গুৱাহাটী, ২৮ মে’:ৰেমলৰ প্ৰভাৱত প্ৰৱল ধুমুহা আৰু বৰষুণৰ কৱলত পৰিছে ৰাজ্য । সাগৰীয় ঘূৰ্ণিবতাহ ৰেমলৰ বাবে যোৱানিশাৰে পৰা ৰাজ্যজুৰি অব্যাহত আছে ধুমুহা-বৰষুণৰ তাণ্ডৱ । নিশাৰে পৰা হোৱা প্ৰৱল ধুমুহা আৰু বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিস্তৰ ক্ষয়-ক্ষতি হৈছে । বিভিন্ন স্থানত গছ বাগৰি পৰাৰ ফলত সংঘটিত হৈছে বহুকেইটা ঘটনা । গুৱাহাটী মহানগৰীত গছ উভালি পৰাৰ বাবেই এজন যুৱকৰ মৃত্যু হয় । ঘৰত শুই থকা অৱস্থাত বৃহৎ চেগুন গছ পৰি মৃত্যু হোৱা যুৱকজনৰ নাম মিণ্টু তালুকদাৰ । এই ঘটনাত যুৱকজনৰ পিতৃও আঘাতপ্ৰাপ্ত হয় ।
পাঞ্জাবাৰীৰ হিল চাইডৰ নৱজ্যোতি নগৰৰ ৪নং বাইলেনৰ বাসিন্দা মিণ্টু তালুকদাৰৰ বয়স ১৯ বছৰ । মিণ্টু তালুকদাৰ দিছপুৰ কলেজৰ স্নাতক মহলাৰ ছাত্র আছিল । ঘটনাটো পুৱতি নিশাৰ । শুই থকা অৱস্থাতে প্ৰচণ্ড ধুমুহাত এজোপা বৃহৎ গছ উভালি ঘৰৰ ওপৰত পৰে । এই ঘটনাত বিবেক তালুকদাৰ (৫৪) আৰু তেওঁৰ পুত্র মিণ্টু তালুকদাৰ আঘাতপ্ৰাপ্ত হয় । তেওঁলোকক লগে লগে ছয়মাইলৰ জি এন আৰ চি হাস্পতাললৈ নিয়া হয় যদিও মিণ্টু তালুকদাৰৰ ইতিমধ্যে মৃত্যু হয় । আনহাতে বিবেক তালুকদাৰক চিকিৎসাৰ পাচত ঘৰলৈ যাবলৈ দিয়া হয় । এই ঘটনাত অঞ্চলটোত শোকৰ ছাঁ পৰিছে ।
লগতে পঢ়ক:কালঘূৰ্ণি ৰেমলৰ প্ৰভাৱত ধুমুহা-বৰষুণৰ কবলত ৰাজ্য, বন্ধ শিক্ষানুষ্ঠান - Cyclone Remal
অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জনোৱা মতে শেহতীয়া ২৪ ঘণ্টাত ৰাজ্যৰ ১৪ খন জিলা ক্ৰমে বঙাইগাঁও, চিৰাং, দৰং, ধুবুৰী, হোজাই, কামৰূপ, কামৰূপ মহানগৰ, কাৰ্বি-আংলং, কোকৰাঝাৰ, মৰিগাঁও, নগাঁও, শোণিতপুৰ, দক্ষিণ শালমাৰা, পশ্চিম কাৰ্বি আংলং জিলা ধুমুহাৰ কৱলত পৰিছে । আনহাতে ৫১ খন ৰাজহ চক্ৰ ধুমুহাৰ ফলত ক্ষতিগ্ৰস্ত হৈছে । ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জনোৱা মতে ক্ষতিগ্ৰস্ত এলেকাসমূহত এন ডি আৰ এফ, এছ ডি আৰ এফ, জৰুৰীকালীন সেৱা, আৰক্ষীৰ জোৱানে সংশ্লিষ্ট জিলা প্ৰশাসনক সহযোগিতা আগবঢ়াইছে । ৰাস্তাত পৰা গছসমূহ আঁতৰাই যাতায়াত ব্যৱস্থা সুচল কৰা হৈছে ।