লখিমপুৰ, ১৩ আগষ্ট:নকল সোণৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীৰ কঠোৰ অভিযান চলি থকাৰ মাজতো এতিয়াও একাংশ অসাধু লোকে অব্যাহত ৰাখিছে এই সোণৰ সৰবৰাহৰ প্ৰচেষ্টা ৷ আৰক্ষীয়ে এনে বেপাৰীক গ্ৰেপ্তাৰৰ বাবে অভিযান চলোৱাৰ মাজতেই লখিমপুৰত পুনৰ নকল সোণৰ নাও জব্দ । আৰক্ষীয়ে এই ঘটনাৰে জড়িত থকাৰ অভিযোগত দুটা বেপাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।
উল্লেখ্য় যে এদিন পূৰ্বে লখিমপুৰৰ বঙালমৰাত একাধিক নকল সোণৰ নাও উদ্ধাৰ কৰিছিল আৰক্ষীয়ে । ধনদাবীৰ গোচৰত অভিযুক্ত হৈ গ্ৰেপ্তাৰ হোৱা হাছিনা বেগমৰ স্বীকাৰোক্তিৰ ভিত্তিত তেওঁৰ ঘৰত অভিযান চলাই আৰক্ষীয়ে নকল সোণৰ নাও আৰু নগদ ধন উদ্ধাৰ কৰিছিল । মাথো এদিন পূৰ্বে এনেদৰে আৰক্ষীয়ে নকল সোণৰ নাও উদ্ধাৰ কৰাৰ পাছত যোৱা সোমবাৰে নিশাও আন এক অভিযানত আৰক্ষীয়ে নকল সোণৰ নাও উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
নকল সোণৰ নাও কেনেকৈ উদ্ধাৰ হ'ল ?