গোলাঘাট:অহা ২৭ নৱেম্বৰত আলফা (স্বাধীন)ৰ সামৰিক দিৱস । আলফা(স্বা)ৰ সামৰিক দিৱসত বিস্ফোৰণৰ নীলনক্সা প্ৰস্তুত কৰাৰ সময়তেই আৰক্ষীয়ে লাভ কৰিলে সাফল্য় । নাগালেণ্ডৰ ডিমাপুৰৰ পৰা শিৱসাগৰলৈ কৌশলেৰে আই ই ডি কঢ়িয়াই নিয়াৰ সময়তেই আৰক্ষীৰ জালত পৰিল দুই আত্মসমৰ্পণকাৰী উগ্ৰপন্থী ।
গোলাঘাট আৰু চৰাইদেউ জিলাৰ আৰক্ষীয়ে যুটীয়াভাৱে ২৩ নং অসম ৰাইফলছৰ সহযোগত অভিযান চলাই গোলাঘাটৰ ৰঙাজানৰ টোল গেটৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথত আই ই ডি উদ্ধাৰ কৰে । নাগালেণ্ডৰ ডিমাপুৰৰ পৰা শিৱসাগৰ অভিমুখে AS 05 C 5734 নম্বৰৰ এখন অট'ৰিক্সাত আনি থকা অৱস্থাত আই ই ডিসহ দুই আত্মসমৰ্পণকাৰী উগ্ৰপন্থী আটক হয় । আৰক্ষীৰ জালত পৰা আত্মসমৰ্পণকাৰী আনলা সদস্য দুজন হৈছে মেৰাপানী সৰুপানী মিলনপুৰৰ অজয় শ্যাম আৰু চাংখাটি মেৰাপানীৰ টিকেন কুৰ্মী ।
আই ই ডিসহ আটক দুই আত্মসমৰ্পনকাৰী উগ্ৰপন্থী (ETV Bharat Assam) গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিং আৰু চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক হিৰণ্য় কুমাৰ বৰ্মনে এই সন্দৰ্ভত কয় যে অহা ২৭ নৱেম্বৰত আলফা(স্বা)ৰ সামৰিক দিৱসত বিস্ফোৰণৰ পৰিকল্পনাৰ উদ্দেশ্যে নাগালেণ্ডৰ পৰা বিস্ফোৰক সামগ্ৰীখিনি কঢ়িয়াই আনিছিল আত্মসমৰ্পনকাৰী আনলা সদস্য দুজনে ।
আলফা(স্বা)ই চেষ্টা কৰি আছে বোমা বিস্ফোৰণ ঘটাবলৈ:
এই সম্পৰ্কে গোলাঘাটৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে কয়, "চৰাইদেউ আৰক্ষীলৈ অহা এক গোপন খবৰ অনুসৰি অহা ২৭ নৱেম্বৰত আলফা(স্বা)ৰ সামৰিক দিৱস । তাৰ বাবে আলফা(স্বা)ই চেষ্টা কৰি আছে অসমৰ বিভিন্ন ঠাইত বোমা বিস্ফোৰণ ঘটাবলৈ । সেই সূত্ৰে এক গোপন খবৰ আছিল যে গোলাঘাট জিলাৰ মাজেৰে বিস্ফোৰক সামগ্ৰী সৰবৰাহ কৰি শিৱসাগৰ বা চৰাইদেউত বিস্ফোৰণ ঘটাব । উক্ত খবৰৰ ভিত্তিত এই স্থানত এক তালাচীৰ ব্যৱস্থা কৰা হৈছিল । এই অভিযানত এখন অট'ৰ পৰা আই ই ডি উদ্ধাৰ কৰা হৈছে ।"
এই সন্দৰ্ভত দুজন প্ৰাক্তন আনলা সদস্য়কক আটক কৰা হৈছে বুলিও কয় গোলাঘাটৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে । আৰক্ষী অধীক্ষকগৰাকীয়ে পুনৰ কয়, "তেওঁলোকে এই বিস্ফোৰক সামগ্ৰী সৰবৰাহ কৰিছিল । এই বিস্ফোৰক আমাৰ বিভাগীয় লোক নিষ্ক্ৰিয় কৰিব । বৰ্তমান এই সমগ্ৰ ঘটনাৰ বিষয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ ।"
আনহাতে, এই সমগ্ৰ ঘটনাৰ বিষয়ে চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক হিৰণ্য় কুমাৰ বৰ্মনে কয়, "ডিমাপুৰৰ পৰা শিৱসাগৰলৈ এটা বোমা সৰবৰাহ কৰাৰ খবৰ লাভ কৰিছিলো । তাৰ পাছতে সকলোৱে মিলি এক অভিযান চলালো আৰু এটা আই ই ডি জব্দ কৰিবলৈ সক্ষম হওঁ । বাকী সকলো তদন্তৰ পাছত পোহৰলৈ আহিব ।"