা উদ্যান (ETV Bharat Assam)

অগ্নিগড়:
জিলাৰ সদৰ তেজপুৰ চহৰৰ কাষতে অৰ্থাৎ জিলা আয়ুক্তৰ বাসভৱনৰ গাতে লাগি থকা এটা বৃহৎ টিলা, নাম অগ্নিগড় পাহাৰ । জিলা প্ৰশাসনে আৰু তেজপুৰ পাৰিপাৰ্শ্বিক ছ’চাইতিৰ দ্বাৰা পৰ্যটনৰ আকৰ্ষণ কেন্দ্ৰ হিচাপে ইয়াক গঢ়ি তোলা হয় । অগ্নিগড় নিৰ্মাণ কৰিছিল বাণাসুৰ ৰজাই ৷ ইয়াতেই বাণ ৰজাই তেওঁৰ জীয়াৰী ঊষাক আবদ্ধ কৰি ৰাখিছিল । অনিৰুদ্ধক হৰণ, হৰি-হৰৰ যুদ্ধ এই সকলোবোৰ কাহিনীত পুৰাণত লিপিবদ্ধ হৈ আছে ৷ অগ্নিগড়ত এইসমূহ কাহিনীৰ বৰ্ণনা শৈল্য ভাস্কৰ্যৰ দ্বাৰা প্ৰতিফলিত কৰি ৰখা হৈছে ৷ যিবোৰ চাবলৈ দৈনিক পৰ্যটকৰ আগমন ঘটে ।

অগ্নিগড় (ETV Bharat Assam)

লগতে পঢ়ক:কিদৰে লাভ কৰিব ৱাটাৰ ক্ৰাফ্ট জেট স্কি চলোৱাৰ অভিজ্ঞতা ? - Places To Visit In Northeast

বিষ্ণু ৰাভাৰ সমাধিস্থল:
ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত চহৰৰ পৰা কিছু নিলগত সুন্দৰ কৈ নিৰ্মাণ কৰা আছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতি বিজড়িত পার্ক । সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ অসমীয়া সমাজ তথা শিল্প আৰু সাংস্কৃতিক ক্ষেত্ৰলৈ থকা অৱদানৰ কথা প্ৰতিগৰাকী অসমীয়াই আজিও সোঁৱৰণ কৰে ৷ কলাগুৰুৰ বিশেষ গান আৰু তেওঁৰ কৃষক বিপ্লৱৰ কাহিনী শিলত খোদিত কৰি পৰ্যটকক আকৰ্ষণ কৰিব পৰাকৈ এই সমাধিস্থল নিৰ্মাণ কৰা হৈছে ।

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সমাধিস্থল (ETV Bharat Assam)

দ -পৰ্বতীয়া তোৰণ:
শোণিতপুৰলৈ আহিলে দ-পৰ্বতীয়া তোৰণ দৰ্শন নকৰিলে আধৰুৱা হ’ব আপোনাৰ যাত্ৰা ৷ জিলাৰ সদৰ তেজপুৰৰ ঐতিহাসিক দ-পৰ্বতীয়া তোৰণে পৰ্যটনৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে । বৰ্তমান পুৰাতত্ব বিভাগে তত্বাৱধানত ৰাখিছে এই তোৰণ । এই দ-পৰ্বতীয়া গেট বা তোৰণ গুপ্তযুগতে স্থাপন কৰা, ইয়াক খ্ৰীষ্টপূৰ্ব পঞ্চম শতিকাৰ শৈল্য ভাস্কৰ্য বুলি জনা যায় । দ-পৰ্বতীয়া তোৰণত অনুনাকীৰ চিহ্ন পোৱা যায়, যিটো গুপ্তযুগতে শিলত খোদিত কৰা হৈছিল ৷ এই শৈল ভাস্কৰ্যত দেখিবলৈ পোৱা যায় অনুনাকী সদৃশ দৃশ্য অৰ্থাৎ সৰ্পৰ আকৃতিৰ শিলত খোদিত দৃশ্য ।

চিত্ৰলেখা উদ্যান (ETV Bharat Assam)

পদুম পুখুৰী :
চহৰৰ মাজত অৱস্থিত এটা বৃহৎ পুখুৰী নাম পদুম পুখুৰী । পদুম ফুলৰে আৱৰি থকা এই পুখুৰীৰ বিশেষ বৈশিষ্ট্য আছে । ১৯৬২ চনত চীনৰ আক্ৰমণৰ সময়ত তেজপুৰ চহৰৰ ষ্টেট বেংকৰ নগদ ধন, পুৰণা মোহৰ এই পুখুৰীত পেলাই দিয়া হৈছিল । চীনৰ ভয়াৱহ আক্ৰমণৰ ভয়ত চহৰৰ মানুহে নিজৰ ধন-সম্পত্তি এৰি তেজপুৰ চহৰৰ পৰা পলায়ন কৰিছিল ৷

এই পুখুৰীটো চহৰৰ মাজমজিয়াত অৱস্থিত আৰু ইয়াৰ সঠিক উৎপত্তি সময় শতিকাৰ আগৰ বুলি ধাৰণা কৰা হয় । চহৰৰ ব্যস্ততাপূৰ্ণ জীৱনৰ মাজত ই এক শান্তিৰ স্থল হিচাপে বিবেচিত হৈ আহিছে ।

পদুম পুখুৰী (ETV Bharat Assam)

ইয়াৰোপৰি শোণিতপুৰত পৰ্যটকক আকৰ্ষণ কৰিব পৰাকৈ আছে ভৈৰৱী মন্দিৰ, এছিয়াৰ প্ৰসিদ্ধ মহা ভৈৰৱ মন্দিৰ ৷ য’ত দৈনিক বহু পৰ্যটকৰ সমাগম ঘটে ।

মনকৰিবলগীয়া যে শোণিতপুৰৰ লগতে বিশ্বনাথ চাৰিআলিতো আছে পৰ্যটকৰ বাবে বহু আকৰ্ষণ স্থল ৷ ২০২৩ চনত দেশৰ ভিতৰতে শ্ৰেষ্ঠ পৰ্যটন গাঁও হিচাপে বিশ্বনাথঘাট নিৰ্বাচিত হয় । অসমৰ গ্ৰাম্য পৰ্যটনৰ প্ৰসাৰৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা গ্ৰহন কৰিছে এতিয়া গুপ্তকাশী বিশ্বনাথঘাটে ।

পদুম পুখুৰী (ETV Bharat Assam)

উল্লেখ্য যে গুপ্তকাশী বিশ্বনাথ ঘাটে আজিও সেই আহোম যুগৰ সাক্ষী বহন কৰি আহিছে । আহোম ৰজাসকলৰ বহু কীৰ্তি চিহ্ন আজিও গুপ্তকাশী বিশ্বনাথঘাটত সজীৱ হৈ আছে । বৃটিছ শাসন কালতো এই গুপ্তকাশী বিশ্বনাথঘাটতে স্থাপন কৰা হৈছিল জাহাজ ঘাট । ২৭ খন বিভিন্ন দেৱালয়ৰে পৰিপূৰ্ণ, ক্ষুদ্ৰতম নদী দ্বীপ উমাটুমণি, দক্ষিণে নাৱৰে ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙালৈ যাব পৰাৰ সুব্যৱস্থা, নদী দ্বীপ উমাটুমণিক সংলগ্ন কৰিবলৈ ৰ'পৱে নিৰ্মাণৰ যো-জা, এক সুন্দৰ গ্ৰাম্য পৰ্যটন থকা স্থান বিশ্বনাথঘাটক পৰ্যটন মন্ত্ৰালয়ে উপযুক্ত মৰ্যদা প্ৰদান কৰে ।

আনহাতে শোণিতপুৰৰ অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী চাৰিদুৱাৰ অঞ্চলত থকা নামেৰী ৰাষ্ট্ৰীয় উদ্যান পৰ্যটনৰ এক আকৰ্ষণীয় ঠাই ৷ পৰ্যটকৰ বাবে জীয়া ভৰলী নদীত ৰাফটিং, ভিন্নপ্ৰজাতিৰ চৰাই, দেও হাঁহ, বন গাহৰিৰ লগতে ঢেকীয়াপতীয়া বাঘৰ বিচৰণ থলী নামেৰী । তেজপুৰলৈ আহিলে আপুনিও এইসমূহ স্থান দৰ্শন কৰি মানসিক প্ৰশান্তি লাভ কৰিব পাৰিব ৷

লগতে পঢ়ক:ব্ৰিটিছে ৰোপন কৰা ১২৩ বছৰীয়া এজাৰে বেজাৰ দিয়া নাই তেজপুৰত - Myrtle Flowers in Tezpur

ABOUT THE AUTHOR

...view details