অসম

assam

দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হোৱা নগাঁও লোকসভা সমষ্টিৰ সমষ্টিভিত্তিক বিশ্লেষণ - Lok sabha election 2024

By ETV Bharat Assamese Team

Published : Apr 28, 2024, 10:10 AM IST

Updated : Apr 28, 2024, 10:51 AM IST

Nowgong Lok Sabha constituency: শান্তিপূৰ্ণভাৱেই সমাপ্ত হ’ল নগাঁও লোকসভা সমষ্টিৰ নিৰ্বাচন । 18 লাখ 17 হাজাৰ ভোটাৰ থকা নগাঁও সংসদীয় সমষ্টিৰ কোনো কোনো প্ৰান্তত নিশা পৰ্যন্ত চলিল ভোটগ্ৰহণ । 8 টা বিধানসভা সমষ্টিৰে গঠিত নগাঁও লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াইছিল মুঠ 13 গৰাকী প্ৰাৰ্থীয়ে ৷ কোন বিধানসভা সমষ্টিৰ কিমানগৰাকী ভোটাৰে সাব্যস্ত কৰিলে নিজৰ গণতান্ত্ৰিক অধিকাৰ ?

total polling in Nowgong Lok Sabha constituency
নগাঁও লোকসভা সমষ্টিত শান্তিপূৰ্ণভাৱে সম্পন্ন ভোটগ্ৰহণ

নগাঁও, 28 এপ্ৰিল : দ্বিতীয় পৰ্যায়ত অৰ্থাৎ 26 এপ্ৰিলত অনুষ্ঠিত হৈছিল ৰাজ্যৰ পাঁচটা সমষ্টিত ভোটগ্ৰহণ ৷ ৰাজ্যৰ পাঁচটা সমষ্টিৰ লগতে নগাঁও লোকসভা সমষ্টিতো শান্তিপূৰ্ণভাৱেই ভোটগ্ৰহণ সম্পন্ন হ’ল । নগাঁও আৰু মৰিগাঁও জিলাৰ মুঠ আঠটাকৈ বিধানসভা সমষ্টিৰে গঠিত নগাঁও লোকসভা সমষ্টিত শুকুৰবাৰ অৰ্থাৎ 26 এপ্ৰিলৰ পুৱাৰ পৰা ভোটগ্ৰহণ অনুষ্ঠিত হয় ৷

সংসদীয় সমষ্টিটোৰ কোনো ভোট কেন্দ্ৰত নিশা পৰ্যন্ত চলিল ভোটগ্ৰহণ । ভিতৰুৱা অঞ্চলৰ কেবাটাও ভোটকেন্দ্ৰত নিশা প্ৰায় দহ এঘাৰ বজা পৰ্যন্ত ভোটগ্ৰহণ হোৱা বুলি জানিব পৰা গৈছে । 18 লাখ 17 হাজাৰ 204 গৰাকী ভোটাৰ থকা নগাঁও লোকসভা সমষ্টিটোৰ পৰা এগৰাকী সাংসদ নিৰ্বাচন কৰিবলৈ মুঠ 15 লাখ 44 হাজাৰ 373 গৰাকী ভোটাৰে সাব্যস্ত কৰে নিজৰ ভোটাধিকাৰ ।

নগাঁও লোকসভা সমষ্টিৰ মুঠ 13 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিবলৈ 15 লাখ 44 হাজাৰ 373 গৰাকী ভোটাৰে নিজৰ নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাচত নগাঁও লোকসভা সমষ্টিৰ পূৰ্বৰ হোজাই জিলাৰ তিনিটা আৰু নগাঁও জিলাৰ এটা বিধানসভা সমষ্টি কৰ্তন কৰি নগাঁও জিলাৰে চামগুৰি, ধিং আৰু ৰূপহীহাট বিধানসভা সমষ্টি নতুনকৈ অন্তৰ্ভুক্ত হয় নগাঁও লোকসভা সমষ্টিত ।

নগাঁও লোকসভা সমষ্টিত শান্তিপূৰ্ণভাৱে সম্পন্ন ভোটগ্ৰহণ

নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টি

লোকসভা সমষ্টিটোত থকা মুঠ আঠটাকৈ বিধানসভা সমষ্টিৰ কিমানগৰাকী ভোটাৰে সাংসদ নিৰ্বাচনৰ বাবে ভোটদান কৰিলে এয়া হয়তো সকলোয়ে জানিব বিচাৰিছে । এনে সময়ত ই টি ভি ভাৰত অসমে লাভ কৰা চৰকাৰী তথ্য অনুসৰি মুঠ 2 লাখ 1 হাজাৰ 392 টা ভোটাৰ থকা নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টিৰ 1 লাখ 55 হাজাৰ 696 গৰাকী ভোটাৰে সাব্যস্ত কৰিছে ভোটদান । অৰ্থাৎ বৰ্তমান বিজেপিৰ বিধায়ক ৰূপক শৰ্মাই প্ৰতিনিধিত্ব কৰা নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টিৰ মুঠ ভোটদানৰ হাৰ 77.31 শতাংশ ।

ৰহা বিধানসভা সমষ্টি

নগাঁও জিলাৰে ৰহা বিধানসভা সমষ্টিৰ মুঠ 238,081 গৰাকী ভোটাৰৰ ভিতৰত 1 লাখ 89 হাজাৰ 298 গৰাকী ভোটাৰে ভোটদান কৰে । অৰ্থাৎ বিজেপিক সমৰ্থন কৰি কংগ্ৰেছৰ পৰা নিলম্বিত হোৱা বিধায়ক শশীকান্ত দাসে প্ৰতিনিধিত্ব কৰা ৰহা সমষ্টিত ভোটদানৰ হাৰ 79.51 শতাংশ ।

চামগুৰি বিধানসভা সমষ্টি

চামগুৰি বিধানসভা সমষ্টিৰ মুঠ 2 লাখ 13 হাজাৰ 130 গৰাকী ভোটাৰৰ 1 লাখ 90 হাজাৰ 495 গৰাকী ভোটাৰে ভোটদান কৰে । অৰ্থাৎ কংগ্ৰেছৰ বিধায়ক ৰকিবুল হুছেইনে প্ৰতিনিধিত্ব কৰা চামগুৰি সমষ্টিৰ ভোটদানৰ হাৰ 89.38 শতাংশ । নগাঁও সংসদীয় সমষ্টিৰ ৰূপহীহাট বিধানসভা সমষ্টিৰ মুঠ 2 লাখ 16 হাজাৰ 537 গৰাকী ভোটাৰৰ 1 লাখ 90 হাজাৰ 617 গৰাকী ভোটাৰে সাব্যস্ত কৰে ভোটদান । অৰ্থাৎ কংগ্ৰেছ বিধায়ক নুৰুল হুদাই প্ৰতিনিধিত্ব কৰা ৰূপহীহাট বিধানসভা সমষ্টিত মুঠ ভোটদানৰ হাৰ 88.03 শতাংশ ।

ধিং বিধানসভা সমষ্টি

ধিং বিধানসভা সমষ্টিৰ মুঠ 2 লাখ 22 হাজাৰ 263 গৰাকী ভোটাৰৰ 1 লাখ 94 হাজাৰ 613 গৰাকী ভোটাৰেই সাব্যস্ত কৰে ভোটাধিকাৰ । অৰ্থাৎ এ আই ইউ ডি এফৰ বিধায়ক তথা প্ৰাৰ্থী আমিনুল ইছলামৰ সমষ্টিত মুঠ ভোটদানৰ হাৰ 87.56 শতাংশ । নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত মৰিগাঁও বিধানসভা সমষ্টিৰ মুঠ 2 লাখ 3 হাজাৰ 186 গৰাকী ভোটাৰৰ 1 লাখ 64 হাজাৰ 133 গৰাকী ভোটাৰে সাব্যস্ত কৰে ভোটাধিকাৰ । অৰ্থাৎ বিজেপি বিধায়ক ৰমাকান্ত দেউৰীয়ে প্ৰতিনিধিত্ব কৰা মৰিগাঁও বিধানসভা সমষ্টিৰ ভোটদানৰ হাৰ 80. 78 শতাংশ ।

লাহৰীঘাট বিধানসভা সমষ্টি

লাহৰীঘাট বিধানসভা সমষ্টিৰ মুঠ 2 লাখ 83 হাজাৰ 634 গৰাকী ভোটাৰৰ 2 লাখ 56 হাজাৰ 603 গৰাকী ভোটাৰে ভোটদান কৰে । অৰ্থাৎ কংগ্ৰেছ বিধায়ক আছিফ নজৰে প্ৰতিনিধিত্ব কৰা লাহৰীঘাট বিধানসভা সমষ্টিত ভোটদানৰ হাৰ 90.47 শতাংশ । সংসদীয় সমষ্টিটোৰ জাগীৰোড বিধানসভা সমষ্টিৰ মুঠ 2 লাখ 38 হাজাৰ 981 গৰাকী ভোটাৰৰ 2 লাখ 2 হাজাৰ 918 গৰাকী ভোটাৰেই সাব্যস্ত কৰে ভোটাধিকাৰ । অৰ্থাৎ মন্ত্ৰী পীয়ুষ হাজৰীকাই প্ৰতিনিধিত্ব কৰা জাগীৰোড বিধানসভা সমষ্টিত মুঠ ভোটদানৰ হাৰ 84.91 শতাংশ ।

উল্লেখ্য যে, নগাঁও লোকসভা সমষ্টিটোৰ পৰা মুঠ 13 গৰাকী প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে যদিও মূল যুজঁখন কংগ্ৰেছ, বিজেপিৰ মাজত হোৱাৰেই সম্ভাৱনা আছে বুলি নগঞা ৰাজনৈতিক মহলে ধাৰণা কৰিছে । এইক্ষেত্ৰত সংখ্যালঘু ভোটাৰেই নিৰ্ণায়ক ভূমিকা গ্ৰহণৰ সম্ভাৱনা থকা নগাঁও লোকসভা সমষ্টিৰ সংখ্যালঘু অধ্যুষিত বিধানসভা সমষ্টিতেই ভোটদানৰ হাৰ অধিক হৈছে ।

লগতে পঢ়ক:দ্বিতীয় পৰ্যায়ৰ ভোটদানৰ দিনটোতে ছখনকৈ ৰে'লৰ যাত্ৰা বাতিল কৰাক লৈ প্ৰশ্ন আপৰ - Lok Sabha election 2024

Last Updated : Apr 28, 2024, 10:51 AM IST

ABOUT THE AUTHOR

...view details