অসম

assam

ETV Bharat / state

অচিনাক্ত বিষাক্ত পোকৰ আতংকই খেদি ফুৰিছে অসমৰ এটা অঞ্চলবাসীক - POISONOUS INSECT SCARE

INSECT TERROR IN DHING :বিষাক্ত পোকে নিদ্ৰা হৰিছে ধিংবাসীৰ । অচিন পোকৰ আক্ৰমণত ইতিমধ্যে প্ৰাণ হেৰুৱাইছে এজন যুৱকে । চিকিৎসাধীন কেইবাজনো লোক ।

INSECT TERROR IN DHING
বিষাক্ত পোকে নিদ্ৰা হৰিছে ধিংবাসীৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 30, 2024, 5:32 PM IST

ধিং:অচিনাক্ত বিষাক্ত পোকৰ আতংক । অচিনাক্ত বিষাক্ত পোকৰ দংশনত এজন যুৱকে অকালতে প্ৰাণ হেৰুওৱা ঘটনাৰ আতংক মাৰ নৌযাওতেই এইবাৰ ধিংত এনে পোকৰ বাবে শংকিত হৈ পৰিছে ৰাইজ । ইতিমধ্যে যতীন শইকীয়া নামৰ এজন যুৱকে এনে পোকৰ আক্ৰমণত প্ৰাণ হেৰুওৱাৰ পিচত বিষাক্ত পোকে হাহাকাৰ লগাইছে বৃহত্তৰ অঞ্চলটোত ।

ইপিনে,সমান্তৰালভাৱে ধিঙৰ নিকটৱৰ্তী কিছুমান গাঁৱত ৰাইজৰ মাজত আতংকৰ বিৰাজ কৰিছে । শনিবাৰে পুৱাই এনে বিষাক্ত পোকে জুৰীয়াৰ সুতিৰপাৰতো সন্ত্ৰাস চলাইছে । চৰ অঞ্চলটোত আগুৰি ধৰিছে এনে বিশেষ বিষাক্ত পোকে । আতংকিত সুতিৰপাৰ চৰবাসীয়ে বিচাৰিছে পৰিত্ৰাণৰ উপায় ।

বিষাক্ত পোকে নিদ্ৰা হৰিছে ধিংবাসীৰ (ETV Bharat Assam)

আতংকিত নহৈ সতৰ্ক হ'বলৈ আহ্বান

চিকৰাৰ দৰে এই বিশেষ পোকটিয়ে আকৌ কোনো শব্দ নকৰে । সুতিৰপাৰত এতিয়ালৈকে ২৯ জন লোক এই পোকৰ আক্ৰমণৰ বলি হৈছে । এই লৈ ৰাইজৰ মাজত আতংকই বিৰাজ কৰাৰ মাজতেই আজি নগাঁও জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ ফণী পাঠকে ৰাইজক আতংকিত নহৈ সতৰ্ক হ'বলৈ আহ্বান জনাইছে ।

নগাঁও জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক কয় যে এই পোকে আক্ৰমণ কৰা লোকক বিভিন্ন পৰীক্ষা কৰা হৈছে যদিও এই সন্দৰ্ভত নিশ্চিত হ'ব পৰা নাই । যুটীয়া সঞ্চালকগৰাকীয়ে এই বিষয়ে উল্লেখ কৰি কয়," কিছুমান পোক আছে চকুৰে দেখা পোৱা নাযায় । সেই বিলাক পোক এন্দুৰ, নিগনিৰ লগতে মিলি থাকে ।" চৰ অঞ্চলতো সোমাই পৰা এনে বিষাক্ত পোকটো বিজ্ঞানসন্মত অধ্যয়নৰ জৰিয়তে কাবু কৰিব নোৱাৰিলে অতি সোনকালেই ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকা আছে ।

লগতে পঢ়ক:বতাহত উৰিছে অচিন কীট; বিষাক্ত দংশনত এজনৰ মৃত্যু

কলিয়াবৰত অচিন পোকৰ প্ৰাদুৰ্ভাৱত বিদ্যালয়ৰ পাঠদান ব্যাহত - bamboo seed bugs

ABOUT THE AUTHOR

...view details