অসম

assam

ETV Bharat / state

শিশুসকলৰ বাবে বিশেষ হ'ব গুৱাহাটীৰ এটা পূজা মণ্ডপ ! - Guwahati Unique Puja Pandal

Guwahati Unique Puja Pandal: অসমীয়া-বাংলা ভাষাৰ সমন্বয়ৰ প্ৰতীক হিচাপে দেখা যাব গুৱাহাটীৰ এটা পূজা মণ্ডপ । ক'ত আছে এই মণ্ডপটো ?

By ETV Bharat Assamese Team

Published : 4 hours ago

Guwahati Unique Puja Pandal
শিশুসকলৰ বাবে বিশেষ হ'ব গুৱাহাটীৰ এটা পূজা মণ্ডপ ! (ETV Bharat)

গুৱাহাটী, ৭ অক্টোবৰ :দুৰ্গা পূজালৈ মাজত এটা দিন বাকী । ৰাজ্যৰ প্ৰতিটো পূজা মণ্ডপ প্ৰায় সাজু হৈ উঠিছে । তাৰ মাজতে গুৱাহাটীৰ এখন দুৰ্গা পূজাৰ ব্যতিক্ৰমী‌‌ মণ্ডপে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । বিভিন্ন চমক সৃষ্টিৰ পৰিৱৰ্তে শিশুৰ শিক্ষাৰ লগতে অসমীয়া আৰু বাংলা ভাষাৰ এক সমন্বয়ৰ বাৰ্তা কঢ়িয়াই অনাৰ প্ৰয়াস কৰিছে গুৱাহাটীৰ এই দুৰ্গা পূজা মণ্ডপে । আমি ক'ব বিচাৰিছো ঐতিহাসিক মালিগাঁও কালিবাৰী দুৰ্গা পূজাৰ কথা ।

পূজা মণ্ডপত অসমীয়া-বাংলা ভাষাৰ সমন্বয়ৰ বাৰ্তা

মালিগাঁৱৰ উত্তৰ-পূব ৰে'লৱে‌ মুখ্য কাৰ্যালয়ৰ সমীপতে নিৰ্মাণ কৰা এই পূজা মণ্ডপটো অসমীয়া আৰু বাংলা ভাষাৰ বৰ্ণমালা, সংখ্যা আৰু শিশু সাহিত্যৰ এক প্ৰতীক হিচাপে নিৰ্মাণ কৰা হৈছে । কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ সহজ পাঠ, গীতাঞ্জলি, নৌকাডুবি, ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আইৰ সাধু, পদুম কুঁৱৰী, ‌ককাইদেউতা আৰু নাতি ল'ৰা,‌ ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ আদৰ্শ লিপি আদি কালজয়ী সাহিত্য আৰু শিশু সাহিত্যৰ মাজেৰে মাতৃভাষাৰ এক শৈক্ষিক বাতাৱৰণ আৰু প্ৰচাৰ চলায় শিশুসকলক আকৰ্ষণ কৰাৰ বাবে এনেধৰণৰ পূজা মণ্ডপ নিৰ্মাণ কৰা হৈছে ।

শিশুসকলৰ বাবে বিশেষ হ'ব গুৱাহাটীৰ এটা পূজা মণ্ডপ ! (ETV Bharat)

মালিগাঁও কালিবাৰী দুৰ্গা পুজা কমিটীৰ সম্পাদক প্ৰদীপ বিশ্বাসে কয়, "এই অঞ্চলটো ৰে'লৱে ক’লনীত আছে । যাৰ বাবে ইয়াত অসমীয়া আৰু বাংলা ভাষা কোৱা লোকসকলে বাস কৰে । এইবাৰ শিশুসকলক নিজৰ মাতৃভাষাৰ প্ৰতি আকৰ্ষণ কৰাৰ লক্ষ্যৰে এই মণ্ডপ নিৰ্মাণ কৰা হৈছে । এইখন পূজা এইবাৰ ৭৪ সংখ্যক । বাজেট ১৪ লাখ টকা নিৰ্ধাৰণ কৰা হৈছে । স্থানীয় শিল্পীয়ে মণ্ডপটো নিৰ্মাণ কৰিছে ।"

বিশ্বাসে কয়,"পূজা‌ মণ্ডপৰ মূল বিষয়বস্তু হৈছে অসমীয়া আৰু বাংলা ভাষাৰ প্ৰাথমিক পাঠ । ৰবীন্দ্ৰনাথৰ সহজ পাঠ, অসমীয়া ভাষা সাহিত্যৰ কাণ্ডাৰী লক্ষ্মীনাথ বেজবৰুৱা আদিৰ কালজয়ী শিশু সাহিত্য প্ৰতীকী ৰূপত তুলি ধৰি শিশুক আকৃষ্ট কৰাৰ চেষ্টা কৰা হৈছে । ‌আশা কৰো যে শিশুসকলে এই পূজা মণ্ডপলৈ আহি শৈক্ষিক পৰিৱেশ পাব । ইংৰাজী মাধ্যমৰ আগ্ৰাসনৰ‌ সময়ত মাতৃভাষাৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছে ।"

উল্লেখ্য যে সহজ পাঠ হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰৰ দ্বাৰা লিখা এখন বাংলা ভাষা শিকাৰ কিতাপ । ইয়াৰ দুটা সংস্কৰণত এই গ্ৰন্থখনে বাংলা ভাষা আৰু সাহিত্যৰ মূল বিষয়সমূহ বৰ্ণনা কৰিছে । প্ৰথম সংস্কৰণত (প্ৰথম অংশ) বাংলা বৰ্ণমালাৰ মৌলিক ধাৰণা, সেইবোৰৰ গঠন আৰু উচ্চাৰণৰ বিষয়ে শিকোৱা হয়, আনহাতে দ্বিতীয় সংস্কৰণত (দ্বিতীয় অংশ) বাক্য, অনুচ্ছেদ আৰু ছন্দৰ গঠনত শব্দৰ ব্যৱহাৰৰ বিষয়ে শিকোৱা হয় । বিখ্যাত ভাৰতীয় শিল্পী নন্দলাল বসুৰ দ্বাৰা চিত্ৰিত এই দুখন গ্ৰন্থই বাংলা ভাষা শিকাৰ অগ্ৰদূত । এই দুইখন গ্ৰন্থ মণ্ডপটোত প্ৰতীকীৰূপত তুলি‌ ধৰা দেখা গৈছে ।

লগতে পঢ়ক :কাজিৰঙাৰ এশিঙীয়া গঁড় চাবলৈ আপুনিও আহিব পাৰে ওদালবাক্ৰালৈ ! - Guwahati unique Puja Pandal

দুৰ্গা পূজাৰ মণ্ডপত জিলিকিব বাঁহৰ কুলা-পাচি-জাপিৰ দৰে সম্পদ; ক’ত দেখা পাব এই মণ্ডপ ? - EXCEPTIONAL DURGA PUJA PANDAL

কৰ্মব্যস্ততাৰ পাছতো নিশা পূজা মণ্ডপ নিৰ্মাণত ব্ৰতী হোজাইৰ স্থানীয় যুৱক - Hojai Unique Puja Pandal

ABOUT THE AUTHOR

...view details