অসম

assam

ETV Bharat / state

কংগ্ৰেছে বল্লভভাই পেটেলক অন্ধকাৰত ৰাখিছিল: কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল - RASHTRIYA EKTA DIVAS

"কংগ্ৰেছে লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলক অৱহেলা কৰি অন্ধকাৰত ৰাখিছিল । ভাৰতবৰ্ষৰ প্ৰকৃত শক্তিক লুকুৱাই ৰাখিবলৈ চেষ্টা কৰিছিল ।" কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।

Rashtriya Ekta Divas in Dibrugarh
ডিব্ৰুগড়ত ৰাষ্ট্ৰীয় একতা দিৱসৰ কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Oct 31, 2024, 1:57 PM IST

ডিব্ৰুগড় :আজি সমগ্ৰ দেশজুৰি উদযাপন কৰা হৈছে ৰাষ্ট্ৰীয় একতা দিৱস ৷ লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মবাৰ্ষিকীত দেশে পালন কৰি আহিছে এই দিৱস ৷ প্ৰথমবাৰৰ বাবে ২০১৪ চনত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দিৱস আৰম্ভ কৰি দেশবাসীক ৰাষ্ট্ৰীয় একতা দিৱস পালন কৰিবলৈ আহ্বান জনাইছিল । তেতিয়াৰে পৰা প্ৰতিবছৰে ৩১ অক্টোবৰত চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মদিনটোত দেশবাসীয়ে ৰাষ্ট্ৰীয় একতা দিৱস পালন কৰি আহিছে ।

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড়তো অনুষ্ঠিত হৈছে ৰাষ্ট্ৰীয় একতা দিৱসৰ কাৰ্যসূচী । ডিব্ৰুগড় জিলা প্ৰশাসনে দেশৰ অখণ্ডতা ৰক্ষাৰ বাবে আজীৱন নিজকে উৎসৰ্গা কৰা চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম দিৱসত ৰূপায়ণ কৰিছে ৰাষ্ট্ৰীয় একতা দিৱসৰ কাৰ্যসূচী ৷

ডিব্ৰুগড়ত ৰাষ্ট্ৰীয় একতা দিৱসৰ কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (ETV Bharat Assam)

ডিব্ৰুগড়ৰ মানকটা পথৰ আউনিআটী সত্ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই ৰাষ্ট্ৰীয় একতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহন, বিধায়ক প্ৰশান্ত ফুকন, পোনাকণ বৰুৱাই চৰ্দাৰ বল্লভভাই পেটেলৰ জীৱনৰ বিভিন্ন দিশ সামৰি বক্তব্য প্ৰদান কৰে ৷

অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ জীতেন হাজৰিকা, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাঃ চৈকত পাত্ৰকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ আনহাতে, ভাৰত চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী শান্তনু থাকৰেয়েও ভাৰ্চুৱেলী অংশগ্ৰহণ কৰি লৌহ মানৱগৰাকীক সোঁৱৰণ কৰে ৷

ৰাষ্ট্ৰীয় একতা দিৱস সন্দৰ্ভত কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য

অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, "প্ৰতিজন ভাৰতীয়ই দেশৰ আভ্যন্তৰীণ নিৰাপত্তা অক্ষুণ্ণ ৰাখিম । দেশ শক্তিশালী কৰিবলৈ সহযোগিতা আগবঢ়াবলৈ চৰ্দাৰ বল্লভাই পেটেলৰ জন্ম দিৱসৰ দিনটোত তেওঁক শ্ৰদ্ধা জ্ঞাপন কৰি দেশবাসীয়ে শপত লৈছে । দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চৰ্দাৰ বল্লভভাই পেটেলৰ আদৰ্শৰে এক ভাৰত শ্ৰেষ্ঠ ভাৰত নীতিৰে সমগ্ৰ ভাৰতবৰ্ষক একত্ৰিত কৰাৰ উদ্দেশ্যে বিভিন্ন কাৰ্যসূচী হাতত লৈছে ।"

তেওঁ লগতে কয়, "দেশৰ প্ৰধানমন্ত্ৰীয়ে প্ৰতিজন নাগৰিকক খাদ্য সুৰক্ষা দিয়াৰ লগতে জীৱনৰ নিৰাপত্তা দিবলৈ চেষ্টা কৰিছে । চৰ্দাৰ বল্লভভাই পেটেলক আজি বিজেপি চৰকাৰে স্বীকৃতি দিছে । কংগ্ৰেছে লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলক অৱহেলা কৰি অন্ধকাৰত ৰাখিছিল । কংগ্ৰেছে ভাৰতবৰ্ষৰ প্ৰকৃত শক্তিক লুকুৱাই ৰাখিবলৈ চেষ্টা কৰিছিল । কংগ্ৰেছৰ এই ষড়যন্ত্ৰ ওফৰাই পেলাবলৈ সক্ষম হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ।"

লগতে পঢ়ক :জন্ম জয়ন্তীত লৌহ মানৱলৈ শ্ৰদ্ধাঞ্জলি; 'ৰাষ্ট্ৰীয় একতা দিৱস'ৰ পেৰেডত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ
লগতে পঢ়ক :পলিথিনেৰে মেৰিয়াই ৰাজথপত মৃতদেহ চোঁচৰালে আৰক্ষীয়ে; তদন্তৰ নিৰ্দেশ ডিজিপিৰ

ABOUT THE AUTHOR

...view details