অসম

assam

ETV Bharat / state

হত্যাৰ অপৰাধত দুই অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ড - LIFE TIME IMPRISONMENT - LIFE TIME IMPRISONMENT

Sensational murder in Bongaigaon: ২০১৩ চনৰ ২১ অক্টোবৰত বঙাইগাঁৱৰ কোকিলা মৌলৱীপাৰাত সংঘটিত হৈছিল এক হত্যাকাণ্ড । এই হত্যাকাণ্ডটো সংঘটিত কৰিছিল দুই অপৰাধীয়ে ।

Sensational murder in Bongaigaon
কোকিলা মৌলৱীপাৰাত হত্যাকাণ্ড (IANS)

By ETV Bharat Assamese Team

Published : Jun 7, 2024, 7:12 PM IST

গুৱাহাটী, ৭ জুন :সুদীৰ্ঘ ১১ বছৰৰ অন্তত হত্যাৰ অভিযোগত অভিযুক্ত দুজনকৈ অপৰাধীক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰদণ্ড বিহা হৈছে । শুক্ৰবাৰে অভয়াপুৰীৰ উত্তৰ শালমাৰাৰ অতিৰিক্ত জিলা ন্যায়াধীশ (দ্ৰুত আদালত) বি কে নাথে মহম্মদ বাবুল খান আৰু মোঃ মহাৰ খান নামৰ দুজন লোকক নিজ ভাতৃ বাটেন খানক হত্যা কৰাৰ অপৰাধত ভাৰতীয় দণ্ডবিধিৰ ৩০২/৩৪ ধাৰাত দোষী সাব্যস্ত কৰি তেওঁলোকক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে ।

উল্লেখযোগ্য যে ২০১৩ চনৰ ২১ অক্টোবৰত বঙাইগাঁও জিলাৰ কোকিলা মৌলৱীপাৰাত সংঘটিত হৈছিল এক হত্যাকাণ্ড । সিদিনা মহম্মদ বাবুল খান আৰু মোঃ মহাৰ খানে নিজ ভাতৃ বাটেন খানক মাটি-বাৰী বিবাদ সংক্ৰান্তত নিৰ্যাতন চলাই হত্যা কৰিছিল । পৰৱৰ্তী সময়ত ঘটনাৰ তদন্ত অব্যাহত থাকে ৷ ন্যায়ালয়ত এই গোচৰ প্ৰক্ৰিয়া দীৰ্ঘদিন চলাৰ পিচত শুক্ৰবাৰে দুই অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড বিহে ন্যায়ালয়ে ৷ এই হত্যাকাণ্ডটো সংঘটিত হোৱাৰ ১১ বছৰ পিচত অৱশেষত আজি ন্যায় পালে হত্যাৰ বলি হোৱা বাটেন খানৰ পৰিয়ালে ।

যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে অপৰাধীদ্বয়ক ৫০ হাজাৰ টকাকৈ জৰিমনা বিহা হৈছে । এই জৰিমনাৰ অনাদায়ে তেওঁলোকে তিনি মাহকৈ অতিৰিক্ত কাৰাদণ্ড ভোগ কৰিব লাগিব । আদেশটোত ভুক্তভোগীৰ পৰিয়ালে ভোগ কৰা অপৰিসীম দুখ-কষ্ট আৰু ক্ষতি লাঘৱ কৰাৰ উদ্দেশ্যে দোষীসকলৰ পৰা সংগ্ৰহ কৰা জৰিমনাৰ ধন ভুক্তভোগীৰ বৈধ উত্তৰাধিকাৰীসকলক প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।

ইয়াৰ উপৰি এই ৰায়টোত উল্লেখ কৰা হৈছে যে ভুক্তভোগীৰ বৈধ উত্তৰাধিকাৰীসকলে যি অপৰিসীম মানসিক যন্ত্ৰণা ভোগ কৰিলে তাৰ বিনিময়ত আদালতে বান্ধি দিয়া ক্ষতিপূৰণ যথেষ্ট নহ’বও পাৰে । গতিকে ভুক্তভোগীৰ পৰিয়ালে যাতে অপূৰণীয় ক্ষতিৰ পৰ্যাপ্ত ক্ষতিপূৰণ লাভ কৰিব পাৰে তাৰ বাবে বঙাইগাঁৱৰ জিলা আইন সেৱা প্ৰাধিকাৰীক (ডি এল এছ এ) ভুক্তভোগীৰ বৈধ উত্তৰাধিকাৰীসকলক তেওঁলোকৰ প্ৰাপ্য অনুসৰি অসম ভুক্তভোগী ক্ষতিপূৰণ আঁচনি, ২০১২ৰ অধীনত থকা পুঁজিৰ পৰা পৰ্যাপ্ত ক্ষতিপূৰণ আদায় দিবলৈ নিৰ্দেশ দিছে ।

লগতে পঢ়ক:হত্যাৰ অপৰাধত অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ড - LIFE TIME IMPRISONMENT

ধুবুৰীত দহজনক যাৱজ্জীৱন কাৰাদণ্ড

ABOUT THE AUTHOR

...view details