যোৰহাট :যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে আঞ্চলিক কৃষিমেলা । কৃষিমেলাত অংশগ্ৰহণ কৰে কৃষি মন্ত্ৰী অতুল বৰাই । উক্ত মেলাত অংশগ্ৰহণ কৰি মন্ত্ৰী বৰাই কয় যে কৃষিক্ষেত্ৰলৈ অৱদান আগৱঢ়োৱা উত্তৰ-পূৰ্বাঞ্চলৰ খেতিয়কসকলক বিশেষভাৱে পুৰস্কৃত কৰাৰ লগতে ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱা হয় । ফলত কৃষিক্ষেত্ৰখনত তেওঁলোক আগবাঢ়ি যোৱাত প্ৰেৰণা লাভ কৰিব ।
কৃষিক্ষেত্ৰৰ বাবে প্ৰত্যাহ্বান জলবায়ু পৰিৱৰ্তন
কৃষি মন্ত্ৰীগৰাকীয়ে কয়,"বৰ্তমান সময়ত কৃষিক্ষেত্ৰৰ বাবে জলবায়ু পৰিৱৰ্তন এক প্ৰত্যাহ্বান হৈ পৰিছে । গোলকীয় উষ্ণতাৰ লগত খাপ খুৱাই অসম কৃষি বিশ্ববিদ্যালয়ে ন ন কৌশল আৰু উদ্ভাৱনী শক্তি আৱিষ্কাৰ কৰিছে । যাৰ ফলত আমাৰ কৃষকসকল উপকৃত হৈছে । আনহাতে ৰাজ্যিক ফল হিচাপে নেমুটেঙাক স্বীকৃতি দিয়াৰ পিছত এই নেমুটেঙা যাতে নষ্ট হ'ব নোৱাৰে তাৰ বাবেও দীৰ্ঘদিনীয়া এক সংৰক্ষণৰ ব্যৱস্থা কৰিছে অসম কৃষি বিশ্ববিদ্যালয়ে ।" তেওঁ লগতে কয় যে ইয়াৰ ফলত নেমু খেতিৰ লগত জড়িত কৃষকসকল উপকৃত হ'ব । কাৰণ নেমুটেঙাৰ ৰস যথেষ্ট উপকাৰী ।