তেজপুৰ, ২ মে':শোণিতপুৰ জিলাত ক্ৰমাৎ বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত ৷ ৰাজ্যখনৰ ভিতৰতে শোণিতপুৰ জিলাত এই সংঘাত অতি উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ৷ বিগত 27 এপ্ৰিলত জিলাখনৰ বৰচলা সমষ্টিৰ ধীৰাই মাজুলীত বন্যহস্তীৰ আক্ৰমণৰ ফলত দুজন বনকৰ্মীৰ লগতে নিহত হৈছিল এজন স্থানীয় লোক ৷ এই সংঘাতৰ ফলত বিগত পাঁচ বছৰত জিলাখনত হাতী-মানুহৰ সংঘাতত মৃত্যুবৰণ কৰা লোকৰ সংখ্যাই স্পৰ্শ কৰে 30 ৰ ঘৰ ৷
এই পাঁচ বছৰৰ ভিতৰত দেখা পোৱা যায় যে, 2021 চনত হাতী-মানুহৰ সংঘাতৰ ফলত সৰ্বাধিক 9 জন লোকৰ মৃত্যু ঘটাৰ বিপৰীতে প্ৰাণ হেৰুৱাই দুটাকৈ হাতীয়ে ৷ শোণিতপুৰ জিলা বন বিভাগৰ তথ্য অনুসৰি, 2019 চনত 3 জন লোকৰ মৃত্যু হোৱাৰ লগতে এটা হাতীৰ মৃত্যু ঘটে ৷ পৰৱৰ্তী সময়ত অৰ্থাৎ 2020 চনত 5 গৰাকী লোক আৰু 5 টাকৈ বন্যহস্তী মৃত্যুমুখত পৰে ৷
2021 চনত হাতীৰ আক্ৰমণৰ ফলত 9 জন লোকে প্ৰাণ হেৰুৱাই আৰু 2 টা হাতীৰ মৃত্যু ঘটে ৷ 2022 চনত 3 জন লোক আৰু 2 টা বনৰীয়া হাতী, 2023 চনত হাতীৰ আক্ৰমণৰ ফলত 7 জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে 6 টা হাতীৰ মৃত্যু হয় ৷
চলিত বৰ্ষৰ এপ্ৰিল মাহলৈ এটা বনৰীয়া হাতীয়ে একেদিনাই 3 জনকৈ লোকক আক্ৰমণ কৰাত লোককেইজনৰ মৃত্যু ঘটে ৷ তদুপৰি এই সময়চোৱাত দুটাকৈ হাতীৰ মৃত্যু হয় ৷ অৰ্থাৎ প্ৰায় পাঁচ বছৰত হাতীৰ আক্ৰমণত শোণিতপুৰত ৩০ জনকৈ লোকৰ মৃত্যু ঘটে ৷
জিলাখনৰ এই হাতী-মানুহৰ সংঘাতৰ বাবে বিগত বৰ্ষত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ বিশিষ্ট আৰ টি আই কৰ্মী তথা অৰণ্য সুৰক্ষা সমিতিৰ সদস্য দিলীপ নাথে পত্ৰ প্ৰেৰণ কৰে ৷ এই পত্ৰৰ উত্তৰ হিচাপে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা অসম চৰকাৰৰ মুখ্য সচিব আৰু বন বিভাগলৈ আহে এক পত্ৰ ৷ প্ৰধানমন্ত্ৰী কাৰ্যালয়ে বিষয়টো পৰ্যালোচনা কৰি সঠিক উত্তৰ দিয়াৰ বাবে জাৰি কৰিছিল নিৰ্দেশ ৷