অসম

assam

ETV Bharat / state

যোৰহাটত গ্ৰীষ্মপ্ৰবাহত দুজন লোকৰ কৰুণ মৃত্যু - Heatstroke in Jorhat - HEATSTROKE IN JORHAT

Two died for heatstroke in Jorhat : বৰ্ধিত তাপমাত্ৰাই ৰাজ্যজুৰি সৃষ্টি কৰিছে অসহনীয় পৰিস্থিতিৰ । ছেপ্টেম্বৰ মাহৰ সৰ্বোচ্চ তাপমাত্ৰাই ইতিমধ্যে গুৱাহাটীকে ধৰি ৰাজ্যৰ কেইবাখনো চহৰ-নগৰত এটা দশকৰ অভিলেখ ভংগ কৰিছে । তাৰ মাজতে যোৰহাট নগৰত সংঘটিত হৈছে এক কৰুণ ঘটনা । উৎকট গৰমৰ বাবে সোমবাৰে নগৰখনৰ দুটা স্থানত দুজনকৈ লোকৰ কৰুণ মৃত্যু হয় ।

Two Died for Heatstroke in Jorhat
যোৰহাটত গ্ৰীষ্মপ্ৰবাহত দুজন লোকৰ কৰুণ মৃত্যু (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Sep 23, 2024, 8:56 PM IST

যোৰহাট, ২৩ ছেপ্টেম্বৰ : সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাটতো তাপমাত্ৰাই অসহনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে । গ্ৰীষ্মপ্ৰবাহৰ কবলত এতিয়া যোৰহাট নগৰো । উৎকট গৰমে দহিছে সকলোকে । তাৰ মাজতে সোমবাৰে যোৰহাটত সংঘটিত হয় এক কৰুণ ঘটনা । প্ৰচণ্ড গৰমৰ বাবে পথৰ ওপৰতে প্ৰাণ যায় দুজন লোকৰ ।

উল্লেখ্য যে বৰ্তমান সমগ্ৰ ৰাজ্যজুৰি চলি থকা গ্ৰীষ্মপ্ৰবাহে জনসাধাৰণৰ স্বাভাৱিক জীৱন-যাত্ৰা ব্যাহত কৰি তুলিছে । একেদৰে যোৰহাটবাসীকো প্ৰচণ্ড গৰমে দহিছে । এই গৰমৰ বাবে দিকবিদিক হেৰুৱাইছে জনসাধাৰণে । তাৰ মাজতে প্ৰচণ্ড গৰমৰ ফলত সোমবাৰে বিয়লি যোৰহাট নগৰৰ পদপথত দুজন লোকৰ মৃত্যু হয় । নগৰখনৰ মাজমজিয়াত থকা কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান প্ৰিন্স অব ৱেলছৰ সন্মুখত এজন আৰু জি কে পেলেচ হোটেলৰ তলৰ পদপথত আন এজন লোকৰ হিটষ্ট্ৰ'কত মৃত্যু হয় ।

যোৰহাটত গ্ৰীষ্মপ্ৰবাহত দুজন লোকৰ কৰুণ মৃত্যু (ETV Bharat Assam)

ইয়াৰে ভিতৰত এজন লোকক অঘৰী বুলি জানিব পৰা গৈছে । তেওঁ যোৰহাট নগৰতে খুজি-মাগি জীৱন নিৰ্বাহ কৰি আছিল । আনহাতে, আনজন লোক মুৰমুৰীয়া চাহ বাগিচা অঞ্চলৰ বুলি জানিব পৰা গৈছে । অৱশ্যে বাতৰি লিখা পৰলৈকে মৃত ব্যক্তি দুজনৰ পৰিচয় উদ্ধাৰ কৰিব পৰা হোৱা নাই ।

ইতিমধ্যে দুয়োজন ব্যক্তিৰ মৃতদেহ আৰক্ষীয়ে যোৰহাট মেডিকেল কলেজ হাস্পতাললৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ।

উল্লেখ্য যে সোমবাৰৰ দিনটোত যোৰহাটত সৰ্বোচ্চ তাপমাত্ৰাই ৩৯ ডিগ্ৰী চেলচিয়াছ স্পৰ্শ কৰে । ইতিমধ্যে ৰাজ্যত সৰ্বাধিক হাৰত তাপমাত্ৰা বৃদ্ধিৰ লগতে বৃদ্ধি পাইছে গৰমৰ প্ৰকোপ । ফলত ইতিমধ্যে ৰাজ্যৰ বিভিন্ন ঠাইত কেইবাজনো লোকে কৰুণ মৃত্যুক আঁকোৱালি ল'বলগা হৈছে ।

আনহাতে, গৰমৰ প্ৰকোপ বৃদ্ধি পোৱাৰ বাবে শিক্ষানুষ্ঠানসমূহৰ সময়সূচী সলনি কৰি পাঠদানৰ সময়সীমা হ্ৰাস কৰা লগতে বন্ধও ঘোষণা কৰিছে । ইফালে সোমবাৰে সমগ্ৰ শিক্ষা অভিযান মিছন গুৱাহাটী মহানগৰে ২৪ ছেপ্টেম্বৰৰ পৰা চাৰিদিনলৈকে গুৱাহাটী মহানগৰ জিলাৰ অন্তৰ্গত সকলো শিক্ষানুষ্ঠান বন্ধৰ নিৰ্দেশ দিছে । ইয়াৰ উপৰি গৰমৰ প্ৰকোপ বৃদ্ধি পোৱাৰ বাবে ৰাজপথ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত মানুহৰ সংখ্যা বহু পৰিমাণে হ্ৰাস পোৱা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক :উৎকট গৰম: বাগানত পাত তুলি থাকোতেই অচেতন ২৫ শ্ৰমিক - Heatwave in Assam
লগতে পঢ়ক :মঙলবাৰৰ পৰা ৪ দিনৰ বাবে গুৱাহাটীৰ সকলো বিদ্যালয় বন্ধ ঘোষণা - Assam Heat Wave

ABOUT THE AUTHOR

...view details