তেজপুৰ, ২৭ এপ্ৰিল : ৰাজ্যত হস্তী-মানুহৰ সংঘাত অব্যাহত আছে । শোণিতপুৰ জিলাৰ ধীৰাই মাজুলী অঞ্চলত এই হস্তী-মানুহৰ সংঘাতে ল'লে ভয়ংকৰ ৰূপ । পুৱা এটা বনৰীয়া হাতীৰ আক্ৰমণত দুজন বনকৰ্মীসহ ৩ গৰাকী লোকে মৃত্যুক আঁকোৱালি ল'বলগীয়া হয় ।
পশ্চিম তেজপুৰ আঞ্চলিক বন প্ৰাধিকাৰী নিপেন কলিতাই ইটিভি ভাৰতক জনোৱা মতে বনৰীয়া হাতীৰ আক্ৰমণত বনৰক্ষী কোলেশ্বৰ বড়ো (৫২)আৰু বীৰেণ ৰাভা (৫৭)ৰ লগতে এগৰাকী স্থানীয় লোকৰ মৃত্যু হৈছে । আনহাতে পশ্চিম তেজপুৰ সদৰ আঞ্চলিক বন বিভাগৰ দিবাকৰ মালাকৰ নামৰ এজন বন বিষয়াও গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে । পুৱা প্ৰায় ৪ মান বজাত হাতীটোৱে ঢেকীয়াজুলিৰ ধীৰাই মাজুলীৰ এখন ব্যক্তিগত চাহ বাগিচাত প্ৰৱেশ কৰে । তাৰ সমীপত যতীন তাঁতী নামৰ ৬১ বছৰীয়া লোকজনক হাতীটোৱে আক্ৰমণ কৰে । ফলত লোকজনৰ মৃত্যু হয় ।