মৰাণ:বহিঃৰাজ্যৰ পৰা প্ৰতিদিনেই অসমৰ বজাৰলৈ অহা কণী আমি ৭ ৰ পৰা ৯ টকাৰ দৰত ক্ৰয় কৰি খাই আহিছো ৷ সাধাৰণভাৱে কণী প্ৰায় প্ৰতিঘৰ মানুহৰেই পাকঘৰত নিতৌ উপলব্ধ এক খাদ্য সামগ্ৰী হৈ আহিছে । কেক, বিস্কুট আদি প্ৰস্তুতৰ বাবেও বহিঃৰাজ্যৰ কণীয়ে অসমৰ বজাৰ দখল কৰি আহিছে । ফলত কণীৰ বাবেই অসমৰ বজাৰৰ অৰ্থনীতিৰ এটা বৃহৎ লাভাংশ বহিঃৰাজ্যলৈ প্ৰতিদিনেই ওলাই গৈছে ।
বৰ্তমান সময়ত অসমতেই বিজ্ঞানসন্মতভাৱে কণী উৎপাদন কৰি অসমৰ অৰ্থনীতিৰ ভেটি টনকিয়াল কৰিব পৰা অতি সুন্দৰ পৰিৱেশ আৰম্ভ হৈছে । বহিঃৰাজ্যৰ চাকৰি এৰি কণী উৎপাদনত ব্যস্ত হৈছে দুলীয়াজানৰ দুই যুৱক । বহিঃৰাজ্যৰ চাকৰি এৰি পখৰাজ বৰদলৈ আৰু গৌৰৱ কুমাৰ সাউদে কণী উৎপাদনেৰে দুলীয়াজানত আন বহুজনৰ বাবে উলিয়াইছে সংস্থাপনৰ বাট ।
সৰুৰে পৰা একেলগে পঢ়া-শুনা কৰিছিল দুই বন্ধু পখৰাজ বৰদলৈ আৰু গৌৰৱ কুমাৰ সাউদে । পঢ়া সামৰি পখৰাজ বৰদলৈয়ে বেংগালুৰুত মাৰ্কেট ৰিছাৰ্চ বিষয়া হিচাপে চাকৰি জীৱন আৰম্ভ কৰিছিল । আনজন বন্ধু গৌৰৱ কুমাৰ সাউদে দিল্লীকে ধৰি কেইবাখনো ৰাজ্যত এটা ম'বাইল কোম্পানীৰ ফিল্ড মেনেজাৰ হিচাপে চাকৰি জীৱন আৰম্ভ কৰিছিল । কেইবাটাও বছৰ এইদৰে চাকৰি কৰি দুই বন্ধুৱে জন্ম ঠাইত থাকি কিবা এটা কৰাৰ পৰিকল্পনা কৰিলে । আৰু দুই বন্ধুৱে বহিঃৰাজ্যৰ চাকৰি এৰি ঘুৰি আহিল দুলীয়াজানলৈ । সাহসেৰে সুপৰিকল্পিতভাৱে আৰম্ভ কৰিলে কণী উৎপাদনৰ বাবে ফাৰ্ম ।
দুই বন্ধুৱে ৰাইনো নামেৰে জন্ম ঠাইতেই আৰম্ভ কৰিলে কণী উৎপাদনৰ ফাৰ্ম :
বহিঃৰাজ্যৰ চাকৰি এৰি পখৰাজ বৰদলৈ আৰু গৌৰৱ কুমাৰ সাউদে চাকৰি কৰা সঞ্চিত ধনেৰে দুলীয়াজানৰ মাধপুৰ তিনিআলিৰ সমীপত এখন কুকুৰা কণী উৎপাদনৰ ফাৰ্ম আৰম্ভ কৰিলে । ২০২১ চনতে বহিঃ ৰাজ্যৰ চাকৰি এৰি ঘৰলৈ ঘূৰি আহি স্বাৱলম্বী হোৱাৰ সংকল্প লৈ দুই বন্ধুৱে নিজাৰ খৰচত ফাৰ্মৰ সকলো আন্তঃগাঁঠনি নিৰ্মাণত ব্যস্ত হ'ল । দুইজনে বিজ্ঞান সন্মত কণী উৎপাদনৰ বাবে ল'লে প্ৰশিক্ষণ ।
দুই বন্ধুৱে হাতত হাত ধৰি আৰম্ভ কৰিলে এক নতুন যাত্ৰা । ফাৰ্মৰ ব্যস্ততা বাঢ়িল । দিনটোৰ বেছি সময় ফাৰ্মতে দুই বন্ধুৱে অতিবাহিত কৰিব লগা হ'ল । ফলত আজিৰ দিনত দুই বন্ধুৱে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ।
ৰাইনো ফাৰ্মত প্ৰতিদিনে উৎপাদিত হৈছে ৫ হাজৰৰো অধিক কণী :