মৰিগাঁও, ৩১ জুলাই : ২০২৩ চনৰ ফেব্ৰুৱাৰীত ৰাজ্য়জুৰি চলোৱা হৈছিল বাল্য় বিবাহ বিৰোধী অভিযান । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য় চৰকাৰৰ কঠোৰ নিৰ্দেশৰ পিচতেই আৰক্ষীয়ে ৰাজ্য়ৰ বিভিন্ন প্ৰান্তত ইয়াৰ বিৰুদ্ধে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছিল এনে বিবাহ সম্পন্ন কৰা নাবালকৰ লগতে ইয়াৰে জড়িত অভিযুক্তসকলক । মৰিগাঁও জিলাতো চলোৱা হৈছিল এই অভিযান । উক্ত অভিযানত গ্ৰেপ্তাৰ হোৱা অভিযুক্তৰ বিৰুদ্ধে কেইবাটাও গোচৰ ৰুজু হৈছিল । এই সন্দৰ্ভত এতিয়ালৈকে ৰুজু হোৱা গোচৰৰ ভিতৰত ১৩ টা গোচৰৰ ৰায়দান কৰিছে মৰিগাঁও জিলা আদালতে ।
দুমাহত জিলা আদালতৰ ১৩ টা গোচৰৰ ৰায়দান:
বাল্য বিবাহৰ বিৰুদ্ধে প্ৰদান কৰা ৰায়দানৰ সন্দৰ্ভত বুধবাৰে সন্ধিয়া মৰিগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই এক সংবাদমেলত সদৰী কৰে । মৰিগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে আদালতে প্ৰদান কৰা ৰায় সন্দৰ্ভত কয়," মৰিগাঁও আৰক্ষীয়ে বাল্য বিবাহ সন্দৰ্ভত চলোৱা অভিযানত ৰুজু হোৱা গোচৰ সন্দৰ্ভত এতিয়ালৈকে মৰিগাঁও জিলা আদালতে ১৩ টা গোচৰৰ ৰায়দান কৰিছে । মৰিগাঁও জিলাৰ বিভিন্ন আৰক্ষী থানাত পঞ্জীয়নকৃত ১৩ টা গোচৰৰ ৰায়দান যোৱা দুমাহৰ ভিতৰত কৰিছে মৰিগাঁও জিলা আদালতে ।"
মৰিগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে পুনৰ কয়, "জিলাখনৰ মায়ং আৰক্ষী থানাত গোচৰ নং ২৪/২০২৪ ৰ মতে, বাল্য় বিবাহ আইনৰ অনুসৰি মানৱ দাসক দুমাহ কাৰাদণ্ড বিহে আদালতে । একেদৰে লাহৰীঘাট আৰক্ষী থানাৰ গোচৰ নং ৪৫/২০২৩ ৰ মতে, বাল্য় বিবাহ আইনৰ অনুসৰি ইছৰাফিল ইছলামক এমাহ কাৰাদণ্ড বিহাৰ লগতে ৫০০০ টকা জৰিমনা বিহে ।"