মুছলমানৰ জনসংখ্যা বৃদ্ধিক লৈ মুখ্যমন্ত্ৰীয়ে গোকাট মিছা কৈছে : ৰিপুণ বৰা - Assam CM on Muslim Population - ASSAM CM ON MUSLIM POPULATION
Ripun Bora Slams Assam CM : ১৯৫১ চনৰ লোকপিয়ল মতে অসমত মুছলমান জনসংখ্যা আছিল ২৪.৬৮%, কিন্তু মুখ্যমন্ত্ৰীয়ে ১২ শতাংশ বুলি কৈছে । আনহাতে, ২০১১ চনৰ লোকপিয়ল মতে মুছলমান জনসংখ্যা ৩৪.২২% । জনসংখ্যা বৃদ্ধি এটা অৱধাৰিত প্ৰক্ৰিয়া । এইবোৰ ভুৱা কথা কৈ বিভাজন কৰিবলৈ চেষ্টা কৰিছে মুখ্যমন্ত্ৰীয়ে । মুছলমানৰ জনসংখ্যা বৃদ্ধি প্ৰসংগত মুখ্যমন্ত্ৰীয়ে আগবঢ়োৱা মন্তব্য সাম্প্ৰদায়িক আৰু অসাংবিধানিক আখ্যা ৰিপুণ বৰাৰ ।
সংবাদমেলত তেওঁ কয়, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমত মুছলমান সম্প্ৰদায়ৰ জনসংখ্যা ৪০% লৈ বৃদ্ধি আৰু তেওঁৰ চৰকাৰে প্ৰতিদিনে অবৈধ অনুপ্ৰৱেশকাৰীক ব্যাপক হাৰত চিনাক্ত কৰি বহিষ্কাৰ কৰা বুলি কৰা মন্তব্য সম্পূৰ্ণৰূপে ভুৱা, সাম্প্ৰদায়িক আৰু অসাংবিধানিক । তেওঁৰ দাবী, হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে ৰাইজক বিপথে পৰিচালিত নকৰি শুদ্ধ তথ্য ৰাইজৰ আগত প্ৰকাশ কৰক ।
ইয়াৰ উপৰি তৃণমূলৰ ৰাজ্যিক সভাপতিগৰাকীয়ে কয় যে ১৯৫১ চনৰ লোকপিয়ল মতে, অসমত মুছলমান জনসংখ্যা আছিল ২৪.৬৮%, কিন্তু মুখ্যমন্ত্ৰীয়ে ১২ শতাংশ বুলি কৈছে । আনহাতে, ২০১১ চনৰ লোকপিয়ল মতে অসমত মুছলমান জনসংখ্যা আছিল ৩৪.২২% । ১৯৫১ চনৰ পৰা ২০১১ চনলৈ ৬০ বছৰত অসমত ১০ শতাংশ মুছলমান জনসংখ্যা বৃদ্ধি পাইছে । জনসংখ্যা বৃদ্ধি হোৱাটো এক গতানুগতিক প্ৰক্ৰিয়া । কিন্তু এইবোৰ ভুৱা কথা কৈ মুখ্যমন্ত্ৰীয়ে বিভাজনৰ ৰাজনীতি কৰিবলৈ চেষ্টা কৰিছে ।
তেওঁ লগতে কয়, জনসংখ্যা বৃদ্ধিটো এটা ৰাষ্ট্ৰীয় সমস্যা । কিন্তু মুখ্যমন্ত্ৰীয়ে কিয় কেৱল মুছলমানৰ কথাটো উল্লেখ কৰিলে ? যিহেতু ২০১১ চনৰ পিচত দেশত লোকপিয়ল হোৱাই নাই, তেন্তে তেওঁ কিহৰ ভিত্তিত এই কথা ক'লে ? মুছলমান কাৰ্ডৰ পলিচীয়ে এতিয়া আৰু বিজেপিত কাম নিদিয়ে বুলিও তেওঁ দাবী কৰে ।