লখিমপুৰ:'সৰিয়হ ৰখীয়া এজনী গাভৰু'ৰ স্ৰষ্টা যোগেন টাইদ আৰু নাই । প্ৰসিদ্ধ সাহিত্যিক হোমেন বৰগোহাঞিৰ প্ৰিয় কবি, লখিমপুৰৰ ঐতিহাসিক ঘূণাসুঁতিৰ 'সৰিয়হ ফুলৰ' কবি হিচাপে খ্যাত শিক্ষক, বিশিষ্ট সাহিত্যিক আৰু সমাজকৰ্মী যোগেন টাইদৰ সোমবাৰে দুপৰীয়া মৃত্য়ু হয় । সোমবাৰে দিনৰ প্ৰায় ১২ বজাত লখিমপুৰৰ এখন হাস্পতালত তেওঁ শেষনিশ্বাস ত্যাগ কৰে ।
বিয়লি চিকিৎসালয়ৰ পৰা তেওঁৰ নশ্বৰদেহ ঘূণাসুঁতিলৈ নিয়াৰ লগে লগে তেওঁৰ কৰ্মৰত বিদ্যালয়ত শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে ছাত্র-ছাত্রীসকলে নশ্বৰদেহ লৈ সমদল উলিয়ায় । মৃত্যুৰ সময়ত তেওঁ পত্নীৰ লগতে দুজন পুত্ৰ সন্তান এৰি থৈ যায় ।
ঘূণাসুঁতিৰ শিমলুগুৰি গাঁৱত জন্মগ্রহণ কৰা যোগেন টাইদে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল । ঘূণাসুঁতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰাৰ সমানে তেওঁ কাব্যসাহিত্যৰ জগতখনক সমৃদ্ধ কৰি থৈ গৈছে । নিজস্ব শৈলীৰে কবিতাত প্ৰাকৃতিক নৈসর্গিকতাক ঐশ্বৰ্যশালী ৰূপত চিত্ৰণ কৰা যোগেন টাইদৰ কাব্য প্ৰতিভা অতুলনীয় ।