কলিয়াবৰ, 19 জুন:স্বচ্ছ ভাৰত, স্বচ্ছতা, পৰিবেশ নিকাকৰণ আদি সন্দৰ্ভত বহুতেই বহুকথা কৈ থাকে ৷ চৰকাৰে বিশাল আয়োজনেৰে স্বচ্ছ ভাৰত অভিযান চলায় ৷ কিন্তু প্ৰকৃততে কিমান ফলপ্ৰসূ হয় এইসমূহ অভিযান ? স্বচ্ছতাৰ প্ৰকৃত নিদৰ্শন দাঙি ধৰিছে কলিয়াবৰৰ দুই যুৱকে ৷ অতি সাধাৰণ যেন লগা এটা কামেৰে কাজিৰঙাৰ জীৱকুলৰ কল্যাণ সাধি আহিছে এই দুই যুৱকে ৷
715 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে নিতৌ অহা যোৱা কৰে বহু বাহন ৷ ব্যক্তিগত বা ৰাজহুৱা বাহনেৰে উজনিৰ পৰা নামনিলৈ আৰু নামনিৰ পৰা উজনিলৈ যাতায়াত কৰে বহু লোকে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথটোত বহু লোকে জ্ঞাতে-অজ্ঞাতে পথৰ কাষত পেলাই দিয়ে প্লাষ্টিকৰ পানীৰ বটল, বিস্কুট-চিপচ্ আদিৰ পেকেট ৷ যিয়ে দূষিত কৰে পৰিৱেশ ৷
লগতে পঢ়ক:প্ৰদূষণ ৰোধৰ বাৰ্তা বিলাই ভাতৃ-ভগ্নীৰ পদযাত্ৰা - Foot march across India
কাজিৰঙাৰ বুঢ়াপাহাৰ ৰেঞ্জৰ অধীনৰ দেওচূড়ত দুজন যুৱকে নীৰৱে চলাই আহিছে স্বচ্ছতাৰ অভিযান ৷ কলিয়াবৰৰ সুনীল কৰ্মকাৰ আৰু তেওঁৰ বন্ধু ৰবি দাসে দেওচূড় অঞ্চলত পথৰ কাষত পৰি থকা প্লাষ্টিকৰ বটল, পেকেট আদি বুটলি বস্তাত ভৰাই পৰিষ্কাৰ কৰি আহিছে পথৰ দুয়োকাষ ৷