অসম

assam

ETV Bharat / state

এইজোপা বৰগছত হাঁহ-কোমোৰাৰে ভোগ আগবঢ়ালে পূৰ্ণ হয় মনৰ কামনা

Tradition Dangariya Bhog : বৰগছৰ তলত ভোগ আগবঢ়ালে সিদ্ধি হয় মনোকামনা । ক'ত আছে এই বিশেষ গছডাল ?

By ETV Bharat Assamese Team

Published : 7 hours ago

Tradition Dangariya Bhog
বৰগছক কেন্দ্ৰ কৰি জনবিশ্বাস (ETV Bharat Assam)

গোলাঘাট:এজোপা বৰগছক কেন্দ্ৰ কৰি চলি আহিছে জনবিশ্বাস । এই বৰগছজোপাৰ তলত ভোগ আগবঢ়ালে সিদ্ধি হয় মনোকামনা । বৰগছজোপাৰ তলত চাকি-বন্তি জ্বলাই ডাঙৰীয়া ভোগৰ বাবে হাঁহ আৰু কোমোৰাৰে ভোগ আগবঢ়ালে ভক্তই বিচৰাখিনি লাভ কৰে । এই বাবেই কাতি মাহৰ এটা বিশেষ দিনত বৰগছজোপাৰ তলত চাকি-বন্তি জ্বলাবলৈ আগমণ ঘটে হাজাৰ হাজাৰ ভক্তৰ । ক'ত আছে এই বিশেষ বৰগছজোপা ?

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ লোক আহি এই দিনটোত গোলাঘাট জিলাৰ খুমটাইৰ অকাঁমলুৱাৰ বৰগুৰি সমন্বয় ক্ষেত্ৰত ডাঙৰীয়া ভোগ আগবঢ়ায় । প্ৰতি বছৰে কাতি মাহৰ কোনোবা এটা দেওবাৰে বৰগছজোপাৰ তলত চাকি বন্তি জ্বলাই ডাঙৰীয়া ভোগৰ বাবে হাঁহ আৰু কোমোৰাৰে ভোগ আগবঢ়ালে মনৰ কামনা পূৰ্ণ হয় বুলি প্ৰবাদ আছে ৷ যাৰ পৰিপ্ৰেক্ষিতত শনিবাৰে মাজনিশাৰ পৰাই ভক্তপ্ৰাণ লোক আহি সমন্বয় ক্ষেত্ৰত হাঁহ আৰু কোমোৰা আগবঢ়াই । হাজাৰ হাজাৰ হাঁহ-কোমোৰা ভক্তই আগবঢ়াইছে ভোগৰ বাবে ৷ শতাধিক ৰান্ধনীয়ে প্ৰস্তুত কৰে ভোগ ৷ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকলে আহি মনোকামনা সিদ্ধিৰ অৰ্থে আগবঢ়াইছে ভোগ ৷

বৰগছক কেন্দ্ৰ কৰি জনবিশ্বাস (ETV Bharat Assam)

কৃষিমন্ত্ৰীয়ে আগবঢ়ালে ভোগ

কৃষিমন্ত্ৰী অতুল বৰাই প্ৰতিবছৰে আগবঢ়াই আহিছে ভোগ । আজিও কৃষিমন্ত্ৰীগৰাকীয়ে ভোগ আগবঢ়াই বন্তি জ্বলাই ল'লে সেৱা । বৰগুৰি সমন্বয় ক্ষেত্ৰত বন্তি জ্বলাই মন্ত্ৰী গৰাকীয়ে কয়,"মই প্ৰতি বছৰে এই গৰগুৰি সমন্বয় ক্ষেত্ৰলৈ আহো । কাতি মাহৰ এটা দেওবাৰে এই ভোগ আগবঢ়োৱা হয় য'ত অগণন ভক্তৰ সমাগম হয় । ডেৰশ বছৰ আগৰে পৰা ৰাইজে একেলগে এনেদৰে ভোগ দিয়াৰ ব্যৱস্থা কৰিছে আৰু ৰাইজৰ বিশ্বাস যে ইয়াত ভোগ দিলে মনোবাঞ্ছা পূৰণ হয় যাৰ বাবে অগণন ভক্তৰ সমাগম হয় ।"

কৃষিমন্ত্ৰীগৰাকীয়ে পুনৰ কয়," এই ক্ষেত্ৰখন এক ঐতিহাসিক ক্ষেত্ৰলৈ ৰূপান্তৰিত হৈছে আৰু দিনক দিনে ভক্তৰ সংখ্যা বৃদ্ধি পাইছে। এই ঐতিহাসিক ক্ষেত্ৰখন পৰ্যটক ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰাৰ বাবে নুমলীগড় শোধনাগাৰ সৈতে আলোচনা কৰি ঠাইখনৰ কিছু আকৰ্ষণীয় কৰিবলৈ চেষ্টা কৰিম । লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টি আকৰ্ষণ কৰিম ।"

সমন্বয় ক্ষেত্ৰত প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ

উক্ত ক্ষেত্ৰত ভোগ আগবঢ়াই সেৱা লয় প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈয়ে । সেৱা আগবঢ়ায় প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈয়ে কয়, "মাজত দুবছৰ মই আহিব পৰা নাছিলো যদিও এই বৰগুৰি সমন্বয় ক্ষেত্ৰত ভক্তসকলে যি আস্থা আৰু বিশ্বাস লৈ আহে তেওঁলোকৰ মনোবাঞ্চা পূৰণ হয় বুলি শুনি আহিছো আৰু আমিও সেই বিশ্বাসতে আহিছো । এই ঐতিহাসিক ক্ষেত্ৰখন এতিয়া অসমৰ চুকে-কোণে সকলোৱে জনা হৈছে, যাৰবাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকলে আহি সেৱা আগবঢ়ায় ।"

আনহাতে, সকলোকে আপ্যায়ন কৰিবলৈ পাই আহ্লাদিত উদ্যোক্তাসকল । এই অনুষ্ঠানৰ এজন উদ্যোক্তাই কয়, "এই স্থানত শুদ্ধ মনেৰে সেৱা ল'লে মনোবাঞ্ছা পূৰণ হয়, যাৰ বাবে হাজাৰ হাজাৰ ভক্তৰ সমাগম হয় । চৰকাৰে এই ঐতিহাসিক ক্ষেত্ৰখনৰ কিছু উন্নয়ন সাধন কৰিলে পৰ্যটকৰ বিশেষ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিব । গতিকে চৰকাৰে এই ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি আশাবাদী ।

লগতে পঢ়ক:শ্ৰীশ্ৰী গৰখীয়া গোসাঁই থানত সেৱা ল'লে পদযাত্ৰাৰে তীৰ্থ ভ্ৰমণলৈ ওলোৱা তিনি যুৱক-যুৱতীয়ে - A pilgrimage on foot

আমগুৰিৰ নামনি ভিতৰুৱাল গোপাল ধামত গৰখীয়া প্ৰীতি ভোজ

ABOUT THE AUTHOR

...view details