তিনিচুকীয়া : তিনিচুকীয়া জিলাৰ জাগুনত চাঞ্চল্যকৰ অপহৰণৰ ঘটনা । অস্ত্ৰধাৰী দুৰ্বৃত্তই অপহৰণ কৰি লৈ গ'ল ফেক্টৰীৰ কৰ্মচাৰীক । অসম-অৰুণাচল সীমান্তত অসম আৰক্ষী আৰু ভাৰতীয় সেনাই অভিযান অব্যাহত ৰাখিছে ।
অস্ত্ৰধাৰীয়ে কৰিলে অপহৰণ
আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলিপৰ নেতৃত্বত চলিছে এই অভিযান । ঘটনা সন্দৰ্ভত আৰক্ষী অধীক্ষকগৰাকীয়ে কয়, "৫-৬ জনীয়া অস্ত্ৰধাৰী দলে অপহৰণ কৰি লৈ গৈছে গৌতম বসুমতাৰী নামৰ কৰ্মচাৰীজনক । অপহৰণৰ সমগ্ৰ দৃশ্য চিচিটিভি কেমেৰাত বন্দী হৈছে । আমি ফুটেজ সংগ্ৰহ কৰিছো আৰু কোন পথেৰে কৰ্মচাৰীজনক লৈ গৈছিল সেই তথ্যও লাভ কৰিছো । আমাৰ তদন্ত চলি আছে । অৰুণাচল অঞ্চলত আমাৰ দল প্ৰৱেশ কৰিছে আৰু সীমান্তৰ প্ৰস্থান পইণ্টবোৰ আমি ছীল কৰিম ।"
ফেক্টৰীৰ কৰ্মচাৰীক অপহৰণ; আলফা স্বাধীন জড়িত থকাৰ সন্দেহ (ETV Bharat) জানিব পৰা মতে, বুধবাৰে নিশা প্ৰায় ১০ মান বজাত জাগুনৰ ৰাধা চেতিয়া নামৰ লোক এজনৰ ফেক্টৰীৰ কৰ্মচাৰীজনক অস্ত্ৰধাৰী দলে অপহৰণ কৰি লৈ যায় । এই খবৰ লাভ কৰাৰ পিছতে ফেক্টৰীটোত তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলিপ উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰে ।
আলফা (স্বাধীন) জড়িত থকা সন্দেহ
ইফালে এই ঘটনাত কোন জড়িত আছে সেই সন্দৰ্ভত স্পষ্টকৈ উত্তৰ নিদিলেও আৰক্ষী অধীক্ষকগৰাকীয়ে কোনো বিদ্ৰোহী সংগঠন হ'ব পাৰে বুলি ইংগিত দিয়ে । তদন্তৰ পাছত হে সঠিককৈ জনাব পাৰিব বুলি তেওঁ সদৰি কৰে । ইফালে আলফা স্বাধীনৰ এটা দলৰ গতিবিধিৰ তথ্য আছিল বুলিও তেওঁ উল্লেখ কৰে ।
ফেক্টৰীটোৰ মালিক ৰাধা চেতিয়াক কোনোৱে ধনদাবী বা ভাবুকি দিয়াৰ তথ্য আছে নেকি বুলি সোধাত সেয়া তদন্তৰ পাছত হে জানিব পাৰিব বুলি তেওঁ উল্লেখ কৰে । ফেক্টৰীটোৰ কৰ্মচাৰী গৌতম বসুমতাৰীক অপহৰণকাৰী দলটোৱে লৈ যোৱাৰ সময়ত পৰিচালকগৰাকীকো লৈ গৈছিল, কিন্তু কিছুদূৰ যোৱাৰ পাছতে কিছু কাৰণত পৰিচালকগৰাকীক অপৰহণকাৰী দলটোৱে মুকলি কৰি দিয়ে । ইতিমধ্যে অঞ্চলটোত সেনা-আৰক্ষীৰ যুটীয়া দল অভিযান তীব্ৰতৰ কৰি তুলিছে ।