অসম

assam

ETV Bharat / state

লাহোৱালত লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত বিকাশ যাত্ৰা কাৰ্যসূচী - vikas yatra in lahowal

Minister Bimal Bara : লাহোৱালত ঝুমুৰ গীত গাই বিকাশ যাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে মন্ত্ৰী বিমল বড়াই । লাহোৱালত বিধায়ক বিনোদ হাজৰিকাক লৈ কেইবাখনো আঁচনিৰ আধাৰশিলা কৰিলে মন্ত্ৰীগৰাকীয়ে ।

Minister Bimal Bara
লাহোৱালত আঁচনিৰ আধাৰশিলা

By ETV Bharat Assamese Team

Published : Mar 10, 2024, 10:49 PM IST

Updated : Mar 11, 2024, 7:10 AM IST

লাহোৱালত লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত বিকাশ যাত্ৰা কাৰ্যসূচী

মৰাণ, ১০ মাৰ্চ:সমাগত লোকসভা নিবাৰ্চনক লৈ শাসক বিৰোধী সকলো ৰাজনৈতিক দল অধিক তৎপৰ হৈছে । শাসক দল বিজেপিক প্ৰতিহত কৰিবলৈ বিৰোধী ৰাজনৈতিক দলসমূহে বিভিন্ন ধৰণেৰে পৰিকল্পনা কৰাৰ সময়ত লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত বিকাশ যাত্ৰা কাৰ্যসূচীৰে ৰাইজৰ কাষ চাপিছে বিজেপি চৰকাৰ । ইয়াৰে অংশ ৰূপে দেওবাৰে লাহোৱালৰ হেজেলবেংক আৰু মটক চাহ বাগিচাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় বিকাশ যাত্ৰা অনুষ্ঠান । এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে উদ্যোগ, বাণিজ্য, ৰাজহুৱা প্ৰতিষ্ঠান আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়া, কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ শ্ৰম আৰু নিয়োগ দপ্তৰ মন্ত্ৰী ৰামেশ্বৰ তেলী, লাহোৱাল বিধানসভা সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাই ।

এই অনুষ্ঠানত ঝুমুৰ গীত গাই বিকাশ যাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়াই । লগতে হেজেলবেংক চাহ বাগিচাত মহাপ্ৰভূ জগন্নাথ সামূহিক আৰু দক্ষতা বিকাশ কেন্দ্ৰৰ আধাৰশিলা, লাহোৱাল উচ্চ মাধ্যমিক বিদ্যালয়ৰ আধাৰশিলা, গ্ৰীণউদ চাহ বাগিচাত মহাপ্ৰভূ জগন্নাথ সামূহিক আৰু দক্ষতা বিকাশ কেন্দ্ৰৰ আধাৰশিলা, চেংধৰা চাহ বাগিচাত মহাপ্ৰভূ জগন্নাথ সামূহিক আৰু দক্ষতা বিকাশ কেন্দ্ৰৰ আধাৰশিলা, তামুলবাৰী চাহ বাগিচাত মহাপ্ৰভূ জগন্নাথ সামূহিক আৰু দক্ষতা বিকাশ কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰা হয় ।

ইপিনে, ৰমাই চাহ বাগিচাত মহাপ্ৰভূ জগন্নাথ সামূহিক আৰু দক্ষতা বিকাশ কেন্দ্ৰৰ আধাৰশিলা,মদাৰখাট চাহ বাগিচাত মহাপ্ৰভূ জগন্নাথ সামূহিক আৰু দক্ষতা বিকাশ কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী বিমল বড়ই । এই অনুষ্ঠানতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ উন্নয়নৰ খতিয়ান দাঙি ধৰে মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক:শোণিতপুৰত 1,370 কোটিৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন-শিলান্যাস মুখ্যমন্ত্ৰীৰ

Last Updated : Mar 11, 2024, 7:10 AM IST

ABOUT THE AUTHOR

...view details