তিনিচুকীয়া:একাংশ যুৱক-যুৱতীৰ উপদ্ৰৱৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সাধাৰণ ৰাইজৰ মাজত । দিন দুপৰতে ৰাজপথত তাণ্ডৱ চলাইছে উদণ্ড যুৱক-যুৱতীয়ে । এইবাৰ স্পৰ্ধাৰ চৰম সীমা অতিক্ৰম কৰিলে কাকপথাৰত । বৃহস্পতিবাৰে উপদ্ৰৱৰ সীমা অতিক্ৰম কৰি তিনিচুকীয়া জিলাৰ কাকপথাৰত দুই যুৱতীয়ে ৰাজপথতে পেট্ৰ’ল ঢালি জ্বলাই দিলে এখন স্কুটী ।
এই সমগ্ৰ শিহৰণকাৰী দৃশ্যাংশ বন্দী হ’ল কেমেৰাত । অভিযোগ অনুসৰি, দুই যুৱতীসহ কুলদ্বীপ মৰাণ নামৰ কাকপথাৰৰ এজন যুৱকে নিজৰ AS-23-Z-6483 নম্বৰৰ এল্ট’ বাহনখনেৰে গৈ কাকপথাৰ-তালাপ বাইপাছ পথত ৰৈ আছিল । সেই সময়তে ব্যৱসায় সূত্ৰে দীপাংকৰ মৰাণ নামৰ যুৱকজনে নিজৰ স্কুটীৰে উক্ত স্থান অতিক্ৰম কৰিছিল । তেতিয়াই কুলদ্বীপ মৰাণে দীপাংকৰ মৰাণক ৰ'বলৈ দিয়ে ।
তাৰ পাছত কিছু সাধাৰণ কথাতে দুয়োৰে মাজত বাক-বিতণ্ডা হয় আৰু তাৰ পাছতে কুলদ্বীপ মৰাণ আৰু দুই যুৱতীয়ে পেট্ৰ’ল ঢালি ৰাজপথতেই জ্বলাই দিয়ে দীপাংকৰ মৰাণৰ AS-23-AF-7138 নম্বৰৰ স্কুটীখন । পৰৱৰ্তী সময়ত উক্ত ঘটনা সন্দৰ্ভত কাকপথাৰ আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে ততাতৈয়াকৈ উক্ত ঘটনাৰ তদন্ত আৰম্ভ কৰে ।